ছাত্ৰ জীৱন আৰু সমাজ সেৱা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৬ assamese chapter 6 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

ছাত্ৰ জীৱন আৰু সমাজ সেৱা
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৬
assamese chapter 6
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


ছাত্ৰ জীৱন আৰু সমাজ সেৱা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৬ assamese chapter 6 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna


ভাব বিষয়ক

১) অতি চমু উত্তৰ লিখা ।
ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?
উত্তৰ:-
লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল জ্ঞান অৰ্জন কৰি নিজৰ লগতে আনৰো উন্নতি সাধন কৰা ।

খ) বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি ?
উত্তৰ:-
বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ সমুহ হ'ল-
(১) গোটেই স্কুলৰ ব্যামৰ নামত বাইশ জন ল'ৰাই ক্ৰিকেট বা ফুটবল আদি খেলিব এয়েই হ'ব গোটেই স্কুলৰ ব্যাম ।
(২) ছাত্ৰ সকলে নিজৰ পঢ়া শুনাৰ ফালৰ পৰা ফালৰি কাটি গৈ সংগঠনৰ লগত হুলস্থুল কৰি থাকে । এনেবোৰ হ'ল প্ৰচলিত শিক্ষাৰ দোষ ।

গ) ছাত্ৰ সকলে কি কি বিষয়়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে ?
উত্তৰ:-
শাৰীৰিক, মানসিক, নৈতিক, কাৰ্য্যকৰী , আধ্যাত্মিক আদি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে ।

ঘ) ছাত্ৰ সকলে কাৰ্য্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে ?
উত্তৰ:
ছাত্ৰ সকলে গাঁৱৰ উন্নতি কৰি ,গাঁৱত শিক্ষা বিস্তাৰ কৰি আদিৰ পৰা কাৰ্য্যকৰী শিক্ষা লাভ কৰিব পাৰি ।

ঙ) লিখকৰ মতে গাঁৱৰ উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?
উত্তৰ:-
লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা ।

২) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰ সকলে শিক্ষাৰ সময়ছোৱাত কেনে বোৰ  পন্থা অৱলম্বন কৰিব পাৰে ? দেশ সেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা  ।
উত্তৰ:-
ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰ সকলে শিক্ষাৰ সময়ছোৱাত গাঁৱত উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা আদি পন্থা অৱলম্বন কৰিব লাগিব ।
           দেশ সেৱাত ব্ৰতী হবলৈ হ'লে ছাত্ৰ সকলে পঢ়া শুনাৰ ফালৰ পৰা জ্ঞানী হ'লেই নহ'ব । যদিহে তেওঁ হাল বা কোৰ এচাব মাৰিব নাজানে তেনেহলে সি কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে , কিয়নো যদিহে সি খেতি কৰিবই নাজানে খাব ক'ৰ পৰা । ছাত্ৰ হ'লে পঢ়া শুনাৰ ফালৰ জ্ঞানী হ'লেই নহ'ব । যদি তেওঁ ডাঙৰ বা সৰুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে । তেতিয়া তেওঁৰ কোনো শিক্ষাই নহ'ব ।

৩) "এইখিনি কাম তেওঁলোকৰ কাৰ্য্য কৰি শিক্ষাৰ একোটি পাঠ মাথোন"---- কোনখিনি কাম তেওঁলোকৰ কাৰ্য্য কৰি শিক্ষাৰ একোটি পাঠ মাথোন বুজাই লিখা ।
উত্তৰ:-
গাঁৱত থকা ছাত্ৰ সকলে নিজ ঘৰে ঘৰে থকা অশিক্ষিত ককাই, দেউতা, দদাই আদি লোকসকলক যিকোনো উপা‌য়েৰে নিজৰ অৱস্থাৰ কথা বুজাই দিব লাগিব । তেওঁলোকৰ মাজৰ পৰা অজ্ঞানতা, কু-সংস্কাৰ আদি দুৰ কৰিব লাগিব । গাঁৱৰ পৰা অজ্ঞানতা দুৰ কৰি এখন আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰাটোৱেই হৈছে ছাত্ৰ সকলৰ কাৰ্য্যকৰী শিক্ষাৰ একোটি পাঠ ।

