পৃথিৱীৰ ভূগোল
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ভূগোল পাঠ ৩
class 10 social science question answer assamese medium geography
chapter 3
seba hslc class 10 AssamQna
অনুশীলনী
১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, নদী- উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। এই স্থলভাগক ৭খন মহাদেশত বিভক্ত কৰিব পাৰি – এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টাৰ্কটিকা ৷ উল্লেখযোগ্য যে পৃথিৱীৰ মুঠ স্থলভাগৰ ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্ৱিত ৷
পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-পৃষ্ঠৰ প্রায় ৭১ শতাংশ আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্রদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত ৷ জলমণ্ডলৰ অধিকাংশই ৫খন মহাসাগৰে সামৰি লৈছে ৷ মহাসাগৰ কেইখন হ’ল – প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ ৷ জলমণ্ডলৰ প্ৰায় ৫৭ শতাংশ দক্ষিণ গোলাৰ্ধত অৱস্ৱিত ৷
২) মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্হা আদিতে কেনে আছিল ?
উত্তৰ:- মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্হলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্হাত থকা স্হলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পাণ্হালাছা বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ǀ সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ǀ ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড(লৰেছিয়া) আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে ǀ ২৫০ নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু গাণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্হাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল ǀ লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা,গ্ৰীণলেণ্ড আৰু ভাৰতউপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ǀ আনহাতে গাণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা,আফ্ৰিকা, মাদাগাস্কাৰ ,ভাৰতবৰ্ষ, আৰব অঞ্চল,অষ্ট্ৰেলিয়া,এণ্টাৰ্কটিকা ,মালেছিয়া আৰু অন্য দ্বীপ সমূহ সৃষ্টি হৈছিল ǀ
৩) মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি অসমান। ইয়াৰ তলিভাগ শৈলসিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখোৰা-মোখওৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভিৰতা প্রায় ৪০০০ মিটাৰ। স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভৰিতা বৃদ্ধি পায় আৰু বিভিন্ন প্রকাৰৰ অৱয়ব পোৱা যায়। সাধাৰণতে উপকুলৰ পৰা সাগৰ-মহাসাগৰৰ মাজ ভগলৈ যথাক্রমে মহীসোপান , মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্রখাত পোৱা যায় ।
৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ǀ
উত্তৰ:- মহাদেশসমূহৰ বিতৰণ
সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্হলমণ্ডল ǀ স্হলমণ্ডলটো জলমণ্ডলৰ মাজতে বিভাজিত হৈ সোমাই আছে ǀ স্হলমণ্ডলটো চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে ǀ
প্ৰথমটো অংশত এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত
দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ ,
তৃতীয় অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ
চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত ǀ
মহাসাগৰ সমূহৰ বিতৰণ
জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ,উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ǀ
প্ৰশান্ত মহাসাগৰ- এছিয়া ,উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্হিত
আটলান্টিক মহাসাগৰ - এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্হিত ǀ
ভাৰত মহাসাগৰ- এছিয়া মহাদেশৰ দক্ষিণত ,আফ্ৰিকা মহাদেৰ পূৱত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্হিত ǀ
উত্তৰ মহাসাগৰ- উত্তৰ আমেৰিকা,ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্হিত
দক্ষিণ মহাসাগৰ -দক্ষিণ আমেৰিকা,আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্হিত ǀ
৫) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- পৃথিৱীৰ স্থলভাগৰ উপৰিভাগ অসমান ৷ ইপর্বত পহাৰ, মালভূমি, সমভূমি আদিৰে ভৰা ৷ এনে কাৰণতে মহাদেশসমূহৰ সকলোতে ভূপ্রকৃতি একেধৰণৰ নহয়। এক নির্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্রকৃতিৰ তাৰতম্য ঘটে। মাহাদেশবোৰৰ বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰায় বোৰতে সুউচ্চ পর্বতমালা বিৰাজ কৰিছে ৷ উদাহৰণস্বৰূপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পর্বতশ্ৰেণীৰ ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতোকৈ ওখ শৃংগ। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ এছিয়া মহাদেশতে অৱস্থিত আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতো সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয়। তদুপৰি নদী উপত্যকাবোৰো ভূপৃষ্ঠৰ এক অতি গুৰুত্বপূর্ণ ভূ-অৱয়ৱ। সমগ্র মহাদেশবোৰৰ মাজেৰে বৃহৎ সমভূমিসমূহ বিস্তৃত হৈ থকাৰ বিপৰীতে সীমান্ত অঞ্চলত উপকূলীয় সমভূমিসমূহৰ উপস্থিতিয়ে মহাদেশসমূহৰ ভূ-অৱয়ৱ অসমান কৰি ৰাখিছে।
৬) এচিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ǀ
উত্তৰ:- এচিয়া মহাদেশখন পৰ্বত পাহাৰ ,সমভূমি,মালভূমি,মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি নানান ভূ-অৱয়বৰে গঠিত ǀ তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়ǀ বৈশিষ্ট্যপূৰ্ণ এই ভূ-অবয়ব বোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে ǀ
এচিয়া মহাদেশ পৰ্বতসমূহ - হিমালয়,কাৰাকোৰম, টিয়েনচান, আৰৱলী, ইউৰাল ইত্যাদি ǀ এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট(৮৮৪৮মি),দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন (৮৬৬১মি) আৰু তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা (৮৫৮৬মি) অৱস্হিত ǀ
এচিয়া মহাদেশৰ মালভূমি সমূহ –তিব্বতমালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি ,দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি ǀএই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্হিত ǀ
এচিয়া মহাদেশৰ নদ-নদী সমূহ- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে
এচিয়া মহাদেশৰ হ্ৰদ সমূহ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে ǀ উদাহৰণস্বৰূপে- বলখাচ, বৈকাল,চিল্কা, চম্বৰ ,ডাল, পুলিকট, লোকটক ইত্যাদি ǀ ইয়াৰ ভিতৰত-বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ ǀ
৭) কাৰণ দৰ্শাই উত্তৰ লিখা ?
(ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয় ?
উত্তৰ:- স্থলভাগৰ বৃহৎ অংশ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে ৷
(খ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?
উত্তৰ:- এন্টার্কটিকা মহাদেশখন দক্ষিণ মেৰুত অৱস্থিত ৷ মহাদেশখনৰ সমগ্ৰ অঞ্চল বছৰটোৰ প্ৰায় সময়তে বৰফে আবৰি থাকে বাবে মানুহ বসবাস কৰা উপযোগী নহয় ৷ সেয়েহে এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই ৷
৮) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া
ক) এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখাǀ
উত্তৰ:- ইউৰাল পৰ্বতমালাই
খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু কত অৱস্হিত ?
উত্তৰ:- এণ্ডজ পৰ্বতমালা (৮০০০ মিটাৰ কি মি )
গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ:- বৃহত্তম মহাদেশ –এচিয়া
ক্ষুদ্ৰতম মহাদেশ- ওছেনিয়া মহাদেশ
ঘ) পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত ?
উত্তৰ:- ৰাছিয়া এছিয়া আৰু ইউৰোপ দুয়োখন মাহাদেশতে বিস্তৃত হৈ আছে
ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ǀ
উত্তৰ:- বৃহত্তম মহাদেশ- এচিয়া
ক্ষুদ্ৰতম মহাদেশ- ওচেনিয়া
চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্হিত ǀ
উত্তৰ:- ৰকি পৰ্বত শ্ৰেণী
ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে ǀ
ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্হিত ?
উত্তৰ:- চাহাৰ মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্হিত ǀ
জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ǀ
উত্তৰ:- উত্তৰ দিশলৈ প্ৰবাহিত নদী- ইয়েনিছি আৰু ওব
পূব দিশলৈ প্ৰবাহিত নদী- আমুৰ, চিকিয়াং
ঝ)অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী,নদী আৰু মৰুভূমিৰ নাম লিখা ǀ
উত্তৰ:- পৰ্বতশ্ৰেণী- স্ন’ৱি মাউন্টেইন
নদী- বেলিয়াণ্ডো
মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া
ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্হিত তিনিখন দেশৰ নাম লিখা ǀ
উত্তৰ:- ক্ৰীট,মালটা আৰু ছিছিলি
৯) চমুটোকা লিখা
(ক) পেঞ্জিয়া
উত্তৰ:- মহাদেশীয় বিস্হাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্হলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্হাত থকা স্হলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ǀ সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ǀ ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে ǀ
(খ) উত্তৰ মহাসাগৰ
উত্তৰ:- উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ। ইয়াৰ আকাৰ প্রায় ১৪ নিযুত বর্গ কিলোমিটাৰ উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে । ইয়াৰ তলিৰ গড় গভীৰতা প্রায় ৩৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই উত্তৰ মহাসাগৰখন ডাঠ ফেৰে ঢাক খাই কানাডা থাকে।
(গ) ওছেনিয়া মহাদেশ
উত্তৰ:- অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বর্গ কিলোমিটাৰ । অষ্ট্রেলিয়াই এই ক্ষুদ্রতম মহাদেশৰ বৃহত্তম দেশ ৷ এই মহাদেশৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডকে ধৰি ওছেনিয়া মহাদেশৰ মুঠতে ১৪খন দেশ আছে। ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্যা হ’ল প্রায় ৩৮ নিযুত।
(ঘ) এচিয়া মহাদেশৰ নদনদী-
উত্তৰ:- এচিয়া মহাদেশৰ নদ-নদী সমূহ হৈছে -মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি,ওবি আৰু লেনা, পূব অংশত থকা আমুৰ,হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্হিত ǀ তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে
(ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহ
উত্তৰ:- আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহতম মহাদেশ ৷ প্ৰায় ৩০ নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মহাদেশখন বহু নদী-হ্রদেৰে ভৰা। হ্রদসমূহৰ ভিতৰত ভিক্টোৰিয়া, এলবার্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালাৱি, টুৰ্কানা, কিভু, কোচ্চৌ, এব্বে আদি উল্লেখযোগ্য।
(চ) ইউৰোপ মহাদেশৰ নদ-নদী
