আৱিষ্কাৰৰ কাহিনী
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৩
assamese lesson 13
class 6 assamese question answer assamese medium
class 6 AssamQna
১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা।
উত্তৰ:- পৰিৱহণ - এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰক্ৰিয়া।
অধ্যৱসায় - কঠোৰ পৰিশ্ৰম।
অসাধ্য - সাধ্য নথকা।
অহৰহ - নিতৌ।
প্ৰয়োগিক - ব্যৱহাৰিক।
নেৰানেপেৰা - একটা কথাতে লাগি থকা।
যুগান্তকাৰী - পুৰণি কালৰ পৰা।
কৃতিত্ব - কাৰ্যদক্ষতা।
নিয়ন্ত্ৰণ - নিজকে চম্ভালিব পৰা।
সুচল - সুগম।
গুৰুত্ব - শ্ৰেষ্ঠতা।
অতুলনীয় - যাৰ তুলনা নাই।
অদম্য় - যাক দমন কৰিব নোৱাৰি।
দৃষ্টিগোচৰ - দৃষ্টি পৰা।
দৃঢ়তা - কঠিনতা
সান্নিধ্য় - ওচৰত থকা।
কৰ্মস্পৃহা - ৰাসৰ প্ৰতি ধাউতি বা আসক্তি।
উপলব্ধি - অনুমান।
প্ৰশিক্ষণ - কাৰিকৰী শিক্ষা।
গৱেষণা - পৰ্যবেক্ষণ কৰা।
ঘাত-প্ৰতিঘাত - দুখ-কষ্ট।
২। উত্তৰ লিখা।
(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা?
উত্তৰ:- গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল ভেকুৱাম ব্ৰেক।
(খ) গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল?
উত্তৰ:- গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।
(গ) গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল?
উত্তৰ:- গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।
(ঘ) বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল?
উত্তৰ:- বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ''ৱাৰ্ণ এণ্ড কোম্পানিত'' নিযুক্তি দিছিল।
(ঙ) গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল?
উত্তৰ:- গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান ''ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল।
(চ) লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?
উত্তৰ:- লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।
(ছ) আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে- গুৰুপ্ৰসাদ দাস।
(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে কি বুলি নামাকৰণ কৰিছিল?
উত্তৰ:- গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে ''জি পি ব্ৰেক'' নামাকৰণ কৰিছিল।
৩। চমুকৈ লিখা।
(ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল?
উত্তৰ:- গুৰুপ্ৰসাদ দাসে চাকৰিসূত্ৰে লণ্ডনলৈ গৈছিল।
(খ) তেওঁক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল ?
উত্তৰ:- ''ভেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পানী প্ৰখ্য়াত হৈ উঠে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীত ভেকুৱাম ব্ৰেকক জি.পি. ব্ৰেক বুলি নামাকৰণ কৰে। বৃটিছ চৰকাৰে তেওঁক আই.আৰ.এছ পদমৰ্যাদা দিয়ে। উল্লেখযোগ্য় যে আই.আৰ.এছ পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসেি প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সু-সন্তান।
৪। ভাব বহলাই লিখা ।
( ক ) অভাৱেই আৱিষ্কাৰৰ মূল ।
উত্তৰ:- মানুহে যেতিয়া কোনো বিষয়ত অভাৱ অনুভৱ কৰে , তেতিয়া সেই অভাৱ দূৰীকৰণৰ বাবে চিন্তা - চৰ্চা কৰিবলৈ আৰম্ভ কৰে । বিজ্ঞানীসকলৰ ক্ষেত্ৰত এনে চিন্তা - চৰ্চাই তেখেতসকলক ন ন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায় । বিজ্ঞানৰ লগত জড়িত ব্যক্তিসকলে সদায় পূর্বতে আবিষ্কৃত বস্তু বা বিষয়ৰ ওপৰত উন্নীতকৰণৰ চিন্তা কৰিবলৈ আৰম্ভ কৰে । তেতিয়াই পুনৰ ন ন আবিষ্কাৰ বা উদ্ভাৱন সংযোজিত হয় । শিল্প - বিপ্লৱৰ পাছত ইংলেণ্ডত অধিক পৰিমাণে দ্রব্য উৎপাদিত হৈছিল । কিন্তু কাপোৰ আদি সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বজাৰ নাছিল । তেতিয়া ইংৰাজসকলে ভাৰত , দক্ষি আফ্ৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন অঞ্চল আৱিষ্কাৰৰ উদ্দেশ্য ঢাপলি মেলিছিল । আকৌ , ব্যৱসায়িক কাৰণতে তেওঁলোকে যাতায়াত ব্যৱস্থাৰ অভাৱ অনুভৱ কৰিছিল । সেয়েহে যাতায়াতৰ উন্নীতকৰণৰ বাবে তেওঁলোকে ন ন যন্ত্ৰ - পাতি আৱিষ্কাৰ কৰিছিল । এনেদৰে অভাৱেই আৱিষ্কাৰৰ মূল কাৰণ ।
( খ ) একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ ।
উত্তৰ:- অধ্যৱসায় অর্থাৎ নিৰন্তৰ চেষ্টা আৰু পৰিশ্ৰম নকৰাকৈ কোনেও নিজৰ আৰু সমাজৰ উন্নতি সাধন কৰিব নোৱাৰে । চেষ্টা আৰু পৰিশ্ৰম নকৰিলে সৌভাগ্যই নিজে আহি ধৰা নিদিয়ে । সফল ব্যক্তিসকলৰ জীৱনী পঢ়িলেই এই কথাৰ সত্যতা অনুভৱ কৰিব পাৰি । ৰবাৰ্ট ব্ৰুছে পলায়িত অৱস্থাত এটা মকৰাই বাৰম্বাৰ চেষ্টা কৰি জাল সজোৱা দেখা পাই নিৰন্তৰ চেষ্টা আৰু অশেষ পৰিশ্ৰম কৰি হেৰোৱা সাম্ৰাজ্য ঘূৰাই আনিব পাৰিছিল ৷ গুৰুপ্ৰসাদ দাসে মেকানিকৰ যোগালি হিচাপে কামত যোগদান কৰি অধ্যৱসায় আৰু নিৰন্তৰ চেষ্টাৰ ফলত ৰে'ল যাতায়াতৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল ।
৫। এটা শব্দত প্ৰকাশ কৰা।
উত্তৰ:- (ক) যিজনে কোনো বস্তু বা তথ্য আৱিস্কাৰ কৰে
উত্তৰ:- আৱিস্কাৰক, উদ্ভাৱক।
(খ) গোটেই জীৱন জুৰি
উত্তৰ:- আজীৱন।
(গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে
উত্তৰ:- জ্ঞানী।
(ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য
উত্তৰ:- প্ৰাতঃস্মৰণীয়।
