লোক সংস্কৃতি Lesson 12 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

লোক সংস্কৃতি
Lesson 12 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


ভাব - বিষয়ক

১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা
ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ?
উত্তৰ:-
লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয় ।


খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ ?

উত্তৰ: লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ ।


গ) লোককৃষ্টি কাক বোলা হয় ?
উত্তৰ: 
গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু , মাহ , পষ অনুসৰি বিবিধ উৎসৱ - সভা আদিৰ সম্পাদন কৰে । সেই সভা- উৎসৱত গীত- নাচ, অভিনয় কৰা হয় ।এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে ।


ঘ) লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?
উত্তৰ:
লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয় ।


ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি ?
উত্তৰ:
বুঢ়ী আইৰ সাধু ।


২) লোকসমাজত সম্পৰ্কে লোকতত্ববিধে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰৰ কৰাণ কি ?
উত্তৰ:-
লোকসমাজক কিছুমান লোকত্ত্ববিদে সমাজৰ নিম্নস্তৰ বুলি ক’ব খোজে । কিন্ত এই ধাৰণা গ্ৰহণযোগ্য নহয় বুলি লিখকে কৈছে।

   এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰৰ কাৰণ হৈছে লোকসমাজৰ অন্তৰ্গ লোকসকলে প্ৰায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত  শ্ৰেণীৰ লোকসকল নগৰ-চহৰ আদিত বাস কৰে বুলি যি ধাৰণা কৰা হয় এই ধাৰণা সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি  । কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে । তাৰ বিপৰীতে চহৰ বা নগৰতো গঞালোকসকলে বসবাস কৰা দেখা যায় । গতিকে লোকসমাজক কেতিয়াও সমাজৰ নিম্নস্তৰ বুলি ক’ব নোৱাৰি।


৩) চমু টোকা লিখা :
নিচুকনি গীত , মালিতা বা কাহিনী গীত , সাঁথৰ , জনশ্ৰুতি , জিকিৰ , দেহবিচাৰৰ গীত, হুঁচৰি গীত ।

নিচুকনি গীত:  নিচুকনি গীতসমূহ অসমীয়া লোক- সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ।অতীজৰে পৰা এই গীতসমূহে অসমৰ জন -জীৱনত এক প্ৰভাৱ পেলাই আহিছে । সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনি গীত বোলা হয় । অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনি গীত হ'ল ' শিয়ালী এ নাহিবি ৰাতি' , ' আমাৰে মইনা শুব এ ' আদি  ।

মালিতা বা কাহিনী গীত :  ইও অসমীয়া লোক- সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ ।মালিতা বা কাহিনী গীত সমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপেই সেই কাহিনীৰ শেষ কৰা হয়। শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ আদৰৰ আপুৰুগীয়া সম্পদ হৈ আছে । যেনে : হা- অ - হা -অ -হা - এ- হা- হা

হা- ইয়হ - নমো- নাৰায়ণ

                     
সাঁথৰ: মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদ সমূহকেই সাঁথৰ বোলা হয়। ই কেৱল অসমীয়া লোক- সংস্কৃতিৰ একক বৈশিষ্ট্য, আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰ সমূহ অসম বিখ্যাত । উদাহৰণ - একডাল খেৰে ঘৰটো বেৰে