উত্তৰ:- ইউৰোপ মহাদেশখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত ৷ মহাদেশখনত বহু নদ-নদী, হ্রদ আদিৰে ভৰা। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো; ফ্রান্সৰ ৰোণ আৰু চেইন; জার্মানীৰ ৰাইন আৰু এল্বে ; পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব; বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ; ইটালীৰ পো; গ্রেট ব্রিটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভল্পা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য। হ্রদসমূহৰ ভিতৰত ওনেগা, লেড’গা, চুডস্ক’য়ে, ভেনার্ন আদি উল্লেখনীয়।
(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল
উত্তৰ:- উত্তৰ আমেৰিকা মাহাদেশক প্ৰাকৃতিকভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি ৷ এই চাৰিটা ভাগৰ এটা ভাগ হ’ল আপেলেছিয়ান উচ্চভূমি অঞ্চল ৷ এই অঞ্চলটো মহাদেশখনৰ পূব অংশত অৱস্থিত ৷ এই অঞ্চলটো ভগ্ন মালভূমিৰে গঠিত হোৱা বাবে ওখোৰা-ওখোৰা ৷ আপেলেছিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে।
(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ
উত্তৰ:- উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে ǀ তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে- ছুপেৰিয়ৰ, হুৰ’ন, মিছিগান এৰি,ওন্টেৰিও, গ্ৰেট বিয়াৰ ,গ্ৰেট শ্লেভ, উইনিপেগ,গ্ৰেট ছল্ট ǀ ইয়াৰে ছুপেৰিয়ৰ হল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ ǀ
১০) পার্থক্য লিখা ?
(ক) মহীসোপান আৰু মহীঢাল
উত্তৰ:- উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে । ই উপকূলৰ পৰা প্রায় ২০০ মিটাৰ পৰ্য্যন্ত বিস্তৃত ৷
আনহাতে, মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বোলা হয়। ই উপকূলৰ পৰা প্রায় ২০০০ মিটাৰ পৰ্য্যন্ত বিস্তৃত ৷
(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
উত্তৰ:- এভাৰেষ্ট শৃংগহ’লএছিয়া মহাদেশৰ হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ । ইয়াৰ উচ্চতা ৮,৮৪৮ মিটাৰ ৷
আনহাতে গডউইন অষ্টিন শৃংগহ’ল এছিয়া মহাদেশৰে কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ ৷ ইয়াৰ উচ্চতা ৮,৬১১ মিটাৰ ৷
(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ
উত্তৰ:- অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বর্গ কিলোমিটাৰ । অষ্ট্রেলিয়াই এই ক্ষুদ্রতম মহাদেশৰ বৃহত্তম দেশ ৷ এই মহাদেশৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডকে ধৰি ওছেনিয়া মহাদেশৰ মুঠতে ১৪খন দেশ আছে। ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্যা হ’ল প্রায় ৩৮ নিযুত।
আনহাতে, এন্টার্কটিকা মহাদেশখন দক্ষিণ মেৰুত অৱস্থিত ৷ মহাদেশখনৰ সমগ্ৰ অঞ্চল বছৰটোৰ প্ৰায় সময়তে বৰফে আবৰি থাকে বাবে মানুহ বসবাস কৰা উপযোগী নহয় ৷ এন্টার্কটিকা মহাদেশত মানুহৰ
স্থায়ী বসতি নাই ৷
(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি
উত্তৰ:- গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত ৷ এইখন এখন শিতল মৰুভূমি ৷
আনহাতে আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাত অৱস্থিত ৷ এইখন এখন উষ্ণ মৰুভূমি ৷
১১) শুদ্ধ উত্তৰটো বাছি উলিওৱা
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
(১) প্ৰশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলাণ্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
উত্তৰ:- (৩) আটলাণ্টিক মহাসাগৰ
(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ?
(১) উত্তৰ আমেৰিকা মহাদেষ
(২) ইউৰোপ মহাদেশ
(৩) এন্টাৰ্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
উত্তৰ:- (৪) ওছেনিয়া মহাদেশ
(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্হিত ?
(১) আটলাণ্টিক মহাসাগৰ
(২) প্ৰশান্ত মহাসাগৰ
(৩) ভাৰত মহাসাগৰ
উত্তৰ:- (৩) আটলাণ্টিক মহাসাগৰ
(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কস্পিয়ান সাগৰ
(৪) আৰব সাগৰ
উত্তৰ:- (২) লোহিত সাগৰ
(ঙ)এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ?
(১) ইউৰাল পৰ্বতমালা
(২) ককেচাছ পৰ্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভল্গা নদী
উত্তৰ:- (১) ইউৰাল পৰ্বতমালা
(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্হিত ?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্ৰিকা
(৪) এছিয়া
উত্তৰ:- (২) দক্ষিণ আমেৰিকা
( ছ) ব্ৰাজিলৰ ৰাজধানী কি ?
(১) ৰিঅ ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্ৰাচিলিয়া
( ৪ ) লিমা
উত্তৰ:- (৩) ব্ৰাচিলিয়া
