সবাতোকৈ আপোন
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১
assamese lesson 1
class 6 assamese question answer assamese medium
class 6 AssamQna
৩৷ কোৱা আৰু লিখা ৷
(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?
উত্তৰ:- কবি নৱকান্ত বৰুৱাদেবে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ৷
(খ) কবিয়ে প্ৰাণৰ চিনাকী বুলি কাৰ কাৰ কথা কৈছে ?
উত্তৰ:- কবিয়ে স্বদেশৰ নগৰ, গাওঁ, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে ৷
(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?
উত্তৰ:- কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কুমলীয়া ভাব প্ৰকাশ কৰা বুলি কৈছে ।
(ঘ) কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ?
উত্তৰ:- নিজ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কবিয়ে আশা কৰিছে ৷
(ঙ) সুধীশাল পৃথিৱীত কেনেকৈ, কাৰ স’তে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?
উত্তৰ:- সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ডোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে ৷
৪। কবিতাটিৰ মূলভাব লিখা-
উত্তৰ:- কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে- ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো।আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে- ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে- আমি আমাৰ মাতৃভষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰোঁ। সেইফালৰ পৰা মাতৃভষা আমাৰ বাবে সবাতোকৈ আপোন।
৫। পাঠৰ পৰা অন্ত্যধ্বনি থকা শব্দবোৰ মিলাই লিখা।
উত্তৰ:- আই - চিনাই
চহকী - চিনাকী
সুৰীয়া - কুমলীয়া
জগত - লগত
সুখ - দুখ
৬ ৷ নিৰ্দিষ্টতাবাছক প্ৰত্যয়টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷
উত্তৰ:- তিৰোতা + জনী = তিৰোতাজনী
ছাতি + টো = ছাতিটো
কেঁচুৱা + টি = কেঁচুৱাটি
ঘৰ + টো = ঘৰটো (‘গৃহ’ অৰ্থত)
ঘৰ + খন = ঘৰখন (‘পৰিয়াল’ অৰ্থত)
কিতাপ + খন = কিতাপখন
ছোৱালী + জনী = ছোৱালীজনী
ফুলনি + খন = ফুলনিখন
নৈ + খনি = নৈখনি
পৰ্বত + খন = পৰ্বতখন
৭। বাক্য ৰচনা কৰা।
উত্তৰ:- শুৱনি:- পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে।
সুৰীয়া:- আমাৰ মাতৃভাষা সুৰীয়া নহলেও আমাৰ বাবে সদায় আপোন।
ধুনীয়া:- পঞ্চী দেশিবলৈ ধুনীয়া যদিও পঢ়িৱলৈ নোৱাৰে।
চহকী:- মানুহজন চহকী যদিও অহংকাৰী নহয় ।
কুমলীয়া:- ৰহিমে নিজৰ মননৰ ভাব ঋষভৰ আগত কুমলীয়া ভাবে প্ৰকাশ কৰিলে ।
সুবিশাল:- সুবিশাল পৃথিৱীত হাতে-হাতে ধৰা-ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে।
৮ । কবিতাটিৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি লিখা
উত্তৰ:- গছ — লতা
নগৰ —গাঁও
জান—জুৰি
সুখ— দুখ
স্নেহ—শান্তি
৯। তলত দিয়া শব্দবোৰৰ নঞৰ্থক ৰূপবোৰ লিখা।
উত্তৰ:- হ'ব - নহ'ব।
ধোওঁ - নোধোওঁ।
শুনা - নুশুনা।
কৰোঁ - নকৰোঁ।
খেলোঁ - নেখেলোঁ।
যাম - নাযাম।
দিম - নিদিম।
লিখোঁ - নিলিখোঁ।
১০ । কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা –
উত্তৰ:- আই - সবাতো
গছ - শুৱনি
লতা - আপোন
ফুল - ধুনীয়া
ধৰণী - চহকী
দেশ - সুৰীয়া
নগৰ - কুমলীয়া
গাঁও - সুবিশাল
১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।
(ক) মই মোৰ আইক _______ পাওঁ ।
উত্তৰ:- ভাল
(খ) মই মোৰ মাতৃভাষাক _______& কৰোঁ ।
উত্তৰ:- শ্ৰদ্ধা
(গ) আমি আমাৰ স্বদেশক লৈ ______ বোধ কৰো ।
উত্তৰ:-
১৬ । সাঁথৰ ভাঙা —
ক) নাকত বহি
কাণত ধৰে
এনে কি বস্তু
ভাল পায় নৰে ?
উত্তৰ:- চচ্মা
খ) ক আইটি টপৰাই
কাটি নিলে বাঢ়ি যায় ।
উত্তৰ:- সূতা
গ) দি মৰিল কোন
উত্তৰ:- দধাচি
ঘ) নিদি মৰিল কোন ?
উত্তৰ:- দুৰ্যোধন
ঙ) নি মৰিল কোন ?
উত্তৰ:- ৰাৱণ
চ) নকৈ মৰিল কোন ?
উত্তৰ:- জয়মতী
