দৃশ্যান্তৰ
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৫
assamese chapter 5
class 10 assamese science question answer assamese medium
seba hslc class 10 AssamQna
ভাব বিষয়ক
১) চমু উত্তৰ দিয়া -
ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ:- কবিয়ে পঁচিশ বছৰ আগতে মানুহজনক লগ পাইছিল।
খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ:- মানুহজন কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
গ) মানুহজনে নিজৰ ঘৰৰ পদূলি কত বিচাৰিছিল?
উত্তৰ:- মানুজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল।
ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল?
উত্তৰ:- মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰ ভংগীত আছিল।
ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ:- কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
২) সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰ:- সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিক অচিনাকি মানুহজন বুলিছিল আরু চশমাৰ তলেৰে সন্দেহেৰে চাই সুধিছিল যে তেওঁক (কবিক) তাত কি লাগে । মানুহজনে কবিজনক প্রশ্ন কৰিছিল যে তেওঁ ভাৰাঘৰ বিচাৰি গৈছিল নেকি তালৈ । মানুহজনে তাৰ পিছত কবিক ক’লে যে সেই কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাতো আষা খীণ । যদিও পোৱা যায় তেন্তে কবিয়ে তাত শান্তিত থাকিব নোৱাৰিব বুলি ক’লে । মানুহজনৰ মতামত অনুসৰি তাত মানুহ মৰিলে দাহ কৰিবলৈও এজনো মানুহ নাই । লগতে, তাত থকা অতি কৃপণ আরু স্বার্থপৰ মানুহবোৰে কাকো কোনোৱে নাচায় বুলি কৈ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল ।
৩) ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰ:- দৃশ্যান্তত কবিতাটিত হৰেকৃষ্ণ ডেকা দেৱে চহৰীয়া/নগৰীয়া জীৱনৰ শূণ্যতা আরু অপ্রাপ্তিৰ কথা ব্যক্ত কৰিছে । তেওঁ গাঁৱলীয়া সুন্দৰ পৰিৱেশৰ লগত আধুনিক মানুহৰ নিঃসংগতা আরু যান্ত্রিকতাক কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে । কবিজনাই দুটা ভিন্ন অভিজ্ঞতা অর্থাৎ গ্রাম্য জীৱন আরু নগৰীয়া জীৱনৰ দুটি রূপ কবিতাটিৰ মাজেৰে ফুটাই তুলিছে ।
এজন মানুহৰ যোগেদি তেওঁ গ্রাম্য আরু নগৰৰ জীৱন-যাপনৰ পাৰ্থক্যসমূহ উত্থাপন কৰিছে । পঁচিশ বছৰ আগতে তেওঁ এজন মানুহক গধূলি সময়ত লগ পাইছিল । তেতিয়া আলি-বাটটো কেচাঁ আরু ঘৰটো আছিল পঁজাঘৰ । যত ওখ তামোল গছবোৰে প্রকৃতিৰ সৌন্দৰ্যতা বিৰাজ কৰিছিল আরু আগলি বাঁহে ঘৰৰ দাতিত নমস্কাৰ জনাইছিল । সেই মুহূৰ্তত কুকুৰিকণা মানুহজনে নিজৰ ঘৰৰ পদূলিৰ নঙলামুখত নিজৰ ঘৰটো বিচাৰি আছিল । তেতিয়া কবিয়ে তেওঁক হাতত ধৰি আগুৱাই লৈ গৈছিল । তেনে সময়ত মানুহজনে কবিক কৈছিল যে তেওঁ সেই পঁজাটিত বৰ শান্তিত আছে । কবিতাটিৰ প্রথম অংশৰ মাজেৰে কবিয়ে এনেদৰে সহজ-সৰল গ্রাম্য জীৱনৰ এক সুখৰ আরু শান্তিৰ অৱস্থাৰ কথা ব্যক্ত কৰিছে ।
সেই একে মানুহজন কবিয়ে আকৌ লগ পাইছে । কিন্তু সেই অতীতৰ গ্রাম্য অৱস্থাত নহয় এতিয়া আধুনিকতাৰ সৈতে । এতিয়া সেই মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত রৈ আছিল যত ওচৰে-পাজৰে কেইবাটাও অট্টালিকা আছিল । সাতমহলীয়া ঘৰৰ বাহিৰত রৈ থকা মানুহজনে কবিক অচিনাকি মানুহজন বুলিছিল আরু চশমাৰ তলেৰে সন্দেহেৰে চাই সুধিছিল যে তেওঁক (কবিক) তাত কি লাগে । মানুহজনে কবিজনক প্রশ্ন কৰিছিল যে তেওঁ ভাৰাঘৰ বিচাৰি গৈছিল নেকি তালৈ । মানুহজনে তাৰ পিছত কবিক ক’লে যে সেই কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাতো আষা খীণ । যদিও পোৱা যায় তেন্তে কবিয়ে তাত শান্তিত থাকিব নোৱাৰিব বুলি ক’লে । মানুহজনৰ মতামত অনুসৰি তাত মানুহ মৰিলে দাহ কৰিবলৈও এজনো মানুহ নাই । লগতে, তাত থকা অতি কৃপণ আরু স্বার্থপৰ মানুহবোৰে কাকো কোনোৱে নাচায় বুলি কৈ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল । কবিয়ে কবিতাটোৰ শেষৰ অংশৰ মাধ্যমেৰে আধুনিকতা আরু কংক্রীটৰ সেই অশান্তি পৰিৱেশৰ বিষয়ে উপস্থাপন কৰিছে ।
