প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৬ science chapter 16 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৬
science chapter 16
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna



প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৬ science chapter 16 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী  Page No – 269


1.পৰিবেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
উত্তৰ:-
পৰিবেশ হিতৈষী হ’বলৈ আমি কিছুমান অভ্যাস পৰিবৰ্তন কৰিব পাৰো –
a)ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
b)ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
c)খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
e)কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
f)নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
gওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
h)প্লাষ্টিকৰ মোনা ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
i)কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
j)ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷


2.ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে?
উত্তৰ:-
ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –

i)অৰ্থনৈতিক ভাৱে লাভাম্ভিত হ’ব ৷
ii)কম সময়ত চাহিদা পূৰণ হ’ব ৷
iii)বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ’ব ৷
iv)ঔদ্যোগিক বিকাশ হ’ব ৷


3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?

উত্তৰ:- সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ এনেকৈ পাৰ্থক্য কৰিম ।

হ্ৰস্যম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা
(i) বৰ্তমান প্ৰজন্মৰহে পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব ।
(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমবিতৰণ নহয় ।
(iii) সংৰক্ষণ সম্ভৱ নহয় ।
(iv) অধিক হাৰত ব্যৱহাৰ কৰা হয় ।

দীৰ্ঘম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা
(i) যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হব ।
(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সূষম বিতৰণ ।
(iii) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয় ।
(iv) বহনক্ষম ব্যৱহাৰ হয় ।


4.সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?
উত্তৰ:-
সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে কাৰণ সম্পদৰ ওপৰত সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমান অধিকাৰ আছে ৷ সম্পদৰ সমবিতৰণ নহলে কোনো শ্ৰেণীৰ লোক বঞ্চিত হোৱা সম্ভাৱনা থাকে যি উচিত নহয় ৷ ইয়াৰ উপৰিও সমবিতৰণে জনসাধাৰণৰ সমভাৱে উন্নয়ন সাধন কৰে যি সামগ্ৰিক ভাৱে দেশৰ বিকাশত আৰিহণা যোগায় ৷

আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা কিছুমান শক্তি –

i)বিভিন্ন ধৰণৰ দুৰ্নীতি ৷
ii)অত্যাধিক লোভ ৷
iii)ক্ষমতাশালী ব্যক্তিৰ অসৎ উদ্দেশ্য ৷
iv)ধনিক শ্ৰেণীৰ অতি মাত্ৰা ব্যৱহাৰ আৰু লুন্ঠন ৷
v)ব্যৱসায়ী বা উদ্যোগিক মহলৰ হেচা ইত্যাদি ৷


প্ৰশ্নাৱলী, Page No – 273


1. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ:- কাৰণ বনাঞ্চল আৰু বন্যপ্ৰণীৰ সংৰশ্ৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনে-
(i) জৈৱ-বৈচিত্ৰ অটুট ৰাখি পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাত ।
(ii)বিভিন্ন উদ্ভিদ, প্ৰণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত ।
(iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ আদ্য আৰু আশ্ৰয় যোগানত ।
(iv)বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত ।
(v) কাঠখৰি, বিভিন্ন কেঁচামাল লাভ কৰাত ।
(vi)বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত ।
(vii) ভ-জল পাৱৰ বাবে, বানপানীৰ প্ৰবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি ।
(viii)ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ।


2.বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উত্তৰ:-
প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সহায়ত মানৱ জাতিয়ে উন্নয়নৰ উচ্চতম শিখৰত উপন্নিত হৈছে যদিও এই উন্নয়নৰ বাবে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ প্ৰযুক্তি বিদ্যাৰ বিকাশৰ সমান্তৰাল ভাৱে প্ৰাকৃতিক সম্পদবোৰ বিনষ্ট হোৱা দেখা গৈছে ৷ আজিৰ এই সময়ত প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰা আত্যন্ত প্ৰয়োজন হৈ পৰিছে কাৰণ এনেকৈয়ে যদি প্ৰকৃতিৰ ধ্বংস চলি থাকে পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব ৷

