অৰ্থনৈতিক উন্নয়ন
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম অৰ্থনীতি পাঠ ২
class 10 social science question answer assamese medium economics
chapter 2
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন
১) বাখ্যা কৰা (এটা বাক্যত)
(ক) অৰ্থনৈতিক বিকাশ
উত্তৰ:- দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ
(খ) অৰ্থনৈতিক উন্নয়ন
উত্তৰ:- এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ
(গ) মানৱ উন্নয়ন
উত্তৰ:- মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ǀ
(ঘ)অৰ্থনৈতিক পৰিকল্পনা
উত্তৰ:- নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হবলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল-অৰ্থনৈতিক পৰিকল্পনা
(ঙ)গণতান্ত্ৰিক পৰিকল্পনা
উত্তৰ:- যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়,সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা ǀ
(চ) উদাৰীকৰণ
উত্তৰ:- দেশৰ আৰ্থিক ব্যৱস্হাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ’ল উদাৰীকৰণ ǀ
(ছ) ব্যক্তিগতকৰণ
উত্তৰ:- চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্হাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হ’ল ব্যক্তিগতকৰণ ǀ
(জ) গোলকীকৰণ বা বিশ্বায়ন
উত্তৰ:- দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল -গোলকীকৰণ বা বিশ্বায়ন ǀ
চমু উত্তৰৰ প্রশ্ন
২)অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।
উত্তৰ:- অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য তলত উল্লেখ কৰা হ’ল –
অর্থনৈতিক বিকাশ
ক)অর্থনৈতিক বিকাশদেশ এখনৰ জাতীয় আয় আৰু জনমুৰি আয় বৃদ্ধিৰ লগত জড়িত ৷
খ) অর্থনৈতিক বিকাশ সংখ্যাগত বা পৰিমাণগত সীমিত ধাৰণা ৷
অর্থনৈতিক উন্নয়ন
ক) অর্থনৈতিক উন্নয়নঅৰ্থনৈতিক বিকাশৰ লগতে আয় বিতৰণৰ লগত জড়িত ৷
খ) অর্থনৈতিক উন্নয়ন এটা গুণগত তথা বিস্তাৰিত ধাৰণা ৷
৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?
উত্তৰ:- মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে-
1) প্ৰত্যাশিত আয়ুস
2) শিক্ষা
3) জীৱন যাত্ৰাৰ মান
৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?
উত্তৰ:- সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে মানৱ উন্নয়ন হোৱা বুজাব ৷ বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় ৷
৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰ:- ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য হৈছে-
ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা
খ) আৰ্থ সামাজিক বৈষম্য দুৰ কৰা
গ) দৰিদ্ৰতা নিৰ্মূল কৰা
৬) NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰ:- NITI আয়োগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। আয়োগৰ অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
দীঘল উত্তৰৰ প্রশ্ন
৭)ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা ǀ
উত্তৰ:- ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল ǀ ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ ǀ প্ৰায়বিলাক ঔদ্যোগীক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল ǀ অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান্য লাভ কৰিছিল ǀ ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইএইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্যৰাজ্যক চুব পৰা নাছিল ǀদেখা গল, সময়ত দেশৰ অৰ্থনীতিৰ উন্নয়ন হাৰ আশানৰূপ নহল ǀ
১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিবৰ্তন আহিল ǀ ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল ǀ অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে ǀ সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক প্ৰদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে ǀ দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে ǀপাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ǀ কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে ǀ
৮) ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ:- ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ আছে-
প্রথম, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল।
দ্বিতীয়তে, প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিছিল।
তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰপৰা মূলধনৰ বহির্গমণ হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল।
৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ǀ
উত্তৰ:- অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-
ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ
খ) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ
গ) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ǀ
১০) অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ:- অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা উল্লেখ কৰা হ’ল –
(i) এই সংস্কাৰ নীতিয়ে প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্রী বজাৰলৈ আহিব ধৰিছে। এই প্রতিযোগিতা সুস্থ হ’ব লাগিলে জনসাধাৰণৰ ক্রয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব।
(ii) পণ্যৰ প্রতি অত্যধিক আসক্তিয়ে ভোগবাদী অর্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্রতি এক ভাবুকি হ’ব পাৰে।
১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ
উত্তৰ:- অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল-
ক) জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ǀ
খ) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ
গ) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ
ঘ) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা ǀ
ঙ) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ
চ) অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা ǀ
