আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৯
assamese lesson 9
class 6 assamese question answer assamese medium
class 6 AssamQna
২। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা 'মই' শব্দটোৱে কাক বুজাইছে?
উত্তৰ:- পাঠটোৰ লিখকজনক বুজাইছে।
(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?
উত্তৰ:- সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰিকাকতখন আবেলি পৰত হে আহি পৰিছিল।
(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল?
উত্তৰ:- এখন বাছত আহিছিল।
(ঘ) বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল?
উত্তৰ:- কাকত-পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ।
৩। উত্তৰ দিয়া।
(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা ?
উত্তৰ:- পাঠত উল্লেখ থকা সাপ্তাহিক কাকত খনৰ নাম হ'ল কাশীযাত্ৰী।
(খ) আইতাকে কাকতখন কিয় ভাল পাইছিল?
উত্তৰ:- কাৰণ কাকতখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল।
(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি ?
উত্তৰ:- কাইলৈৰ পৰা মই কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম। জেদ কৰি হ'লেওঁ শিকিম আৰু সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম। মই শিকিব লাগিবলৈ যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত মই স্বাধীন হ'বই লাগিব।
৫। দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে, আলোচনা কৰা।
উত্তৰ:- আইতাকে কাইলৈৰ পৰা কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম বুলি কোৱা কথাষাৰত আইতাকৰ মনৰ দৃঢ়সংকল্প প্ৰকাশিত হৈছে। পাঠটোৰ এই অংশতে আইতাকৰ মনৰ দৃঢ় সংকল্প প্ৰকাশ পাইছে।
৬। তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?
(ক) ”ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে অনেক বাধা-বিঘিনী অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ’ব পাৰিবা।”
উত্তৰ:- যেতিয়া আইতাকে এই বয়সত লিখা পঢ়া শিকিম বুলি দৃঢ় সংকল্প লৈছিল তেতিয়া নাতিনিয়েকে হাঁহি সামৰিব নোৱাৰি কৈছিল-”বাষষ্ঠি বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা। আপোনাৰ আটাইবোৰ চুলি পকিছে। হাত-মুখৰ ছাল সোঁতোৰা-সোঁতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনিঘৰৰ কাম! পাৰিব জানো আপুনি?” তেতিয়া আইতাকেও সামান্য হাঁহি মাৰি উক্ত কথাষাৰ কবলৈ ধৰিলে।
(খ) ”যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়ত্ৰীক মই কিয়বা সন্মান নকৰিম!”
উত্তৰ:- যেতিয়া আইতাকে পঢ়া-শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে আৰু সাৱলীল ভাৱে উপন্যাস পঢ়িব পৰা হল তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনিয়েকৰ আগত ব্যক্ত কৰিছিল।
৮। উপযুক্ত স্থানত যতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা।
"আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলো হাঁহি হাঁহি ক’লো বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে হা-মুখৰ ছাল সোঁতোৰা সোঁতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে এইবোৰৰ উপৰি ৰান্ধনি ঘৰৰ কাম পাৰিব আপুনি"
উত্তৰ:- আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি হাঁহি ক’লো- “বাষষ্ঠি বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা ? আপোনাৰ আইতাবোৰ চুলি পকিছে। হাত-মুখৰ ছাল সোঁতোৰা সোঁতোৰ হৈ পৰিছে চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনি ঘৰৰ কাম ! পাৰিব আপুনি ?”
৯। পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা।
উত্তৰ:- সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, বিকশিত।
