মনোৰম মাজুলী
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১২
assamese lesson 12
class 6 assamese question answer assamese medium
class 6 AssamQna
২। বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহ আদিৰ উপৰি মাজুলীত আৰু কি পালন কৰা হয়?
উত্তৰ:- আলি-য়াই-লৃগাং, বাথৌ পূজা, ৰাজকৃবাং আদি উৎসৱ পালন কৰা হয়।
৩। পাঠটো পঢ়া আৰু লিখা।
(ক) "কি ক'বা! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়।'' কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল?
উত্তৰ:- ছাত্ৰ-ছাত্ৰীসকলে সত্ৰখন পৰিভ্ৰমণ কৰি আহি ছাৰক সুধিলে মাজুলীত মুঠতে কিমানখন সত্ৰ আছে? তেতিয়া ছাৰে দুখ মনেৰে ক'বলৈ ল'লে যে বৰ্তমান মাজুলীত সৰু বৰ বাইশখন সত্ৰ আছে। আগতে অৱশ্য়ে পয়ষষ্ঠিখন সত্ৰ আছিল। এতিয়া ইয়াত সত্ৰৰ সংখ্য়া কমি গৈছে। তেতিয়া তৎক্ষণাৎ এজন ছাত্ৰই ছাৰক সুধিলে যে পয়ষষ্ঠিখন সত্ৰৰ ভিতৰত বাইশখন হে আছেগৈ, বাকী কেইখন কি হ'ল? তেতিয়া বৰুৱা চাৰে উক্ত কথাষাৰ কৈছিল।
(খ) ”বুজিছা মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটি, কমলাবাৰী, বেঙেনাআটি, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।” – কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে?
উত্তৰ:- ওপৰত দিয়া সত্ৰ সমূহৰ বৈশিষ্ট্য বোৰ হল-পালনাম আৰু অপ্সৰা নৃত্য আউনাআটি সত্ৰৰ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট্য অৱদান। ইয়াৰ উপৰি অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবেও ই বিখ্যাত। কমলাবাৰী সত্ৰ আকৌ শিল্প, সাহিত্য আৰু নানান সত্ৰীয় শৈলীৰ সংৰক্ষণ থলী। বেঙেনাআটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতেই সাঁচিপাটৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটী আদিও সংৰক্ষিত হৈ আছে।”
৬। মাজুলীৰ বিষয়ে ১০ টা বাক্য লিখা ।
উত্তৰ:- ১) মাজুলী গোটেই পৃথিৱীৰ ভিতৰতে বৃহৎ নদীদ্বীপ।
২) মাজুলীত বৰ্তমান ২২ খন সত্ৰ আছে।
৩) মাজুলীত থকা সত্ৰখমূহৰ প্ৰত্যকখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।
৪) মাজুলীৰ বেলগুৰী সত্ৰত মহাপূৰুষ দুজনাৰ মিলন হৈছিল। এই মিলনকে মণিকাঞ্চন সংযোগ বোলে।
৫) মাজুলীত আগতে ৬৫ খন সত্ৰ আছিল। কিন্তু বানপানী আৰু গৰাহনীয়াই বহু সত্ৰ উটুৱাই নিলে।
৬) মাজুলীৰ সত্ৰসমূহৰ নাম হ’ল- দক্ষিণপাট সত্ৰ, আউনিআটি সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেলগুৰী সত্ৰ, বেঙেনাআটি সত্ৰ গড়মূৰ সত্ৰ আদি।
৭) মাজুলীলৈ যাতায়ত কৰিবলৈ মাত্ৰ দুটা পথ আছে এটা নিমাটীঘাটৰ পৰা আৰু আনটো উত্তৰ লক্ষীমপুৰৰ পৰা লুইত খাবলু হৈ মাজুলীলৈ।
৮) মাজুলীত প্ৰধান উৎসৱসমূহ হ’ল- বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-য়াই-লৃগাং, ৰাজকৃবাং, বাথৌপূজা।
৯) মাজুলীৰ সত্ৰসমূহে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেবৰ সুমধুৰ স্মৃতি বহন কৰে।