৪) আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ:-
আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি- চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল তাৰ তুলনাত আজি আমাৰ দেশসমূহে যথেষ্ট উন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ আজিও কিছু ক্ষেত্ৰত উন্নত হব পৰা নাই বুলিয়ো কবিয়ে পাঠটোৰ আধাৰত কৈছে। কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে। অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। অজ্ঞানতা আৰু কু- সংস্কাৰে মানুহক আবৰি ধৰি আছে আজিও। নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই কাজিয়াত লিপ্ত হৈ পৰিছে। কানি- ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে। কত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ- জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ- পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। মুঠতে কবলৈ গলে শিক্ষাৰ অভাৱে গাওঁসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে।

৬) বাখ্যা কৰা-
ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।
এই তিনিয়ে নিচিন্তে আন ॥
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
          সংগতি: উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে কব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব।
          বাখ্যা: পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ- ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক- শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ন নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হব নোৱাৰে। ছাত্ৰ- ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ- পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হলে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।

খ) কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
           সংগতি: উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে।
            বাখ্যা: কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি পিটি দা- কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ- সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হলে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হলে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি।

গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইঁট- কলি এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
          সংগতি : উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে সু পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাকে কৈছে।
           বাখ্যা: যিকোনো এটা কাম কৰিবলৈ হলে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতাৰে মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হলে মানুহে লগে লগে শিকি যাব লাগিব। যিদৰে গছ এজোপা ৰোপন কৰিলে নহয়, তাত সময় মতে পানী, সাৰ আদি দিব লাগে। তেতিয়াহে গছ জোপা ডাঙৰ হৈ প্ৰথমতে কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হব আৰু শেষত ফল দিব ; সেইদৰে ছাত্ৰ অৱস্থাত যিমানদুৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব। দেশসেৱাত ব্ৰতী হবলৈ হলে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়।অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি। যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে।

ঘ) নৰ সেৱাই নাৰায়ণ সেৱা।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
           সংগতি: উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে কব বিচাৰিছে।
           বাখ্যা: মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা- অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-  অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভব কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা- অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হব।

ভাষা বিষয়ক

১) বিপৰীত শব্দ লিখা-
নিস্কৰ্মা, ক্ৰটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়।
উত্তৰ:-
  নিস্কৰ্মা - কৰ্মী
             ক্ৰটি - শুদ্ধ, সঠিক
             সহযোগিতা - প্ৰতিযোগিতা।
             দেশহিতৈষিতা - দেশদ্ৰোহিতা
             প্ৰৌঢ় - যুৱ।

২) সমাৰ্থক শব্দ লিখা-
কাৰ্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অৰ্থকৰী, কাপ, কাকত।
উত্তৰ:- 
  কাৰ্যকৰী - কৰ্মমুখী, কাৰ্যোপযোগী
              প্ৰকৃত - আচল, যথাৰ্থ
              সাম্য - সমান
              আনমনা - অমনোযোগী, অন্যমনস্ক
           অৰ্থকৰী - লাভজনক, ধন  অৰ্জনকাৰী
            কাপ - কলম
            কাকত - কাগজ, তুলাপাত

৩) বাক্য ৰচনা কৰা -
নীতি- বচন, কাপ- কাকত, কুৰ্চুট- কপট, জনক- জননী, লোণ- তেল।
উত্তৰ:-
  নীতি- বচন:- মহৎলোকৰ নীতি- বচন অামি মানি চলিব লাগে।

কাপ-কাকত:- মধুই শিক্ষকে দিয়া কথাবোৰ কাপ-কাকতত লিখি ৰাখিছে।

কুৰ্চুট-কপট:- মানুহে নিজৰ মনত কুৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে।

জনক-জননী:- গাঁও একেধাৰে নগৰৰ জনক-জননী।

লোণ-তেল:- ৰমেনে অত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাত কেইটাতো পৰম তৃপ্তি পালে।

*

Post a Comment (0)
Previous Post Next Post