বনাঞ্চল সংৰক্ষণৰ বাবে লব পৰা কিছুমান পদক্ষেপ –
i)বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব ৷
ii)বনাঞ্চলৰ স্থানীয় লোক সকলোৰ লগত একগোট হৈ বনাঞ্চল ৰক্ষাৰ চিন্তা কৰিব লাগিব ৷
iii)বনাঞ্চলৰ স্থানীয় লোক সকলে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ নীতিবোৰ পুনৰ আৰম্ভ কৰিব লাগিব ৷
ivবৃক্ষৰোপন কাৰ্যসূচী হাতত লৈ বনাঞ্চলৰ কালি বৃদ্ধি কৰিব লাগিব৷
v)গছ কটা বন্ধ কৰিব লাগিব ৷
vi)অত্যাধিক পশুচাৰণ বন্ধ কৰিব লাগিব ৷
vii)উদ্যোগবোৰৰ বনৰ উপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব ৷
viii)বন ৰক্ষাৰ বাবে চৰকাৰে কিচুমান আইন প্ৰনয়ন কৰিব লাগিব ৷


প্ৰশ্নাৱলী Page No – 276


1.তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
উত্তৰ:-
আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰ –

i)মাটিত গাঁত খান্দি বা হ্ৰদ বান্ধি মাটিৰ জলভাগ আবদ্ধ কৰা ৷
ii)ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মান কৰা ৷
iii)বিভিন্ন প্ৰকাৰে মাটিৰে নাইবা শিলেৰে পাৰ বন্ধা ৷
iv)বালি আৰু চূণেৰে জলাধাৰ নিৰ্মাণ কৰা ৷
v)ঘৰৰ চালত পানী জমা ব্যৱস্থাপনা ইত্যাদি ৷


2.পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।
উত্তৰ:-
পাহাৰীয়া অঞ্চলত সাধাৰণতে পানী সঞ্চায়নৰ বাবে নিজৰা আদিৰ পৰা বৈ অহা পানীৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় ৷ নিজৰাৰ পানী নলাৰ সহায়ত বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰা হয় ৷ কিছুমান অঞ্চলত পাহাৰৰ দাঁতিকাষৰীয়া ঠাইত পানীৰ আধাৰ স্থাপন কৰা হয় ৷

আনহাতে সমতল অঞ্চল বা মালভূমি অঞ্চলৰ সমান ভূভাগত জল সঞ্চয়নৰ গঠন প্ৰায় অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ নাইবা চাপৰ, পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা “চেক ডামচ্” সাধাৰণতে বোৱতী পানীয়ে কৰা দ নলা বা জানত নিৰ্মাণ কৰা হয় ৷ বাৰিষা কালত এইবোৰৰ লগত সংলগ্ন পুখুৰীবোৰ উপচি থাকে কিন্তু বেছি ভাগ জলাশয় খৰালি শুকাই যায় ৷ জলাশয়বোৰ শুকাই গলেও সেই অঞ্চলবোৰৰ ভূগৰ্ভৰ পানী উদজীৱিত হয় যি জল সঞ্চয়নৰ প্ৰধান উদ্দেশ্য ৷


অনুশীলনী


1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা ।

উত্তৰ:-  ঘৰখনত তলত দিয়া ধৰণে পদক্ষেপ লৈ পৰিৱেশ হিতৈষী হ'ব পাৰি-
i ) পলিথিনৰ সলনি মৰাপাট , কাগজ আৰু কাপোৰৰ ব্যৱহাৰ বেগ ব্যৱহাৰ ৷
ii ) বাল , টিউব লাইটৰ সলনি চি.এফ.এল. ব্যৱহাৰ ৷
iii ) টেপ আৰু পাইপত হোৱা ফাঁট বা সুৰুঙা মেৰামতি কৰা ।
iv ) গা - ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা ।
v ) জৈৱ - নমনীয় আৰু জৈৱ - অনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ৷
vi ) বৈদ্যুতিক সামগ্রী যেনে বাতানুকুল যন্ত্র , শীতলীকাৰক যন্ত্র , গিজাৰ , হীটাৰ আদি উচ্চ বিদ্যুৎ ৰাহি কৰা প্ৰযুক্তিৰে নিৰ্মিত হ'ব লাগে ।
vii ) গা - ধোৱা আৰু কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা পানী শৌচাগাৰ চাফা কৰা কামত ব্যৱহাৰ কৰা ।
viii ) ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ হাৰ ব্যৱহাৰ কৰা ।


