পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম ভূগোল পাঠ ২ class 10 social science question answer assamese medium geography chapter 2 seba hslc class 10 AssamQna

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম ভূগোল পাঠ ২
class 10 social science question answer assamese medium geography 
chapter 2
seba hslc class 10  AssamQna


পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম ভূগোল পাঠ ২ class 10 social science question answer assamese medium geography  chapter 2 seba hslc class 10  AssamQna





অনুশীলনী


১) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ৷
উত্তৰ:- পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় ৷ চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলাো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ (আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ’ব পাৰে।  বিভিন্ন প্রজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী পর্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে, মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্রাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। যিয়েই নহওক, এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্রয়োজনীয় অবস্থা বা পৰিৱেশৰ সৃষ্টি কৰে।


২) পৰিবেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা ǀ
উত্তৰ:- জৈৱিক উপাদান- প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ,উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি ǀ
  অজৈৱিক উপাদান- প্ৰাণ নথকা অৰ্থাৎ মাটি,পানী,বায়ু,পোহৰ,তাপ ইত্যাদি ǀ


৩) স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
উত্তৰ:- শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, নদী- উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ।


৪) জলমণ্ডলৰ ভিতৰত কি কি পৰে ?
উত্তৰ:- সাগৰ,মহাসাগৰ,নদ,নদী,হ্ৰদ,জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে ǀ


৫)বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰ:- বায়ুমণ্ডল বিভিন্ন ধৰণৰ গেছ যেনে অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত ৷


৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ǀ
উত্তৰ:- জীৱমণ্ডলে পৃথিৱীৰ জীৱ,অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে-স্হলপৃষ্ঠ,সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকতি আৰু কীট- পতংগ উৰি ফুৰা অংশ ǀ জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ǀ


৭) পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ৷
উত্তৰ:- পৃথিৱীৰ প্রাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হ’ল– স্থল মণ্ডল, জলমণ্ডল,  বায়ুমণ্ডল আৰু জীৱমণ্ডল |এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পর্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অর্থত পৰিৱেশ বুলি কওঁ। পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰম্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্রিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।


৮) পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ:- পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ তলত উল্লেখ কৰা হ’ল –
(i) শিল্প-উদ্যোগ, যান-বাহন আদিত বর্ধিত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়ে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াৱহ পৰিৱেশ সমস্যাৰ সৃষ্টি কৰিছে ৷
(ii) বননি ধ্বংসৰ দৰে প্রক্রিয়াই ভূমিৰ সেউজ আৱৰণ আঁতৰাই ভূমি  প্রক্রিয়া ত্বৰান্বিত কৰিছে।
(iii) আধুনিক যুগত দ্ৰুত গতিত হোৱা ঔদ্যোকীকৰণ আৰু নগৰীকৰণে প্ৰাকৃতিক পৰিৱেশৰ পৰিসৰ কমাই আহিছে ৷
(iv) বৰ্ধিত হাৰত প্লাষ্টিক, খেতিত ৰাসায়নিক সাৰ, কীটনাসক আদিৰ ব্যৱহাৰে মাটিৰ মান অবনমিত কৰিছে 


৯) পৰিবেশৰ সমস্যা মানে কি বাখ্যা কৰা ǀ
উত্তৰ:- এসময়ত যেতিয়া পৃথিৱীৰ স্হলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল , তেতিয়ালৈকে পৰিবেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল ǀ পিছে যোৱা তিনিটা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হল যে পৰিবেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাবাৱিক হৈ নাথাকিল ǀ পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া কলাপৰ চাপ পৰিল ǀ এহাতে অৰণ্যভূমি হ্ৰাস পালে আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে ǀ পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হবলৈ ধৰিলে ǀ পৰিবেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিবেশিক সমস্যা বা পৰিবেশৰ সমস্যা বোলে ǀ


১০) ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উত্তৰ:- ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ধৰণে ভগাব পাৰি— (ক) স্থানীয় সমস্যা ,(খ)আঞ্চলিক সমস্যা  আৰু (গ) গোলকীয় সমস্যা ৷