৪) ‘বৰ শান্তিত আছোঁ
এই পঁজাটিত ।”
-কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা ।
উত্তৰ:- উক্ত কথাষাৰ পঁচিশ বছৰৰ আগতে কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল । তেওঁ সহজ-সৰল গ্রাম্য জীৱনৰ সুখৰ আরু শান্তিৰ অৱস্থাৰ কথা ব্যক্ত কৰিবলৈ এইদৰে কৈছিল । মানুহজনৰ মতে তেওঁ সেই পঁজাটিত শান্তিত আছে । কিয়নো তেতিয়া আধুনিকতাৰ কোনো চিন নাছিল । বৰ্তমান অধুনিকতাই সকলো শান্তি অন্ত কৰিছে আরু যান্ত্রিকতাই বিৰাজ কৰিছে । এতিয়া সকলো মানুহ স্বার্থপৰ যি কোনোৱে কাকো নেচায় অর্থাৎ কাৰো বিষয়ে চিন্তা নকৰে । কিন্তু পঁচিশ বছৰ আগতে এই আধুনিকতা আরু অট্টালিকাসমূহ নাছিল যদিও গ্রাম্য পৰিৱেশত সুখ আরু শান্তি বিৰাজমান হৈ আছিল । কবিজনেও কুকুৰীকণা মানুহজনক হাতত ধৰি আগুৱাই দিছিল । সেয়েহে কুকুৰীকণা মানুহজনে এনেদৰে তেওঁৰ মনৰ ভাব প্রকাশ কৰিছে ।
৫) ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ?’ – কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ।
উত্তৰ:- কুঁজা দেহৰ এজন বৃদ্ধ মানুহে কবিক এনেদৰে কৈছিল যাক কবিয়ে পঁচিশ বছৰ আগতে লগ পাইছিল । পঁচিশ বছৰ আগতে সেই একে মানুহজনক এটি পঁজাৰ সন্মুখত নঙলামুখত লগ পাইছিল । আগৰ পৰিৱেশ সকলো গ্রাম্য আরু সহজ-সৰল আছিল । কিন্তু বৰ্তমান আধুনিকতাই সকলো শান্তি আরু সুখৰ অন্ত পেলাইছে লগতে সকোলো যেন এতিয়া চিনিও আচিনাকীৰ দৰে । সেই ঠাইত এতিয়া শান্তিৰ পঁজা ঘৰৰ সলনি ডাঙৰ ডাঙৰ অট্টালিকা আছে । এই অট্টালিকাসমূহত সকলো স্বার্থপৰ মানুহ আছে যিয়ে মৰিলে কোনো দাহ কৰিবলৈ নাহে আরু কোনেও কাকো নাচায়, যেন সকলো স্বার্থলুভী । সেয়েহে বৃদ্ধ মানুহজনে কবিক তাত কি লাগে বুলি প্রশ্ন কৰিছে । কাৰণ, ইয়াত পাবলৈ আরু একো নাই, নাই শান্তি, নাই সম্প্রীতি, আছে কেৱল স্বার্থ আরু আধুনিকতাৰ স্বার্থ ।
৬) `দৃশ্যান্তৰ' কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ:- “দৃশ্যান্তৰ" নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ লবৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল। ২৫ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে ২৫ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হল। সন্ধ্যা সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া সন্ধা সময়ত বাটে পথে মানুহৰ ভীৰ। কিন্তু ২৫ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হলেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভব কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।
৭) ‘দৃশ্যান্তৰ’ কবিতাটৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া ।
উত্তৰ:- ‘দৃশ্যান্তৰ’ কবিতাটৰ কবি হৰে কৃষ্ণ ডেকা ১৯৪৩ চনত জন্মগ্রহণ কৰিছিল । ১৯৫৯ চনত মেট্রিক আরু ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাচ কৰিছিল । প্রথমে তেওঁ গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনা কৰিছিল আরু পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল । একেধাৰে তেওঁ সাহিত্যিক অৱদানো অপৰিসীম আছিল । তেখেতে ‘The Sentinel’ কাকত আরু গৰীয়সী আলোচনীৰ সম্পাদকতা কৰিছিল । তেওঁৰ খ্যাত কবিতাপুথি হ’ল- ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-Scare আদি । গল্প আরু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যু আদি বিখ্যাত গল্পপুথিৰ ৰচনাশৈলী । তেখেতৰ একমাত্র উপন্যাসখনৰ নাম হ’ল- আগন্তুক । ১৯৮৭ চনত তেখেতে সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’, আরু ২০১০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল । এইজনে লেখক তথা সাহিত্যিক অসমীয়া সাহিত্য জগতলৈ অশেষ বৰঙনি আগবঢ়াইছে ।
