বিহু আদৰণি
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৪
assamese lesson 4
class 6 assamese question answer assamese medium
class 6 AssamQna
৩। চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা
উত্তৰ:- চ'তাই - চ'ত মাহক সম্বোধন কৰি
মতা নাম।
থেৰেজু - কাচিদৰীয়া পাতেৰে এবিধ
ওখ গছ আৰু তাৰ ফল।
আওলা - আগছালি।
বৰ্হমথুৰি - ইয়াৰ থুৰি বোৰ চুবাই
ছোৱালী বোৰে ওঠ ৰঙীন
কৰা দেখা যায়।
বাঁহত চাত - শলা।
সুগৰ - পৰিস্কাৰ।
আঁচু - কাপোৰত ফুল তুলিবলৈ
বুলোৱা সুতা।
ভমকা - ডাঙৰ আৰু উজ্জ্বল।
ৰচঙ্গা - ৰঙচঙীয়া।
খোলা - টান আৱৰণ
শাল - কাপোৰ ববলৈ ব্যৱহাৰ কৰা
এবিধ যন্ত্ৰ বা সজুলি।
দিহা - যোগাৰ।
৪। উত্তৰ দিয়া-
(ক) চ'তাই বুলি কবিয়ে কাক কৈছে?
উত্তৰ:- চতাই বুলি কবিয়ে চ 'ত মাহক কৈছে।
(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে?
উত্তৰ:-কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে।
গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পোলোৱাৰ কথা কোৱা হৈছে?
উত্তৰ:- মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পোলোৱাৰ কথা কোৱা হৈছে ।
(ঘ) বাহঁত চাত কিহেৰে সজালে?
উত্তৰ:-বাঁহৰ চাত হালধি, থেকেৰা, বেঙেনাই সজালে।
(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে?
উত্তৰ:- বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল আনিলে।
(চ) কবিয়ে চতাইক কি বুলি কাবৌ কৰিছে?
উত্তৰ:- কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে।
৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা ।
উত্তৰ:- কবিতাটিৰ কথাখিনি মাজেৰে কবি মিত্ৰদেৱ মহন্তদেৱে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ এটি সম্যক চিত্র অংকন কৰিছে । কবিয়ে ' চ'তাই ' অৰ্থাৎ চ'ত মাহক এই বুলি অনুৰোধ জনাইছে যে - চ’তে যেন সোনকালে ৰঙালী বিহুক আদৰি আনে । বিহুলৈ ৰৈ ৰৈ আমনি লাগিছে । জেতুকা , থেৰেজু বহৰ মথুৰি , মাখিয়তী পাত , তৰাৰ পঘা আদিৰ যোগাৰ হ'লেই । গৰু বিহুৰ বাবেও হালধী , থেকেৰা , বেঙেনাৰে বাহঁত চাত সজোৱাও হ'ল । ঢোল , পেঁপা আদি বাদ্যও বজাবলৈ সাজু হৈ উঠিছে । আয়ে বোৱা গামোচা কাটি উলিওৱা হ'ল । বায়ে কপৌ ফুল আনিছে । পিতায়ে নাহৰৰ ডালি আনিছে । খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ সমুখো চিকুণাই থৈছে । গতিকে চ'তায়ে সোনকালে ৰঙালী বিহুক আদৰি আনিব লাগে ।
৬। বাক্য ৰচনা কৰা।
জেতুকা:- ৰঙালী বিহুৰ সময়ত ছোৱালি বোৰে হাতত জেতুকা বুলায়।
ভমকা:- ৰহিমলাই গামোছা খনত ভমকা ফুল বাচিছে।
আঁচু:- ৰেখাই শালৰ গামোছা খনত আচু ৰ ভমকা ফুল দি কাটিলে।
শাল:- ৰহিলাই এইবাৰ শালত গামোছা লগাইছে।
দিহা:- আনৰ ভাল দিহা বোৰ মন দি শুনিব লাগে।
৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা।
উত্তৰ:- পুং লিংগ:- পিতা, ককাই, জোৱাই।
স্ত্ৰী লিংগ:- খুড়ী, আইতা, বাইদেউ, শাহু, ননন্দ।
৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।
ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ
উত্তৰ:- ককাইহঁত, গামোচাবোৰ, মানুহবোৰ, পিঠাবোৰ, বাইদেউহঁত।
৯। অর্থ প্রকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ।
উত্তৰ:- টকা:- পিতায়ে দুকুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনি
টকা:- বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ ।
বাত:- বৰালী মাছ আৰু কোমোৰা খালে মাৰ গাত বাত ওলাই যায় ।
বাট:- এইটো বাটেৰে গ'লে কোন গাঁও পোৱা যাব ?
থাল:- বাইটিয়ে চীনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে ।
ঠাল:- হৰিয়ে গছত উঠি ঠালবোৰ কাটি আছে ।
জুৰি:- আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে ।
জুৰি:- গোটেই ৰাজ্য জুৰি বিদ্ৰোহৰ জুই জ্বলি উঠিছিল ।
১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰ:- বিহু আমাৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে ডেকা, বুঢ়া, জীয়ৰী, বোৱাৰী আদিৰ মনত অপাৰ আনন্দ। বিহু আমাৰ তিনিটা। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক মাহ-হালধিয়ে গা ধোৱাই লাওঁ - বেঙেনা আদি গৰুৰ গালৈ মাৰি দিয়া হয়। তাৰ পিছৰ দিনা মানুহৰ বিহু সেইদিনা মানুহে মাহ - হালধিয়ে গা ধোয়ে। বহাগ বিহুত সন্ধিয়া সময়ত হুছৰি গায় আৰু ইঘৰে সিঘৰত চাহ জলপান খাবলৈ যায়। কাতি বিহুত ৰাতি তুলসীৰ তলত চাকি-বন্তি দি নাম গায়। মাঘৰ বিহুৰ দিনা সকলোৱে ৰাতিপোৱা গা ধুই মেজি জ্বলাই আৰু ৰাতি সকলোৱে ভেলাঘৰত ভোজ-ভাত খায়।
১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা।
উত্তৰ:- আমাৰ অঞ্চলত ৰঙালী বিহু খুউব আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। আমাৰ অঞ্চলত ৰঙালী বিহুত প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয় সেইদিনা গৰুক মাহ-হালধিৰে গা ধোওৱা হয়। পিছদিনা মানুহৰ বিহু। সেইদিনা মানুহে মাহ-হালধিৰে গা ধুৱে। আৰু ডেকা-গাভৰু সকলোৱে হুচৰি গায়। এই বিহু ৭ দিন পালন কৰা হয়।
১২। দলত আলোচনা কৰি বস্তুকেইপদৰে আমি কি কি কৰোঁ লিখা।
উত্তৰ:- ক) জেতুকা পাত - হাতত বুলায় লওঁ।
খ) বৰ্হমথুৰি - ইয়াৰ থুৰিবোৰ চুবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰে।
গ) পঘা - গৰু বান্ধো।
ঘ) কপৌফুল - বহাগ বিহুত ছোৱালী বোৰে খোপাত বুলাই লয়।
ঙ) বিহুৱান - এইখনেৰে মান্যৱান ব্যক্তিক সম্বোধন জনায়।
চ) মাখিয়তী - এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আওলা বনায় আৰু গৰুক কুবোৱা হয়।
১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা।
পেঁপা, গগণা, ঢোল, হাৰমনিয়াম, খোল, তাল, সুতুলি, ঢাক, টকা, গীটাৰ।
উত্তৰ:- পেঁপা, গগণা, ঢোল, তাল আৰু সুতুলি।
