আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ৰাজনীতি পাঠ ২
class 10 social science question answer assamese medium politics
chapter 2
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন
১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰ:- ১৯১৪ চনৰ প্ৰথম বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তজাতিক সংগঠন এটা গঠন হৈছিল ǀ কিন্তু ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ’ল ǀইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্হাপনৰ প্ৰচেষ্টা চলে ǀ তাৰে ফলশ্ৰুতিত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়।
২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছে –
(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ৷
(ii) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা ৷
৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম –
(i) সাধাৰণ সভা
(ii) নিৰাপত্তা পৰিষদ
(iii) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ,
(iv) ন্যাসৰক্ষী পৰিষদ
(v) আন্তৰ্জাতিক ন্যায়ালয় আৰু
(vi) সচিবালয় ৷
৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে-
(ক) আন্তর্জাতিক শ্রমিক সংস্থা
(খ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
৫) নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰ:- নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল –
(i) আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফৰণ নিষিদ্ধ চুক্ত,
(ii) বহিঃ মহাকাশ চুক্তি ৷
৬) মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰ:- বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় ,এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে ।
চমু উত্তৰৰ প্ৰশ্ন
১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
উত্তৰ:- ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যকেইটা হ’ল-
(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(ii) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধ ত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
(iii) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
(iv) উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্র হিচাপে কার্য সম্পাদন কৰা।
ইয়াৰ নীতিকেইটা তলত উল্লেখ কৰা হ’ল –
(i) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
(ii) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
(iii) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
(iv) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
(v) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্রক সহায় কৰিব নোৱাৰিব।
(vi) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ'ল নিৰাপত্তা পৰিষদ । আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ǀ ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল- আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন ǀ স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্রহণ নহয় ।
৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰ:- বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ এনে ধৰণৰ –
(i) নিৰস্ত্রীকৰণ আয়োগ গঠন – নিৰস্ত্রীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অর্থে ৰাষ্ট্ৰসংঘই ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ৰীকৰণ আয়োগ গঠন কৰে।
(ii)চুক্তি সমূহ – ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’, ১৯৬৭ চনত বহিঃ মহাকাশ চুক্তি’, ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি’, ১৯৭১ চনত সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’, ১৯৭২ চনত ‘ছল্ট-১’ চুক্তি, ১৯৭৯ চনত ছল্ট-২’ চুক্তি, ১৯৯৩ চনত পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি, ১৯৯১ আৰু ১৯৯৩ চনত START-1 আৰু START-2 (Strategic Arms Reduction Treaty), ১৯৯৬ চনত ১৫৮খন ৰাষ্ট্ৰৰ সমর্থনত সম্পাদিত ‘পাৰমাণৱিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তি বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে।
(iii) প্ৰতিৰোধমূলক কূটনীতি – ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্রহণ কৰা প্ৰতিৰোধমূলক কূটনীতি’ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
8) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰ:- ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেইমর্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্রপতিৰৰ এখন অধ্যাদেশ অনুসৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ নামে জনা যায়। এই আইনমতে ৰাজ্য বিলাকতত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব। সদস্যসকলৰৰ ভিতৰত (১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ, (২) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু (৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্রপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পর্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্র প্রহৰীৰ ভূমিকা ল’ব লাগে।
৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰ:- ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে ,ঠিক তেনেদৰে বিশ্বত প্রতিজন মানুহে যাতে মর্যাদাপূর্ণ জীৱন-যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্হাও কৰিছে ǀ এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্রৰ সমর্থনত ‘মানৱ অধিকাৰ ঘোষণা পত্র’ গ্রহণ কৰে ।
এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণা পত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে- প্ৰথমে, বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে,এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।
এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে ǀ নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকান কৰিব নোৱাৰে ǀ দেশৰ নাগৰিকক এই অধিকাৰ বোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তাৰ ৰক্ষা কৰাতো সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে ǀ
