প্ৰশস্তি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৩ assamese chapter 3 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

প্ৰশস্তি
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ৩
assamese chapter 3
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna

প্ৰশস্তি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ৩ assamese chapter 3 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna


ভাব বিষয়ক


১) অতি চমু উত্তৰ দিয়া ।
ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰ:- ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।


খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তৰ:- ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল -
সদৰী আৰু নৱমল্লিকা।


গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰ:- প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।


ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰ:- মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।


ঙ) জল , স্থল আৰু ক ' ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰ:- জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।


চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰ:- কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।


২) কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰ:-  ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে প্রকৃতিৰ বিভিন্ন বস্তু ন-ৰূপত পৰিস্ফুট কৰিছে । কবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত হোৱাৰ কথা ব্যক্ত কৰিছে । নতুন নতুন গছৰ কুঁহিপাত মেলি প্রকৃতিক সাদৰি অনাৰ বিষয়ে উল্লেখ কৰিছে। প্রকৃতিৰ মন-প্রাণ হৰি নিয়া ফুল বোৰৰ কথা কৈছে যি আনন্দ মনেৰে ফুলি উঠিছে । প্রকৃতিৰ সৌন্দৰ্য আরু সুগন্ধি বিলাই ৰবাব ফুলে মন্দিৰৰ উপেক্ষিতত প্রেমৰ সুবাস বিয়পাইছে । গছৰ ডাল-পাতত বিভিন্ন নানা বন চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাইছে ।
 জলভাগ, স্থলভাগ, আকাশ আদি সকলোতে দেৱতাসকলৰ মহা অভিযান বিৰাজমান হৈছে । সুভ ক্ষণত কীচক বেণু (কীচক বাঁহৰ বেণু)য়ে বতাহত মহামহিমৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ গীত গাইছে । কবিয়ে এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ সকলো ভক্ত মানৱক আৰু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে ।    


৩) কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰ:- কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।


৪) কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
উত্তৰ:- প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ – লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।


৫) ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰ:- ‘প্রশস্তি’ শব্দৰ অৰ্থ হ’ল- আৰাধনা বা গুণানুকীৰ্তন কৰা । ‘প্রশস্তি’ নামৰ কবিতাটোত কবি ‘ৰঘুনাথ চৌধাৰী’ দেৱে ভগৱানৰ সৃষ্টি প্রকৃতিৰ বিভিন্ন বস্তু ন-রূপত পৰিস্ফুট কৰিছে । কবিজনাই সূৰ্যৰ পোহৰে সমগ্র পৃথিৱীৰ দশোদিশে ৰঙীণ পোহৰৰ উদ্ভাসিত হোৱাৰ কথা ব্যক্ত কৰিছে । নতুন নতুন গছৰ কুঁহিপাত মেলি প্রকৃতিক সাদৰি অনাৰ বিষয়ে উল্লেখ কৰিছে । প্রকৃতিৰ মন-প্রাণ হৰি নিয়া ফুল বোৰৰ কথা কৈছে যি আনন্দ মনেৰে ফুলি উঠিছে ।
প্রকৃতিৰ সৌন্দৰ্য আরু সুগন্ধি বিলাই ৰবাব ফুলে মন্দিৰৰ উপেক্ষিতত প্রেমৰ সুবাস বিয়পাইছে । গছৰ ডাল-পাতত বিভিন্ন নানা বন চৰাই-পক্ষীয়ে সুমধুৰ সুৰত গীত গাইছে । জলভাগ, স্থলভাগ, আকাশ আদি সকলোতে দেৱতাসকলৰ মহা অভিযান বিৰাজমান হৈছে । কবিজনাৰ মতে এতিয়া, বদ, অমঙ্গলীয়, গেলা মলযুক্তৰ পানীৰ দৰে দুৰ্গুন্ধ বিষয়ৰাজি, আদিৰ অন্ত পৰিছে আরু লগতে আন্ধাৰ বা কাল ৰাতিৰো শেষ হৈছে ।
 কবিয়ে, সেয়েহে ঋষি মুণি, ধ্যানী লোকসকলক, পুৰোহিত, মানুহ আদি সকলোকে জাগিবৰ বাবে আরু মুক্তিৰ পথ বিচৰাৰ নিমিত্তে আহ্বান জনাইছে । এই সুভ ক্ষণত কীচক বেণু (কীচক বাঁহৰ বেণু)য়ে বতাহত মহামহিমৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ গীত গাইছে । কবিয়ে সকলো মানৱক এই প্রকৃতিৰ অপূৰ্ব বিনন্দীয়া ক্ষণত মোহ, তন্দ্রা বা টোপনী, আদি ত্যাগ কৰি ভগৱানৰ সুন্দৰ রূপৰ ধ্যান কৰি আৰাধনা বা গুণানুকীৰ্ত্তন কৰিবলৈ আরু মুক্তিৰ পথ প্রশস্ত কৰিবলৈ সকলো ভক্ত মানৱক আরু মুক্তিৰ পথ বিচৰা লোকবৃন্দক আহ্বান জনাইছে । কবিতাটিত এইদৰে  প্রকৃতিৰ সুধাৰ মাজত ভগৱানৰ সুন্দৰ সাধনা লুকাই আছে ৷


৬) উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , |
                         উঠা যত মুক্তি পথযাত্রী ।
        কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ:- কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ – যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া – মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।


৭) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ:-  'প্ৰশস্তি' কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া – মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।
         মানৱ জীৱন দুদিনীয়া মায়া – মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক 'অমৃতৰ পুত্ৰ' সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।


৮) ব্যাখ্যা কৰা-
ক ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
             ছন্দভৰা সুমধুৰ তান ,
        জল স্থল অন্তৰীক্ষ সকলােতে যেন |
             দেৱতাৰ মহা অভিযান ।
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ 'প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
         সংগতি: এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।
           বাখ্যা: সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে – পানীয়ে, আকাশে – বতাহে, গছে – বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।


খ ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
              শেষ হ’ল মহা কালৰাত্রি ,
        উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
               উঠা যত মুক্তি পথযাত্রী ।
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ 'প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
          সংগতি: এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।
           বাখ্যা: এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ – যন্তণা প্ৰধান। সংসাৰৰ মায়া – মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।


গ ) মােহন কীচক বেণু অনাহত ছন্দে
               গায় মহামহিমৰ গান ,
        মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
               সুন্দৰৰ কৰা ৰূপধ্যান ।
উত্তৰ:-  প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
           সংগতি: এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া – মোহ ত্যাগ কৰাৰ কথা কৈছে ।
            বাখ্যা: কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া – মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া – মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।


ভাষা বিষয়ক 


১) অর্থ লিখা-
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰ:- কিলশয় – কোঁহ, কুঁহিপাত, তন্ত্ৰালস।
চিত্ৰহাৰী – মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ।
তন্ত্ৰালস – ক্লান্ত, টোপনি যোৱা অৱস্থা।


২) বাক্য ৰচনা কৰা-
  দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰ:- দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।
অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।
মোহ- ম&#249#2495;ছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।


৩) সমার্থক শব্দ লিখা-
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
উত্তৰ:- তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ – মধুৰত্ব, ঘুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।

*

Post a Comment (0)
Previous Post Next Post