১০) মাজুলীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত এই জলাশয়বোৰৰ বিশেষ ভূমিকা আছে।
৮। পাঠৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।
উত্তৰ:- খেল-পথাৰ, ছাৰ-বাইদেউ, ছাত্ৰ-ছাত্ৰী, নীৰৱে-নিতালে, বয়-বস্তু, গৰু-ম’হ, লুকা-ভাকু, মুকুতা-মণি, আহ-যাহ, সৰু-বৰ, জিৰাই-শঁতাই, আটোম-টোকাৰিকৈ, উঠা-নমা, খলা-বমা, গছ-লতা, হাত-ভৰি, খোৱা-লোৱা, বাচন-বৰ্তন, আ-অলংকাৰ, মহো-হো ।
৯। বাক্য সাজা।
উত্তৰ:- পৰিভ্ৰমী- মাজুলীলৈ বিশেষকৈ শৰৎ কালত পৰিভ্ৰমী চৰাই বোৰ আহে।
ৰহণ - আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে।
সংৰক্ষণ - মাজুলীৰ গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপ বোৰ সংৰক্ষণ হৈ আছে।
মণিকূট - ৰহিমহঁতে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে।
সীৰলু - ব্ৰহ্মপুত্ৰত ফেৰী খনে নাঙলৰ সীৰলু ৰ দৰে পানী কাটি কাটি আগুৱাই গ’ল।
মায়াময় - ব্ৰহ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰুৱা।
কিৰীলি - ভাওনাৰ মুখাবোৰ দেখি ৰিমাই কিৰীলি পাৰি উঠিল।
১০। সমাৰ্থক শব্দ লিখাঃ
উত্তৰ:- পৃথিৱী – ধৰিত্ৰী।
সুচল – সুবিধা ফটফটীয়া।
আনন্দ – সুখ।
লেখীয়া – লিখনী লিখা।
চুই – স্পৰ্শ।
শেষ – অন্ত।
বেছি – বহুত।
বিখ্যাত – প্ৰখ্যাত।
নিশা – ৰাতি।
১২। অসমৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান বৰদোৱা। বৰদোৱা কিয় প্ৰসিদ্ধ, দলত আলোচনা কৰি লিখা।
উত্তৰ:- অসমৰ একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হল বৰদোৱা। সেয়েহে বৰদোৱা এখন প্ৰসিদ্ধ তীৰ্থস্থান। এই পবিত্ৰ স্থান খন দৰ্শন কৰিবৰ বাবে বহু দূৰ দূৰনিৰ পৰা তীৰ্থ সকল অহা দেখা যায়। সেইসূত্ৰে এই স্থান অতি প্ৰসিদ্ধ আৰু বৈষ্ণৱ সকলৰ বাবে অতিশয় পবিত্ৰ।
১৩। ভাওনাৰ উপৰি মুখা অন্য কি কি কামত ব্যৱহাৰ হয়, দুজনে লগ হৈ আলোচনা কৰি লিখা।
উত্তৰ:- ভাওনাৰ উপৰিও মুখা মহো-হো উৎসৱত ব্যৱহাৰ কৰা হয়। খেতিয়কে কৰি কৰিলে খেতিডৰাৰ মাজত মুখা উলমাই থই, যাতে কু দৃষ্টিৰ পৰা খেতিডৰা ৰক্ষা পৰে। ভূটান,চীনদেশ, যাপান আদি দেশৰ লোকসকলে বিভিন্ন উৎসৱ-পাৰ্বনত মুখা ব্যৱহাৰ কৰে।দক্ষিন আমেৰিকাটো মুখা ব্য়ৱহাৰ কৰা হয়।
১৪। তলৰ কবিতাংশ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা।
(ক) বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে ?
উত্তৰ:- বৰপেটা ধামক অসমৰ কাশীপুৰী, দ্বাৰকা মথুৰাপুৰী লগত তুলনা কৰিছে।
(খ) কবিয়ে বাটৰুৱাক কি শুনি যাবৰ বাবে কৈছে ?
উত্তৰ:- কবিয়ে বাটৰুৱাক হৰিগুনৰ নাম শুনি যাবৰ বাবে কৈছে।
(গ) কবিয়ে কাক কাক কাষ চাপি কি চাই যাবলৈ কৈছে ?
উত্তৰ:- কবিয়ে সুখী দুখী পাপী তাপী সকলোকে মানৱৰ মহামিলন চাই যাবলৈ কৈছে।
(ঘ) কবিয়ে ক’ত সকলো সমান বুলি কৈছে ?
উত্তৰ:- কবিয়ে বৰপেটা ধামত সকলো সমান বুলি কৈছে।
