অসমীয়া ভাষাৰ বিকাশৰ কথা ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৩ assamese lesson 3 class 6 assamese question answer assamese medium class 6 AssamQna

 
অসমীয়া ভাষাৰ বিকাশৰ কথা
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৩
assamese lesson 3
class 6 assamese question answer assamese medium
class 6 AssamQna





২। উত্তৰ দিয়া

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ:-
নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিব ইচ্ছা কৰিছিল?


(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি?
উত্তৰ:-
হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল- প্ৰহ্লাদ চৰিত্ৰ।


(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি?
উত্তৰ:-
যিবোৰ সাহিত্য় লিখিত নহয়, বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্য়ক অলিখিত বা মৌখিক সাহিত্য় বোলা হয়।


(ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।
উত্তৰ:-
ভাষাৰ দুটা উপাদানৰ নাম হৈছে- শব্দ আৰু বাক্য।


(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?
উত্তৰ:-
অসমীয়া ভাষাটোৱে দশম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।


(চ) অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?
উত্তৰ:-
অসমীয়া শব্দটোৰ ব্য়ৱহাৰ ইংৰাজৰ আমোলত বেছিকৈ হৈছিল।


৩। শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা-
উত্তৰ:- 
ত্ৰয়োদশ - তেৰ সংখ্য়ক
             স্থানীয় - স্থায়ী
             নিগাজি - চিৰস্থায়ী
             স্বকীয় - নিজা
            আমোল - কোনো অধিপতিয়ে শাসন কৰা কাল
            আৱাসভূমি - বাসভূমি
            উপাদান - উপকৰণ
            অলিখিত - লিপিবদ্ধ নোহোৱা
            অনুকৃতি - অনুকৰণ

৪ ৷ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা ।
উত্তৰ:-
ইতিহাসে ঢুকি পোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ড বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি আছিল । সকলোৰে মাজত ভাব , ভাষা আৰু সংস্কৃতিৰ আদন প্ৰদান হৈছিল । ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিছিল । অসমীয়া ভাষাৰ উদ্ভৱকালতো স্থানীয় জনগোষ্ঠীয় ভাষাৰ দ্বাৰা অসমীয়া ভাষা ক'বলৈ লোৱা লোকসকলো প্রভাবান্ধিত হৈছিল । ভাব , ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাতো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল ।

৫| উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা।

ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই উপাদান

উত্তৰ:- “ভাষাৰ উপাদান মানে কি খুড়া ?”-নয়নাই সুধিলে। খুড়াকে উত্তৰ দিলে-“ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়েই ভাষাৰ উপাদান।

৬। তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া-
উত্তৰ:-
সুন্দৰ - সৌন্দৰ্য
            প্ৰচলিত - প্ৰচলন
            স্থানীয় - স্থান
            ৰচিত - ৰচনা
            পৰিবৰ্তিত - পৰিবৰ্তন
            বিকশিত - বিকাশ


৮। তলৰ শব্দবোৰৰ একোটিকৈ সমাথক শব্দ লিখা
উত্তৰ:-
ধূনীয়া - সুন্দৰ
           প্ৰাচীন - পুৰণি
           পুথি - কিতাপ
           নিগাজি - স্থায়ী
           পূবতে - আগতে
           সামৰণি - শেষ


১০। বাক্য ৰচনা কৰা

মিচিকিয়াই:- গীতাই কল্পনাৰ কথা শুনি মিচিকিয়াই হাঁহিলে।

চেনেহী:- চিৰ চেনেহী মোৰ ভাষাৰ জননী।
     
পুৰণি:- প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি।
    
ধন্যবাদ:- হিনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক ৰাহুলত ধন্য়বাদ ক'লে।
  
সাহিত্য:- লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য় ৰচনাৰ বাবে সাহিত্য়ৰথী উপাধি লাভ কৰিছিল।

যুগে যুগে:- যুগে যুগে ভাষাৰ পৰিবৰ্তন ঘটি আহিছে।

*

Post a Comment (0)
Previous Post Next Post