ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য Lesson 9 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য
Lesson 9 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


১) অতি চমু উত্তৰ দিয়াঃ
ক) প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি  বোলা হৈছিল ?
উত্তৰ:-
প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বুলি কোৱা  হৈছিল ।


খ) বুদ্ধদেৱৰ অচল নাম কি ?
উত্তৰ:-
বুদ্ধদেৱৰ অচল নাম হল গৌতম, সিদ্ধৰ্থ আৰু শাক্যসিংহ ।


গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন ?
উত্তৰ:-
মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা আছিল বেদব্যাস।


ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰ:-
কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল কণিষ্ক ।


ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ?
উত্তৰ:-
জৈন ধৰ্মৰ প্ৰৱৰ্তক মাহাবীৰ ।


২) কি কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা?
উত্তৰ:-
ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ আহা বিভিন্ন মানব জাতিৰ ধৰ্ম - ভাষা আচাৰ - ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।


৩) ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান  কি কাৰমে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা ।
উত্তৰ:-
ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান  এই কাৰণে বৈচিত্ৰযপূৰ্ণ বুলি কোৱা হৈছে যে সমতলভূমি, আনফালে বিৰাট মালভূমি, একেফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয়, এফালে গীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ আনফালে মৰুভূমি ।


৪) আৰ্য সকল ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ:-
আৰ্য সকল ভাৰতলৈ অহাৰ  পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁত বৈ আহিছে। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি, ভাৰত বৰ্ষত ৰাজ্য স্হাপন কৰে। সেই সকলৰ ভিতৰত শক, কুশান, পাঠান মোগল, পতুগ্ৰীজ, ইংৰাজ, ফৰাছী , আদিয়েই প্ৰধান। এই বিজেতা সকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয় লগতে নিজকে মিলাই দিছিল।


৫) ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।
উত্তৰ:-
  ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ এনেকুৱা, পূব আৰু দক্ষিন আৰু ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্ত উত্তৰ মধ্য আৰু পশ্চিম  ভাৰতীয় মানুহৰ প্ৰধান খদ্য ৰুটী । উত্তৰ, দক্ষিণ, পশ্চিম  ভাৰতৰ উচ্চ মাজত মাছ-মাংস নচলে কিন্ত পূব ভাৰতৰ প্ৰায় সকলো লোকেই মাছ-মাংস খায় ।


৬) ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ:-
ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে তলত উল্লেখ কৰা হল - পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিন ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অবশ্যে বৰ্তমান শিক্ষিত সমাজত লংপেন্টৰ প্ৰচলনেই আধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰি যদিও অসমীয়া তিৰোতাই চাদৰ মেখেলা আৰু উত্তৰ ভাৰতৰ তিৰোতা সকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে।


৭) আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া ।
উত্তৰ:-
আৰ্যসকল ভাৰতলৈ অহাৰ বহুদিনৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল প্ৰতাপী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য় স্থাপনাৰ চেষ্টা কৰে ।  সেই সলকৰ ভিতৰত শক, কুশন,  পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান ।

   শক এটা যাযাবৰী জাতি । অক্ষু নদীৰ পাৰত বাস কৰা এই জাতিৰ লোকসকলে পাছলৈ গৃহস্থী জীৱন-যাপন কৰিবলৈ লয় । এই জাতিটো পাঁচটা শাখাত বিভক্ত হৈ পৰে । তাৰ ভিতৰত কুশান বংশই শ্ৰেষ্ঠ । কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক ।

     পৰ্তুগীজসকলে ইউৰোপৰ  পৰ আহি ভাৰতৰ গোৱা অঞ্চলত ব্যৱসায় আৰাম্ভ কৰিছিল । তেওঁলোকৰ আগমনে ভাৰতলৈ ইউৰোপসকলৰ প্ৰব্ৰজন আৰাম্ভ কৰিলে । তেওঁলোক  সাহসী নৌ-বিদ্যাত পাকৈত জাতি আছিল ।


৮) "যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্হান বিশেষে ঐক্যৰ সেতু নিৰ্মান কৰি দিছে "-- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উত্তৰ:-
ভাৰতবৰ্ষ এখন অতি পুৰণি সু সভ্য ঐতিহ্যপূৰ্ণ দেশ। যিবোৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্হান বিশেষে ঐক্যৰ সেতু নিৰ্মান কৰি দিছে যেন ই বহু ৰঙীন সূতাৰে গুঠা এখনি ফুলাম দলিচাহে। উদাহৰণ স্বৰূপে অসমত থকা বিহু, মুছলমান, শিখ, খ্ৰীষ্টান আদি লোক সকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পূৰণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতি ৰূপে বান্ধি ৰাখিছে। আনহাতে, অসমীয়া হিন্দু এজনৰ ভাষা আৰু প্ৰচাৰ নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ - নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। সেয়েহে অামি কব পাৰো যে ভাৰতবৰ্ষ বিভিন্ন জাতি, ধৰ্ম, ভাষা- সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ।


