মুদ্ৰা আৰু বেংক ব্যৱস্থা দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম অৰ্থনীতি পাঠ ১ class 10 social science question answer assamese medium economics chapter 1 seba hslc class 10 AssamQna

মুদ্ৰা আৰু বেংক ব্যৱস্থা
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম অৰ্থনীতি পাঠ ১
class 10 social science question answer assamese medium economics
 chapter 1
seba hslc class 10  AssamQna


মুদ্ৰা আৰু বেংক ব্যৱস্থা দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম অৰ্থনীতি পাঠ ১ class 10 social science question answer assamese medium economics  chapter 1 seba hslc class 10  AssamQna


অনুশীলনী


অতি চমু উত্তৰৰ প্ৰশ্ন


১)বিনিময় প্ৰথা কি ?
উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল- বিনিময় প্ৰথা ।


২) মুদ্ৰা কি ?
উত্তৰ:- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্যসম্পাদন কৰা যিকোনো সামগ্ৰীয়ে সম্পদ ǀ


৩)মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা ǀ
উত্তৰ:- মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হয় ǀ


৪) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ǀ
উত্তৰ:- চেক মুদ্ৰা ǀ


৫) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ?
উত্তৰ:- পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল ǀ এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল ǀ


৬) বেংক কি  ?
উত্তৰ:- বেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে ǀবেংকে সঞ্য়কাৰীৰ       পৰা সঞ্চয় সংগ্ৰহ কৰে সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায় ǀ


৭) ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্হাপিত হৈছিল ?
উত্তৰ:- ১৯৩৫ চনত


৮) চলিত আমানত কি ?
উত্তৰ:- এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে মিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ǀ


চমু উত্তৰৰ প্ৰশ্ন


১) সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰ:- সংগতিবিহীন অভাৱে বিনিময় প্রথাত সমস্যাৰ সৃষ্টি কৰে ৷ বিনিময় হ’বলৈ হ’লে বিনিময় কৰিব বিচৰা দুয়োপক্ষৰ অভাৱৰ সংগতি থকা উচিত অন্যথা বিনিময় সম্ভৱ নহয় ৷ উদাহৰণ স্বৰূপে, প্ৰথমে ‘ক’ই ধান উৎপাদন কৰিছে আৰু ‘ক’ৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে ৷ দ্বিতীয়তে, ‘খ’ই কুঁহিয়াৰ উৎপাদন কৰিছে আৰু ‘খ’ৰ ধানৰ প্ৰয়োজন হৈছে ৷ ইয়াত দুয়োৰে অভাৱৰ সংগতি থকা বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ৷ ধৰাহ’ল ‘খ’ৰ ধানৰ প্ৰয়োজন নাই, মাছহে বিচাৰিছে ৷ তেনে অৱস্থাত ‘ক’ আৰু ‘খ’ৰ বিনিময় হ’ব নোৱাৰে ৷


২) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰ:- মুদ্ৰা ব্যৱস্হাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ সেয়ে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি ǀ


৩) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?
উত্তৰ:-  ‘মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব ৷’ – মুদ্ৰাৰ এই বৈশিষ্ট্যটো সবাতোকৈ গুৰুত্বপূৰ্ণ ৷ কাৰণ মুদ্ৰাৰ এই  বৈশিষ্ট্যটো নাথাকিলে ই বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে ৷


৪) মুদ্ৰাৰ তাৰল্য গুণ কি ?
উত্তৰ:- যি কোনো মুদ্ৰা সমমূল্যৰ  সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়,ইয়ে মুদ্ৰাৰ তাৰল্য গুণ ǀ


৫) ‘মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’– ব্যাখ্যা কৰা।
উত্তৰ:- সকলো আর্থিক সামগ্ৰীৰ মূল্য আছে।  যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম আৰু সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় সেয়েহে ক’ব পাৰি যে মুদ্রা সা-মগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ৷


