বৰগীত
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১
assamese chapter 1
class 10 assamese science question answer assamese medium
seba hslc class 10 AssamQna
ভাৱ বিষয়ক
১) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া-
ক) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।''
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
উত্তৰ:- কবিয়ে ভগৱাণক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে ।
খ)" সনক সনন্দ যোগী যাহাকু ধিয়ায় ।"
সনক, সনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ:- কবিতাটিত কবিয়ে সনক, সনন্দ আদি যোগী সকলে ভগৱানক ধ্যান কৰে বুলি কৈছে ।
গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ:- কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।
ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।
ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ:- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ?
উত্তৰ:- কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে ।
ছ) 'মোহ-পাশ" মানে কি?
উত্তৰ:- 'মোহ-পাশ" মানে মায়াৰ বান্ধোন অৰ্থাৎ আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন।
২) বৰগীতটিৰ মূলভাৱ লিখা ।
উত্তৰ:- বৰগীতটিৰ মূল ভাৱ হ'ল ---
মোৰ পিতৃ হিচাপে তোমাৰ চৰণত হৰণ ললো ।
যাতে আপোনাৰ আশীৰ্বাদ লৈ থাকিব পাৰোঁ । আপোনাৰ মহিমা অপৰিসীম , আপোনাৰ দয়া, গুণ আদিৰো কোনো সীমা নাই । যাৰ কোনো উদাহৰণ নাই । সনক সনন্দৰ দৰে বিখ্যাত যোগী সকলেও যোগ যোগ ধৰি ধ্যান কৰিও আপোনাৰ মহিমা নিৰ্ণয় কৰিব পৰা নাই । সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো সীমা বিচাৰি উলিয়াব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিব পাৰিম । আপুনিয়েই হ'ল ভক্ত সকলৰ প্ৰাণ, আপোনাৰ বাহিৰে তেওঁলোকৰ কোনো নাই । গতিকে, প্ৰভূ মোক দয়া কৰি আপোনাৰ দাসৰো দাস হিচাপে থাকিবলৈ দিয়ক ।
৩) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ:- কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল। তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল।
আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে ।
১৫৬৮ চনত গুৰু শংকৰদেৱৰ মৃত্য়ুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱ কান্ধ পাতি লৈ দক্ষতাৰে সেই কাৰ্য চলাই নিছিল । ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰুপী বিখ্যাত 'বৰপেটা সত্ৰ' প্ৰতিষ্ঠা কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ'লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি।
৪) ব্যাখ্যা কৰা
ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'বৰগীত' নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতি: উক্ত কথাফাকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকিৰ ব্যাখ্যা কৰিছে।
ব্যখ্যা: এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰী হৰি তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুণিৰ ধ্যান কৰিও শ্ৰী হৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই। নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। অনন্ত নাগ হৰিৰ বিশ্ৰামস্হলী। সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই। তেনেস্থলত কৰি হৈ সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন।
কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভব নহয়।
(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতি: উক্ত কবিতাফাঁকিৰ দ্ধাৰা সংসাৰৰ মায়া পাশাৰ মুক্তিপথ দেখুৱালৈ হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে ।
ব্যাখ্যা: মানুহ হল সংসাৰিক এই সংসাৰৰ সকলো মন্ত্ৰশাৰ উৎস। বৈষ্ণয়িক মুখৰ ঠাই এই সংসাৰ সন্তেকীয়া সুখ সম্পদে মানুূহৰ এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে সন্তেকীয়া সুখক জীৱনৰ একমাত্ৰ সত্য় বুলি ভুল কৰে । কিছুমান বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত লিপ্ত হয় , ফলত জীৱন হৈ পৰে যন্ত্ৰণাময় । জীৱনে মৃত্য়ু পযন্ত ভোগ কৰে এই যন্ত্ৰণা । দুখ বেদনাত জৰ্জৰিত হৈ মানুহে উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী । এই যন্ত্ৰনাৰ মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে । নিৰূপায় হৈ কবিয়ে হৰিৰ চৰনত শৰন লৈছে । কাৰন কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা মুক্ত দিব পাৰে একমাত্ৰ শ্ৰী হৰিয়ে।
গ) তোমাৰ চৰন দুই মোৰ মহা ধন ।
ভকত জনৰ নিজ তুমিসে জীৱন ।
উত্তৰ:- প্ৰসংগ: উক্ত কথাফাঁকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতি: উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে , ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হল অমূল্য় সম্পদ।
ব্যাখ্যা: কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ হলে ভগৱানৰ চৰনত শৰন লোৱাৰ বাহিৰে অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী নিকাৰ ভগৱানেই জগতৰ সৃস্তিকৰ্তা পালনকৰ্তা তেওঁ সকলোৰ উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।
৫) "সনক সনন্দ যোগী যাহাকু দিয়ায়
সকল নিগমে যাক বিচাৰি নাপায়। "
তাৎপৰ্য বিচাৰ কৰা ।
উত্তৰ:- উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।
এই বৰগীতটিৰ যোগেদি কবিৰ ভগৱানৰ প্ৰতি গভীৰ মনোভাৱ প্ৰকাশ পাইছে । এই বৰগীতটিৰ যোগেদি কবিয়ে নিজকেই এজন সাধাৰণ মানুহৰ লগত তুলনা কৰিছে ।
তোমাৰ প্ৰভু মসীমাৰ কোনো সীমা নাই । মহিমাৰ দৰেই তোমাৰ দয়াৰো সীমা নাই । তোমাৰ মহিমা আৰু দয়া সনক সনন্দৰ দৰে ডাঙৰ ডাঙৰ যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰিও তোমাৰ মহিমাৰ কোনো সীমা উলিয়াব পৰা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও তোমাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিম ।
৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰ:- বৰগীতৰ চাৰিটা লক্ষণ হল -
ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ - তালযুক্ত গীত।
খ) বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
ভাষা বিষয়ক :
(১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা :
নপাৱন্ত , কেনে , ভৈলোহো , তুমিসে , জনেৰ , কহয় ।
উত্তৰ: নাপাৱন্ত – নাপায়
কেনে – কেনেকৈ
ভৈলোহো – হ'ল
তুমিসে –তুমিয়েই
জনেৰ – জনৰ
কহয় –কয় ।
2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা।
উত্তৰ:- ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল-
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
গ) ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।