৯) “ঐকৈ স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি ।” - এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষন কৰা ।
উত্তৰ:-
  ভাৰতৰ ঐক্য স্হাপনত ভৌগলিক পৰিৱেশত সংস্কৃত ভাষা আৰু সুকুমাৰ কলাৰ এক বিশেষ গুৰত্ব আছে ।  ভাৰতৰ ভৌগলিক অৱস্থান বিভিন্ন । এফালে পৰ্বত-পাহাৰ, আনফালে সমতল, এফালে সেউজ-সুন্দৰ মনোৰম প্ৰকৃতি, আনফালে মাজত ৰূপ, এফালে দ্বীপ, আনফালে জলাশয়- এই বিচিত্ৰ ভৌগলিক অৱস্থানৰ মাজত ঐক্যতান আছে ।  দেশখনৰ ভিতৰতে বিভিন্নতা থাকিলেও এই বিভিন্নতাবোৰ এই স্থলভূমিক এক সুকীয়া ৰূপ দিছে।ইয়াৰ জলবায়ু তথা ইয়াৰ গঠনে ইয়াক অনন্য কৰি ৰাখিছে ।

    আনহাতে সংস্কৃত ভাষাই ভাৰতৰ ঐক্যত এক বিশেষ বৰঙণি যোগাইছে  সংসকৃত ভাষাত ৰচিত বেদ উপনিষদৰ চিন্তা-ভাৱনাই ভাৰতীয় মানুহক আৱৰি ৰাখিছে ।এই দৰ্শনক সন্মুখত ৰাখিয়েই ভাৰতীয় সন্তানে বিকাশ লাভ কৰিছে।গতিকই এই দৰ্শন বা পৰম্পৰা আমাৰ ঐক্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপুৰ্ণ। তদুপৰি ভাৰতবৰ্ষৰ ভালেমানে সংস্কৃতিৰ পৰ উদ্ভৱ হোৱা । অসমীয়া, বঙালী, উৰিয়া, মৈথিলী, আদি ভাষালৈ চালে এই কথা প্ৰমাণিত হয় ।

   সুকুমাৰ কলাই ভাৰতৰ মহান ঐক্য সাধনত বিষেশ ভূমিকা পালন কৰিছে । চিত্ৰকলা., স্থাপত্য, ভাস্কৰ্য এই সকলো কলাতে এটা ভাৰতীয় ঠাচ্ আছে । একে ধৰণৰ হেতুকে সংমিশ্ৰণৰ মাজেৰে এক বা বিভিন্নজন শাসকে বিভিন্ন বস্তৰ প্ৰতি গুৰত্ব দিয়া সাধনত বিশেষ বৰঙণি যোগাইছে ।


১০) "ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত।" - তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ:-
বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৄদ্ধ কৰি তুলিছে সিয়েই হৈছে ভাৰতীয় সংস্কৃতি। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল। কিন্তু কোনোয়ে কেবল নিজৰ টোকে ধৰি ৰাখিব পৰা নাই। ভাষা, ধৰ্ম বা অঞ্চল বিষেষৰ পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকৰ মাজৰ এতি সামূহিক মিল আছে। সেয়া  হল সংস্কৃতিৰ মিল। এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান, মক্কাত বা জেৰুচামেলত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হব ভাৰতীয়ে । কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যামান। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছ। সেয়ে " ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত বুলি" কোৱা হৈছে


১১) চমু উত্তৰ লিখাঃ
ক) কোনবোৰ লোক মংগোলীয় গোষ্টীৰ ।
উত্তৰ:- 
আহোম, নগা, বড়ো, নমিচিং, কাৰ্বি, গাৰো, ৰাভা, মিজো, আদি লোসকল মংগোলীয় গোষ্ঠীৰ ।


খ) সুকুমাৰ কলা কোনবিলাক ?
উত্তৰ:-
কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য- এই পাঁচবিধক সুকুমাৰ কলা বোলে ।


গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ?
উত্তৰ:-
বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মাহাভাৰত, আদি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ।


১২) কি কি পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এতি সামূহিক মিল আছে।
উত্তৰ:-
ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এতি সামূহিক মিল আছে।


১৩) উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধন কৰে তাৰ এটি বৰ্ণনা দিয়া ।
উত্তৰ:-
ভাৰতীয় নাৰীৰ মাজত শাড়ীৰ জনপ্ৰিয়তা বেছি যদিও উত্তৰ ভাৰতৰ তিৰোতাসকল চুৰিদাৰ-পায়জামা আদি পৰিধান কৰে । উত্তৰ ভাৰতত গৰম জলবায়ুৰ বাবে বিছিকৈ গৰম পৰে বাবে কপাহী, ঢিলা, আহল-বহল পোছাক ব্যৱহাৰ প্ৰচলন বেছি । তদুপৰি  ইয়াত মোগল শাসনৰ প্ৰভাৱ থাকি যোৱা বাবে তিৰোতাসকলৰ সাজপাৰত শালীনতা, গাম্ভাৰ্যতাৰ পৰিচয় পোৱা যায় ।