৬)সসীম বিহিত আু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি ?
উত্তৰ:- যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা ǀ এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয় ǀ যেনে- কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে ǀভূমিডৰাৰ মূল্য ১০ লাখ টকা ǀভূমি ক্ৰয় কৰোতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে ,বিক্ৰী কৰোতাজনৰ অসুবিধা হব ǀ গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হব ǀ অধিক মূল্যৰ মুদ্ৰা হব  অসীম বিহিত মুদ্ৰা ǀ এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি ǀ


৭) আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ?
উত্তৰ:- আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাৰ্য দুটা হ’ল–
(i) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহদিয়া আৰু
(ii) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ৷


৮) অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ ?
উত্তৰ:- অনা-বেংক প্রতিষ্ঠান আৰু বেংকৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –

অনা-বেংক প্রতিষ্ঠান
ক) চেকৰ ব্যৱস্থা নথকা বাবে চেকৰ জৰিয়তে সঞ্চয়কৰীয়ে নিজৰ জমা ধন উলিয়াব নোৱাৰে ৷
খ) জমাকাৰীৰ সঞ্চয় বীমা আঁচনি নাথাকে ৷

বেংক
ক) চেকৰ ব্যৱস্থা থকা বাবে চেকৰ জৰিয়তে সঞ্চয়কৰীয়ে নিজৰ জমা ধন উলিয়াব পাৰে ৷
খ) জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে ৷


দীঘল উত্তৰৰ প্ৰশ্ন


১) বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা বাখ্যা কৰা ǀ
উত্তৰ:- ক) সংগতিহীন অভাৱ- অভাৱ ৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি ǀ ‘ক’ ই আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘খ’ ই ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে ǀ এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি  অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে ‘খ’ দাইল বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওৰ বিনিময় নহব ǀ

খ) হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ- বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত ǀ প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব ǀ যেনে – ১ টা আমৰ সমান ৩টা বগৰী ǀ কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হব তাৰো নিশ্চয়তা নাথাকে  ǀ বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব ǀ বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলো বোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব ǀ সেইয়া অসম্ভৱ কথা ǀ

গ) বিভাজনীয়তাৰ অভাৱ-  কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি ǀ বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে ǀ যেনে- এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে, তেনে অৱস্হাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয় ǀ

ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱ-  বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল ǀ সামগ্ৰী বোৰ বেছিদিন সাঁচি ৰাখিব নোৱাৰি ,নষ্ট হৈ যায় ǀ


২) মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰ:- মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।

খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

গ) মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্রী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্রা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্রী বেছি দিনলৈ নিটিকে।

ঘ) মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন ১০০ টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০ টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয়, তেনেহ’লে সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব।


৩) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ
 উত্তৰ:- মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে-
(ক) বিনিময়ৰ মাধ্যম-  বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল ǀ মুদ্ৰা ব্যৱস্হাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় ǀ ধান উৎপাদন কৰা ব্যক্তি এজনে বজাৰত ধান বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে ǀ

(খ) সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী- মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ,কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

(গ) স্হগিত দেনা পাওনাৰ মান- কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ǀ ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোতে সময় লয় ǀ এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালিন নহয়, প্ৰক্ৰিয়াটো স্হগিত কৰি ৰখা হয় ǀ সকলোবোৰ স্হগিত দেনা পাওনাৰ মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

(ঘ) মূল্য ভাণ্ডাৰ

          মুদ্ৰা ব্যৱস্হাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ অৰ্থাৎ মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি ǀ


৪) চেক এখন মুদ্রা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।
উত্তৰ:- চেক এখন মুদ্ৰা নহয় ৷  ই মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন ৷ চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ৷ উদাহৰণস্বৰূপে ২০০ টকা মুল্যৰ কিতাপ এখন ক্ৰয় কৰি  দুশ টকাৰ চেক এখন লিখি  দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। যদিহে নকৰে দোকানীজনক কাঠগড়ালৈ নিব নোৱাৰি। কাৰণ চেকখন বিহিত মুদ্রা নহয়। ইয়াক ‘ধনাদেশ’ বা নিকট মুদ্রা বুলিও কোৱা হয়।