2 . পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?
উত্তৰ:-
বিদ্যালয়ত পৰিৱেশৰ হিতৈষী পৰিৱেশ গঢ়ি তুলিবৰ বাবে ল'ব পৰা পদেপসমূহ হ'ল-
( i ) খেলপথাৰত , কৰিড'ৰ আদিৰ দাঁতিত গছ ৰোৱা ৷ ইয়ে কেৱল অক্সিজেনেই যোগান নধৰে , ছাঁ দিয়াৰ ওপৰি নান্দনিক দৃশ্য গঢ়ি তুলিব ।
( ii ) লাইট আৰু পাংখা আদি প্রয়োজন নহ'লে বন্ধ কৰি থোৱা ৷
( iii ) শৌচাগাৰ , টেপ আদিত পানীৰ অপচয় বন্ধ কৰা , পানীযোগান ব্যৱস্হাৰ সঁজুলিসমূহ মেৰামতি কৰা হ্যাদি ।
( iv ) জৈৱ অৱনমনীয় আৰু অজৈৱ অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ৷
( v ) বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্হা কৰা ।
( vi ) বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা ।


3. এই অধ্যায়ত আমি দেখিলাে বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stake holders) আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?

উত্তৰ:- বন আৰু বন্যপ্ৰাণীৰ চাৰিটা অংশীদাৰ হ’ল –
(i) বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ
(ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগ
(iii) উদ্যোগপতিবোৰ আৰু
(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিবোৰ ৷

এইবােৰৰ ভিতৰত বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব আতাইতকৈ বেছি চৰকাৰৰ বনবিভাগৰ থাকিব লাগে কাৰণ তেওঁলোকে বনজ সম্পদৰ নিয়ন্ত্ৰনৰ দায়িত্বত আছে ৷ তাৰ ওপৰি বনসম্পদৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে অন্য অংশীদাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি ব্যৱস্থা ল’ব পাৰে ৷


4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা

(a) বন আৰু বন্যপ্রাণী
(b) জলসম্পদ
(c) কয়লা আৰু পেট্রলিয়াম
উত্তৰ:-
(a) বন আৰু বন্যপ্রাণী – বন আৰু বন্যপ্রাণীৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
i)বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে ৷
ii)বৃক্ষৰোপন কাৰ্যসূচী হাতত ল’ব লাগে ৷
iii) গছ কটা বন্ধ কৰিব লাগে ৷
iv) বন্যপ্রাণী হত্যা বন্ধ কৰিব লাগে ৷
v) বনাঞ্চল বেদখল কৰিব নালাগে ৷

(b) জলসম্পদ – জলসম্পদৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
i) ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব লাগে ৷
ii) ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব লাগে ৷
iii) সমাজত জলসম্পদ ৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰিব লাগে ৷
iv) পানীৰ অপব্যৱহাৰ ৰোধ কৰিব লাগে ৷

(c) কয়লা আৰু পেট্রলিয়াম – কয়লা আৰু পেট্রলিয়ামৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
i) ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব লাগে ৷
ii) কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰি ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰি ৷
iii) নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব লাগে ৷ ৷
iv)ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব লাগে ৷
v) গেছ বা বিদ্যুতৰ পৰিবৰ্তে কিছুমান কাম যেনে পানী গৰম কৰা আদি সৌৰ শক্তিৰে কৰিব লাগে৷


5.  তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰকৃতিক সম্পদৰবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?

উত্তৰ:- বিভিন্ন প্ৰকৃতিক সম্পদৰ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় –
(i)প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা ।
(ii) প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত লৈ অপচয় বন্ধ কৰা ।
(iii)বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।
(iv)বাতৰি কাকত ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি আদি পৃথকে পৃথকে থৈ পুন:ব্যৱহাৰযোগ্য কৰা ।


6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্হা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা ( পাঁচটাকৈ )

( a ) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষন ।
( b ) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি ।
উত্তৰ:-
( a ) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কার্য হ'ল-
( i ) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ ৷
( ii )  ব্ৰাছ কৰি থাঁকোতে আৰু শ্বেম্পু আৰু চাবিন ঘহোঁতে পানীৰ টেপ বন্ধ ৰখা ।
( iii ) গছ এজোপা ৰুইছো ।
( iv ) গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ আৰু বাতৰি কাকতৰ বব্যৱহাৰ কৰা ।
( v ) পলিথিন মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ কৰা ।

( b ) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই পাঁচটা কাৰ্য কৰিলো-
( i ) চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ ৷
( ii ) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্‌ কৰিব পাহৰা ।
( iii ) প্লাষ্টিকৰ পুতলা কিনা ।
( iv ) হাতৰ কাম কৰোঁতে কাগজৰ অপচয় কৰা ৷
( v ) চাঁদৰ ওপৰত কৰা পাৰ্টিত জুই লগোৱা ৷

*

Post a Comment (0)
Previous Post Next Post