(ক) স্থানীয় সমস্যা –  যিবোৰ সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা একো-একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে সেইবোৰে স্থানীয় সমস্যা ৷ উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ ৷

(খ) আঞ্চলিক সমস্যা –  যিবোৰ সমস্যা একো-একোটা ভৌগাোলিক অঞ্চল জুৰি সৃষ্টি হয় সেইবোৰে হ’ল আঞ্চলিক সমস্যা  । উদাহৰণস্বৰূপে অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ৷

(গ) গোলকীয় সমস্যা  – যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীক সামৰি লয় সেইবোৰেই গোলকীয় সমস্যা ৷ উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি।


১১) পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
উত্তৰ:-  যিবোৰ সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা একো-একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে সেইবোৰলই হ’ল স্থানীয় সমস্যা ৷ উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।


১২) পৰিবেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ǀ
উত্তৰ:- অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ǀ

          মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্হ পানীৰ নাটনিজনিত সমস্যা ǀ


১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰ:- যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীক সামৰি লয় সেইবোৰেই গোলকীয় পৰিৱেশ সমস্যা বোলি কোৱা হয় ৷ উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি।


১৪) পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা।
উত্তৰ:- বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্থলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান ।


১৫) প্ৰদূষণৰ অৰ্থ লিখা ǀ
উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয় ǀ


১৬) পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
উত্তৰ:- পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাবিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিবর্তন ঘটোৱা এনে প্রক্রিয়াকে পানী প্রদূষণ বুলি কোৱা হয়।

              সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নিৰ্গত অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। তেনে পানী মানুহৰ দৈনন্দিন ব্যৱহাৰ উপযোগী নহয়। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। উদহৰণস্বৰূপে আমাৰ গুৱাহাটী মহানগৰীৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰা ভৰলু নৈখন মহানগৰৰ আৱৰ্জনা আৰু শিল্প-উদ্যোগৰ পেলনীয়াই বেয়াকৈ প্ৰদূষিত কৰিছে ৷


১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ:- মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্রাস পায়। মাটিৰ এনে অৱস্থা সৃষ্টি কৰা প্ৰক্ৰিয়াক মাটি প্ৰদূষণ বুলি কোৱা হয়।

           সাধাৰণতে আধুনিক কৃষিকাৰ্য্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্রমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্রধানকৈ জগৰীয়া। কৃষিৰ আধুনিকীকৰণে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্রয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্রয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূ-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱর্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰব প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট- পতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্রাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্রাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰপৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। এইদৰে পৃথিৱীৰ বেছিভাগ ঠাইতে মাটি প্ৰদূষণ এটা সর্বাত্মক সমস্যাৰ দৰে হৈ পৰিছে।


১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ǀ
উত্তৰ:- বায়ুত কিছুমান বিশেষ গেছ-নাইট্ৰজেন,অক্সিজেন,কাৰ্বন ডাই অক্সাইড,মিথেন,আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে ǀ এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে ǀ কিবা কাৰণত এই ভাৰসম্যতা নষ্ট হলে বায়ুৰ স্বাভাৱিক অৱস্হাৰ পৰিবৰ্তন ঘটে ǀ এনে পৰিবৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে ǀ

         প্ৰাকৃতিক কাৰক-আগ্নেয়গিৰি উদ্গীৰণ ( ধোৱা,ধূলি ছাই আৰু ছালফাৰ ডাই অক্সাইড গেছনিৰ্গত হয়ǀ)

         বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়

           মানৱ সৃষ্ট কাৰক-শিল্প উদ্যোগৰ প্ৰসাৰ,নগৰীকৰণ,যান বাহনৰ বৰ্ধিত ব্যৱহাৰ,আণৱিক বিস্ফোৰণ,জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ  ইত্যাদি ǀ


১৯) মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰ:- পৃথিৱীৰ কিছুমান অঞ্চল য’ত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভবন বেছি লগতে পৰিৱেশ শুকান আৰু গাছ গছনি কম, তেনে অঞ্চলবোৰক মৰুভূমি বোলে ৷ মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্রায় ২০ শতাংশ সামৰি আছে।
             মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। আফ্রিকা মহাদেশৰ নাইৰবিত ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল। মৰুকৰণ সম্বন্ধীয় এই সন্মিলনে মৰুকৰণ প্ৰক্ৰিয়াৰ সংজ্ঞা দিছিল এইদৰে – ‘মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।