৫) মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা বাখ্যা কৰা ǀ
উত্তৰ:- মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-

(ক) মুদ্ৰাৰ মূল্যৰ স্হিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয় ǀমূদ্ৰাৰ মূল্য অৱিৰত ভাৱে কমি গলে মানুহৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগীয়া হয় ǀ

(খ) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হব পাৰে ǀইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে ǀ

(গ) মুদ্ৰৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে ǀ মুদ্ৰাক লৈ সমাজত দুৰ্নীতি,অনিয়ম,অবিচাৰৰ সৃষ্টি হব পাৰে ǀ

(ঘ) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয় ǀ ক’লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ ǀ ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চোৰকৈ অনিয়মত টকা পইচা বা ধন সম্পত্তি জমা কৰাই ক’লা মুদ্ৰা ǀ


৬) কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।
উত্তৰ:- কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য হ’ল –
ক)কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে। কেন্দ্রীয় বেংকৰএইটা একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই ।

খ)কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে ৷  বাণিজ্যিক বেকসমূহৰ  ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ৷ কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রন কৰিব পাৰে।

গ) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে  আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।

ঘ) কেন্দ্রীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে (ৰাজ্য চৰকাৰসমূহে নহয়) কেন্দ্রীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্রীয় বোকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়।


৭) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ
উত্তৰ:- ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে ǀএই সঞ্চয় তিনি প্ৰকাৰৰ ǀ
১)চলিত আমানত 
২) স্হিৰ আমানত 
৩) সঞ্চয় আমানত

চলিত আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ǀস্হিৰ আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় উলিয়াই আনিবলৈ হলে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব ǀ সঞ্চয় আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে সঞ্চয়ৰ এটা অংশ নিজৰ ইচ্ছানুযায়ী উলিয়াই আনিব পাৰে আৰু আনটো অংশ উলিয়াবলৈ  হলে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিবǀ

          খ) বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে ǀ কৃষক, উদ্যোগপতি, কাৰিকৰ    ঠেলাচালক,    ৰিক্সাচালক আদিকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই বংকৰ পৰা ঋণ লাভ কৰে ǀ

 
৮)তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা

(ক) আই ডি বি আই
উত্তৰ:- ১৯৬৪ চনত ভাৰতীয় ঔদ্যোগিক বেংক বা  আই ডি বি আইস্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ’ল–

          ক)উদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।

          খ)ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃথিত সহায় কৰা। এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহায্য আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়।

         গ)অর্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

         ঘ)বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।
 
 
(খ) আঞ্চলিক গ্রাম্য বেংক
উত্তৰ:- ১৯৭৫ চনত ভাৰতত প্ৰথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল–

(i) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু

(ii) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ৷  

           ভাৰতবৰ্ষত বর্তমান (২০১৪ চন) ৫৭টা আঞ্চলিক গ্রাম্য বেংক কার্যকৰী হৈ আছে।


(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
উত্তৰ:- ১৯৮২ চনত নাবার্ড বা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকস্থাপন কৰা হয়।

নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ’ল –

(i) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীর্ষ বিও যোগানকাৰী প্রতিষ্ঠান হ’ল নাবার্ড।

(ii)  ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে।

(iii) সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে ।


(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক।
উত্তৰ:- ১৯৮৯ চনত সংসদত ছিদবি আইন গৃহীত হয় আৰু ১৯৯০ চনৰপৰা ছিদবি বা ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক কাৰ্যকৰি হৈ উঠে। ছিদবিৰ মুখ্য কার্যালয় লক্ষ্ণৌত অৱস্থিত। ছিদবিৰ মুখ্য কার্যাৱলী হ’ল –

(i)  ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা

(ii)  ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাৰে বজাৰৰ সুবিধা কৰি দিয়া;

(iii)  অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অর্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰোধ কৰা আৰু

(iv)   ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা।
 
 
 

*

Post a Comment (0)
Previous Post Next Post