ভাৰতীয় গণতন্ত্ৰ
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ৰাজনীতি পাঠ ১
class 10 social science question answer assamese medium political
chapter 1
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন
১) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।
উত্তৰ:- শ্ৰমিক দল ǀ
২) কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ:- ১৯৪৬ চনৰ মাৰ্চ মাহত
৩) সংবিধান সভাৰ প্ৰথম সভা পতি কোন আছিল ?
উত্তৰ:- ডঃ সচিদানন্দ সিংহ ।
৪) খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?
উত্তৰ:- ড ̊ বি আৰ আম্বেদকাৰ
৫ ) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?
উত্তৰ:- ৪২ তম সংশোধনী ।
৬) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰ:- Foedus শব্দৰ পৰা আহিছে ।
৭) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয় ।
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰক
৮) ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰ:- নাই
৯) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
উত্তৰ:- ইংলেণ্ডৰ সংবিধানৰ পৰা
চমু উত্তৰৰ প্ৰশ্ন
১) ব্রিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল ?
উত্তৰ:- ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্রিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠাইছিল ৷
২) ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰত ৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনৰখন কোনে প্ৰস্তুত কৰিছিল ?
উত্তৰ:- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন ǀ
এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল ।
৩) প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে ?
উত্তৰ:- প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ৷
৪) ‘সার্বভৌম’ মানে কি বুজা ?
উত্তৰ:- সার্বভৌমত্ব হৈছে ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা। ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ হ’ল বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবর্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
৫) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাদী'আৰু 'ধৰ্মনিৰপেক্ষ'শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী ǀ
৬) ‘অর্ধ যুক্তৰাষ্ট্র’ কাক বোলে ?
উত্তৰ:- কোনো ৰাষ্ট্রৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য থাকিলে তেনে ৰাষ্ট্ৰক ‘অর্ধ-যুক্তৰাষ্ট্র’ বুলি কোৱা হয়।
৭) কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:- "১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন" ǀ
দীঘল উত্তৰৰ প্ৰশ্ন
১)ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ?
উত্তৰ- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি ǀ ইয়াত সংবিধানৰ দৰ্শন,আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে ǀ প্ৰস্তাৱনাটো উল্লেখিক কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি ǀপ্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিব পাৰি ǀ
ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ ǀ
(ক) স্বাধীনতা – ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে ǀ
(খ) ন্যায়- সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চত কৰিছে ǀসামাজিক ন্যায় প্ৰতিষ্টাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্হা লোৱা হব ǀ ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লবলৈ সুবিধা দিয়া ৰ কথা কোৱা হৈছে ,অৰ্থনৈতিক ন্যায় প্ৰতিষ্টাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেমী বিভাজন আতৰাবলৈ ব্যৱস্হা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ǀ
(গ) সমতা- আইনৰ চকুত সকলো সমান ǀপৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত ǀ
(ঘ) ভাতৃত্ববোধ - ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী ǀ
২) ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধর্মনিৰপেক্ষ’, ‘গণতান্ত্রিক আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।
উত্তৰ:- ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধর্মনিৰপেক্ষ’, ‘গণতান্ত্রিক আৰু ‘গণৰাজ্য’ – এই শব্দ কেইটা তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি –
সার্বভৌম – সার্বভৌমত্ব হৈছে ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
সমাজবাদী – ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্র। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্রস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ’ব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্র অর্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা হ’ব। দেশৰ অর্থনীতি জনসাধাৰণে নির্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহ’ব।
ধর্মনিৰপেক্ষ – ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’ব। ইয়াত চৰকাৰী ধর্ম বুলি কোনো ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্রতি বিশেষ অনুগ্রহ প্রদর্শন নকৰিব। উল্লেখ্য যে এই ধর্মনিৰপেক্ষ শব্দটো প্রস্তাৱনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।
গণতান্ত্রিক – ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।
গণৰাজ্য – ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন(ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ’ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব।
৩) নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা ?
উত্তৰ:- সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল । ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।
ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল-
1) সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম , প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ।
2) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব ।
3) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব ।
4) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব ।
5) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব ।
6) আন্তজাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ǀ
7) জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় ǀ চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব ǀ
8) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব ǀ
উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল ǀ
8) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ :- ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –
১।সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অর্ধ-যুক্তৰাষ্ট্র, ব্যতিক্রমধর্মী যুক্তৰাষ্ট্র, কেন্দ্রীভূত যুক্তৰাষ্ট্র’ , ‘গঠনত যুক্তৰাষ্ট্র কিন্তু আদর্শত এককেন্দ্রিক’ বুলি অভিহিত কৰিছে।
২। আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ নাই।
৩। আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতবর্ষ যুক্তৰাষ্ট্রৰ বাবে এখন সংবিধান আৰু সেইখন হ’ল ভাৰতীয় সংবিধান ।
৪। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী।
৫। যদিও সংবিধানে তিনিধন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্রীভূত হৈ থাকে।
৬। ৰাজ্যপালসকলৰ নিযুক্তিৰ প্রক্রিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই । ৰাজ্যপালে ৰাজ্যখনত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে।
৭।ভাৰতবর্ষত ‘দ্বৈত নাগৰিকত্ব’ৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্র ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে ৷
৫) ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ǀ
উত্তৰ:- ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্হাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্হা কৰিছে ǀ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্হা কৰিছিল ǀ পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল ǀ অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক,সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল ǀ
ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-
1) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয় বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় ǀ
2) ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত ǀএখন উচ্চসদন (আন এটা নাম ৰাজ্যসভা)আৰু আনখন নিম্নসদন(আন এটা নাম লোকসভা)ǀউচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত ǀ ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক ǀ
3) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয় ǀ