১৪) চমুকৈ লিখা :
ক) সুকুমাৰ কলা : কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া। কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কুমলাৰ পৰে, কলা ৬৪ বিধ।  ইয়াৰে ভিতৰত কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধক সুকুমাৰ কলা বোলে।


খ) সংগীত : সংগীত হৈছে সুকুমাৰ কলাৰ এক অন্যতম বিভাগ। গীত, বাদ্য, আৰু আৰু নৃত্যৰ সমলয়কে সংগীত। এই কলাই সকলোকে আকৰ্ষিত কৰে। সংগীতৰ স্তৰ সাত টা। ক্ৰমে সা, ৰে, গা, মা, পা, ধা, নি।


গ) ব্যাস : ব্যাস হল প্ৰাচীন কালৰ এজন মূনি।তেওঁ মহামূনি পৰাশৰৰ পুত্ৰ আাছিল। তেওঁৰ প্ৰকৄত নাম আছিল কৃষ্ণ দ্বৈপায়ন। তেখেত মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হিচাপে জগত বিখ্যাত। বেদ ব্যাস কৰি তেখেত বেদ ব্যাস হিচাপে জনমানসত প্ৰখ্যাত হয়।


ঘ) মক্কা : মক্কা আৰব দেশৰ ৰাজধানী আছিল। ইয়াৰ মাজতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল। প্ৰাচীন এই চহৰখনক ইছলাম ধৰ্মৰ মানুহে পবিত্ৰ তীৰ্থস্থান জ্ঞান কৰে।


১৫) ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। - কথাষাৰ বহলাই লিখা ।
উত্তৰ:-
ভাৰতবৰ্ষই সঁচাই এখন পুৰণি সুসভ্য আৰু ঐতিহ্যপুৰ্ণ  দেশ । লিখকে ভাৰতবৰ্ষৰ বিত্ৰিতাৰ প্ৰতি লক্ষ্য ৰাখি এই মন্তব্য কৰিছে । লিখকৰ মন্তব্য প্ৰতিপাদিত কৰাৰ বাবে তেওঁ দেখুৱাইছে যে ভাৰতৰ ভৌগলিক অৱস্থান, ভাষা, ধৰ্ম, জাতি, খাদ্য, আচাৰ-ব্যৱহাৰ  আদিৰ বিভিন্নতাই এক বৈচিত্ৰপূৰ্ণ  সংস্কৃতিৰ জন্ম দিছে । ইয়াৰ বেদ-বেদন্ত আদি সাহিত্যৰ ঐতিহ্যিই তথা ঋষি মুনুসকলৰ কীৰ্তীয়ে  এই দেশক মহিমামণ্ডিত  কৰি ৰাখিছ।

  ভাৰতবৰ্ষ সাহিত্য তথা সাধনাই প্ৰংমাণ কৰে এই দেশ কিমান প্ৰচীন । ইয়াৰ আদৰ্শ আৰু চিন্তাৰ বৈচিত্ৰ্যই এই দেশক সুসভ্য  আৰু ঐতিহ্যপূৰ্ণ বুলি প্ৰমাণিত কৰিছে । ড°শৰ্মাদেৱে ভাৰতবৰ্ষৰ এই জীৱন-ধাৰা তথা সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতি গুৰত্ব দিয়েই এইষাৰ মন্তব্য কৰিছে ।


ভাষা বিষয়ক:

১৭) তলৰ শব্দ বোৰৰ সন্ধি ভাঙা।
উত্তৰ:-
অনুষ্ঠান – অনু + স্হান
             জনাকীৰ্ন– জনা +  অকীৰ্ন
              স্বাধীন– স্ব +অধীন
              জন্মাষ্টমী – জন্ম + অষ্টমী


১৮) তলৰ শব্দ বোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা :
উত্তৰ:-
শাৰিৰীক – শৰীৰ + ইক
             সামাজিক – সমাজ +ইক
             ভৌগোলিক – ভূগোল + ইক
             ফুলনি – ফুল + অনি
              ভাৰতীয় – ভাৰত + ইয়
               ফুলাম – ফুল + আম
               অবিনাশী – অবিনাশ+ ঈ


১৯) প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা :
উত্তৰ:-
হেতু – কাৰণ
            পৃথিৱী– জগত, ধৰনী
             গ্ৰন্থ– কিতাপ, পুথি
             মাতা – মা, মাতৃ


২০) বিপৰীত শব্দ লিখা।
উত্তৰ:-
পাৰ্থক্য –সাদৃশ্য
             ত্যাগ – গ্ৰহণ
             বৈচিত্ৰ্য – ঐক্য
              প্ৰাচীন – আধুনিক

*

Post a Comment (0)
Previous Post Next Post