মহীয়সী হেলেন কেলাৰ
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১০
assamese lesson 10
class 6 assamese question answer assamese medium
class 6 AssamQna
৩। তলৰ বাক্যশাৰী পঢ়ি কোনে , কেতিয়া, কিয় আপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা।
“বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল।”
উত্তৰ:- হেলেন কেলাৰৰ ডেৰ বছৰ বয়সতে হোৱা মেনিনজাইটিছ্ ৰুগটোৰ বাবে তেওঁ কাণৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাকশক্তিও লোপ পাইছিল সন্তানৰ এনে বিষাদ পূৰ্ণ অৱস্থা দেখি মাক-দেউতাকৰ মন ভাগি পৰিছিল। বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহক আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেওলোকে আপ্ৰাণ চেষ্টা কৰিছিল।
৪। খালী ঠাই পূৰ কৰা।
(ক) ______ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰালাল নেহেৰুৱে ভাষণ দি থাকোতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি _______ কৰি সকলোকে _______ কৰিলে।
উত্তৰ:- ১৯৫৪, ষ্পৰ্শ, অবাক
(খ) ______ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক ______ পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত ________ ৰোগত আক্ৰান্ত হৈছিল।
উত্তৰ:- ১৮৮০, মধ্যবিত্ত, মেনিন্জাইটিছ্
(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে _______ সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ______ চনত।
উত্তৰ:- অন্যলোক, ১৯৬৮
(ঘ) ________ ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন - বিততকৈ মৰম, ______ আৰু ______ বেছি প্ৰয়োজন।
উত্তৰ:- গ্ৰাহাম বেলে, চেনেহ, আত্মবিশ্বাসৰহে
৫। মহীয়সী নাৰীগৰাকীৰ জীৱনটো তোমাৰ কথাৰে লিখা ।
উত্তৰ:- মার্কিন যুক্তৰাষ্ট্ৰৰ এজন সামৰিক বিষয়াৰ প্ৰথম সন্তান হিচাপে ১৮৮০ চনত হেলেন কেলাৰৰ জন্ম হৈছিল । ডেৰ বছৰ বয়সত হেলেন মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈ শ্ৰৱণ শক্তি , দৃষ্টিশক্তি হেৰুৱাইছিল । সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি পিতৃ - মাতৃ মর্মাহত হৈছিল আৰু চিকিৎসাৰ দ্বাৰা সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল । শেষত পিতৃ গ্রাহাম বেলৰ পৰা সহায় বিচাৰিলে । গ্রাহাম বেলে হেলেনৰ সমস্যা সমাধান কৰিবলৈ এনি চুলিভানক নিয়োগ কৰিলে । এনি চুলিভানে অতি মৰমেৰে হেলেনক ওঁঠৰ কঁপনিৰ দ্বাৰা মনৰ ভাব বুজি পোৱা কৌশলটো শিকাই দিলে । অৱশেষত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি হেলেন কেলাৰে ১৯০৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰীও ল'লে । পাছত বিশেষ প্রয়োজন সম্পন্ন ব্যক্তিসকলৰ শিক্ষা আৰু বিকাশৰ বাবে প্রতিষ্ঠিত প্রতিষ্ঠান এখনৰ অধ্যক্ষ নিযুক্ত হয় । তেখেতে মানৱ সেৱাৰ হকে বহুতো গ্ৰন্থ ৰচনা কৰিছিল , যুদ্ধত আহতসকলৰ প্ৰতি সেৱা আগবঢ়াইছিল , নানান সংগঠনৰ জন্ম দিছিল আৰু সেৱাৰ মনোভাৱেৰে পৃথিৱীজুৰি ভ্ৰমণ কৰি বক্তৃতা দিছিল । ১৯৬৮ চনত এগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল ।
৬। দলত আলোচনা কৰি উত্তৰ লিখা।
''চলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।''
(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰ:- হেলেন কেলাৰক শিক্ষা দান কৰা শিক্ষয়ত্ৰী গৰাকীৰ কথা কোৱা হৈছ।
(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল?
উত্তৰ:- চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।
(গ) চুলিভানে হেলেন কেলাৰক কি শিকাইছিল ?
উত্তৰ:- চুলিভানে হেলেন কেলাৰক ওঠৰ কপনি অনুভৱ কৰি মানুহৰ মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল ।
৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়ো আহা।
উত্তৰ:- হিমাচল- হিম + অচল
বিদ্যালয়- বিদ্যা + আলয়
হিমালয়- হিম + আলয়
মণিন্দ্ৰ- মণি + ইন্দ্ৰ
অতীন্দ্ৰিয়- অতি + ইন্দ্ৰিয়
পৰীক্ষা- পৰি + ঈক্ষা
অত্যাচাৰ- অতি + আচাৰ
যথেষ্ট- যথা + ইষ্ট
যথোপযুক্ত- যথা + উপযুক্ত
নাৱিক- নৌ + ইক