৮) বাখ্যা কৰা-
ক) 'মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।'
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ' কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি: কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত উটি- ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।
বাখ্যা: বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে ।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ লব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহ বোৰ শিক্ষা- দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে- আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা কব বিচাৰিছে কবিতাফাঁকিৰ দ্বাৰা।
খ) 'যখৰ পোৱালিহঁতে কাক কোনে চায়'।
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ' কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি: উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।
বাখ্যা: সময় ৰথৰ চকাৰ দৰে আগবাঢ়ি গৈছে। ২৫ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে ২৫ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ হৈ পৰইছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন- সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হলে সহায় কৰা দূৰৰ কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।
গ) 'এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু।'
উত্তৰ:- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ' কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি: উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে কব বিচাৰিছে যে সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ- দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ কৰিবলৈ ধৰিছে তাকে কব বিচাৰিছে।
বাখ্যা: সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল- বালি ইটা আদিৰে গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠা একেদৰে মানুহৰ মনবোৰে কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ- সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা লবৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্য জীৱ- জন্তু লুকালে বিচাৰি পোৱা সহজ নহয় একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানবীয়তা, আন্তৰিকতা, সৌহাদ্যতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানবীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে বুলি।
ভাষা বিষয়ক
১) বিপৰীত শব্দ লিখা ।
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ ।
উত্তৰ:- কেঁচা - পকা
গধূলি - পুৱা
পোহৰ - আন্ধাৰ
ৰূপ - অৰূপ
২) এটাকৈ সমাৰ্থক শব্দ লিখা :
জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰ:- জোন - চন্দ্ৰ
ঘৰ - আবাস
চৰা - অধিক
দাহ - পোৰা
উভতি - উলটি
৩) নঞাৰ্থক শব্দ গঠন কৰা :
শান্তি, চিনাকি, সহায়।
উত্তৰ:- শান্তি - অ+ শান্তি = অশান্তি।
চিনাকি - অ + চিনাকি = অচিনাকি
সহায় - অ + সহায় = অসহায়।
৪। `নমস্কাৰ' শব্দটো সন্ধি ভাঙিলে এনে হব - নমঃ + কাৰ। - এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
উত্তৰ:- পুৰঃ + কাৰ = পুৰস্কাৰ
পৰিঃ + কাৰ = পৰিস্কাৰ
নিঃ + কাৰ = নিৰাকাৰ
বহিঃ + কাৰ = বহিস্কাৰ।