২০) মৰুকৰণৰ কাৰণ দৰ্শোৱা ǀ
উত্তৰ:- প্ৰাকৃতিক কাৰক-খৰাং বতৰ,গোলকীয় উত্তাপ বৃদ্ধি

          মানৱসৃষ্ট কাৰক-অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, অত্যাধিক হাৰত বনাঞ্চল ধ্বংস ǀ


২১) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?
উত্তৰ:- মৰুকৰণ সমস্যাৰ সমাধান অসম্ভৱ নহয় যদিও ই এক প্ৰত্যাহ্বানমূলক কাৰ্য ৷ মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সমুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্রমে জটিল হৈ আহিছে। মানুহৰ কার্যাৱলী প্রকৃতিৰ বিৰুদ্ধে পৰিচালিত হ’লে ভৱিষ্যতে এই সমস্যা আৰু অধিক জটিল হৈ পৰিব। সেয়েহে মৰুকৰণ ৰোধৰ প্রচেষ্টাও মানুহে হাতত ল’ব লাগিব ৷ তাৰ বাবে বিশ্বৰ আটাইবোৰ দেশে একত্ৰিত হৈ বননীকৰণ, মাটীৰ ক্ষয়ীভৱন ৰোধ, বৰষুণৰ পানী সংৰক্ষণ, বৈকল্পিক শক্তিৰ উৎভাৱন আদি কাৰ্যসূচী হাতত ল’ব লাগিব ৷


২২) গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা।
উত্তৰ:- যিকোনো কাৰণতে সেউজগৃহ গেছৰ পৰিমাণ বঢ়াৰ ফলত ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হোৱাকে  গোলকীয় উত্তাপ বৃদ্ধি বোলা হয় ৷
            গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল বায়ুমণ্ডলত সেউজগৃহ গেছ যেনে কার্বন-ডাই-অক্সাইড (CO2),  মিথেন (CH4), নাইট্রাছ অক্সাইড (NO2) আদিৰ পৰিমাণ বৃদ্ধি ৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কার্বন-ডাই-অক্সাইডৰ ভূমিকা সর্বাধিক। আমি জানো যে শিল্প-বিপ্লৱৰ পৰৱৰ্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্ৰমে বৃদ্ধি পাবলৈ ধৰে আৰু কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কার্যও বাঢ়ে। ইয়াৰ পৰিণতিস্বৰূপে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে।                            
              মানুহৰ কার্যাৱলীৰ লগতে আগ্নেয় উদগিৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে। এইদৰে যোৱা প্রায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় ৩০ শতাংশ বাঢ়িছে। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্রাছ অক্সাইড, ক্লৰ’ফ্লৰ’ কার্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্রাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো উত্তাপ কিছু হলেও বৃদ্ধি কৰিছে।


২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ǀ
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব-
       1)মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন
        2)সাগৰপৃষ্ঠৰ উত্থান
       3)উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম,বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিবৰ্তন
        4)শস্য উৎপাদন হ্ৰাস
        5)মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব    


২৪) গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ নিম্নোলিখিত উপায়সমূহ গ্ৰহণ কৰিব পাৰি –
(i) অধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা ৷
(ii) ক্লৰ’ফ্লৰ’কাৰ্বন ব্যৱহৃত সজঁলি যেনে ফ্ৰীজ, এ.চি আদিৰ ব্যৱহাৰ হ্ৰাস কৰা ৷
(iii) গছ-গছনি কটা ৰোধ কৰা ৷
(iv) বননিকৰণ বৃদ্ধি  কৰা ৷
(v) জনসংখ্যা নিয়ন্ত্ৰন কৰা ৷
(vi) সমাজত পৰিৱেশৰ সংৰক্ষণ সচেতনতা বৃদ্ধি কৰা ৷


*

Post a Comment (0)
Previous Post Next Post