               উত্তৰ: চাকি

               সাঁথৰ- ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ

               উত্তৰ- আঁঠুৱা

জনশ্ৰুতিঃ  পৃথিৱীৰ প্ৰায় সকলো দেশতে জনশ্ৰুতিৰ প্ৰচলন আছে । এই জনশ্ৰুতিসমূহৰ উৎপত্তি  কিদৰে হৈছে, সেই বিষয়ে একো জনা নায়ায় । এই জনশ্ৰুতিসমূহ নিৰৰ্থক নহ’লেও বাক্যবোৰ কবিতা, তত্ত্বকথা বা  নীতি বচন নহয়, অথচ ই লোক সমাজত চিৰদিনেই প্ৰচলিত হৈ আহিছে । এই জনশ্ৰুতিসমূহ মানুহে কবিতা আদি ৰচনা কাৰৰ দৰে ৰচা নাই, ই আপোন-আপুনি মানুহৰ মুখত প্ৰচলিত হৈছে । মানুহে দৌনন্দিন জীৱনত ঘটা বিভিন্ন ঘটনাৰ পৰা জন্ম হোৱা ভাষাবোৰক সংক্ষিপ্ততম অভিব্যক্তি হিচাপে প্ৰকাশ কৰিছিল আৰু পিছলৈ এইবোৰই জনশ্ৰুতি নাইবা প্ৰবাদ বাক্যত পৰিণিত হৈছিল।

জিকিৰঃ অসমৰ মুছলমান সম্প্ৰাদায়ৰ মাজত প্ৰচলিত কেতবোৰ ধৰ্মীয় গীত হৈছে জিকিৰ গীত । এই গীতসমূহক লোকগীতৰ অন্তৰ্ভূক্ত কৰিব পাৰি । জিকিৰ শব্দৰ অৰ্থ হৈছে আল্লাৰ নাম স্মৰণ কৰা । গতিকে জিকিৰ গীত আল্লাৰ নাম-মাহাত্ম্যসূচক গীত । ইছলমান ধৰ্ম সম্পৰ্কীয় সদাচাৰ, নীতি আৰু আল্লাৰ নাম গৈৰৱ ৱআৰু মাহাত্ম্য এই গীতৰ মাজেদি প্ৰকাশ পাইছে । প্ৰায়বোৰ জিকিৰ গীতেই আজান পীৰ বা চাহ মিলনাৰ নামত প্ৰচলিত হৈ আছে যদিও  সকলোখিনি তেখেতৰ ৰচনা নহয় । তেওঁৰ এই গীতবোৰ মানুহৰ মুখে মুখে বাগৰি আহি কিছু মোট সলাইছে আৰু কিছু নতুনকৈ তাত লগ লাগিছে।

দেহ বিচাৰ গীতঃ দেহ বিচাৰ গীতবোৰ আধ্যাত্মিক ভাৱেৰে সিক্ত । আমাৰ বৰাগী আৰু ৰাতিখোৱা বা ভিতৰপকীয়া ভকতসকলে টোকাৰী বজাই গাই ফুৰা দেহ বিচাৰ গীতবোৰ গুহ্যাৰ্থক । দেহতে যে চৈধ্য ব্ৰক্ষাণ্ড আছি, ই যে ব্ৰক্ষাণ্ডৰ এটি ক্ষুদ্ৰ সংস্কৰণ এই কথাই হৈছে দেহ বিচাৰ গীতৰ প্ৰধান বিষয়বস্তু । এই গীতবোৰত দেহক কেতিয়াবা সংসাৰ নদীত পাৰি দিয়া নাৱৰ লগত, কেতিয়াবৱা ন-খন দুৱাৰযপক্ত নগৰৰ লগত দেহক তুলনা কৰা দেখা যায় যদিও প্ৰকৃততে এই গীতবোৰ মাধৱদেৱৰ ৰচিত নহয়, তান্ত্ৰিক যোগমাৰ্ক বা কায়সাধনা মাৰ্গৰ কিবা প্ৰভাৱৰ ফলত এই গীতবোৰ সৃষ্টি হৈছে।

হুঁচৰি গীতঃ অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত এক প্ৰকাৰ গীত হৈছে হুচৰি । বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেপা, তাল আদি লৈ প্ৰত্যেকে গৃহস্থৰ ঘৰত সামূহিকভাৱে গোৱা বিহুৰ গীতক হুচৰি গীত বুলি কোৱা হয় । এই গীতবোৰ সাধাৰণতে যোনভাৱবৰ্জিত গহীন গীত । ইশ্বৰৰ নামেৰে এই গীতবোৰ আৰাম্ভ কৰা হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা অশ্লীলতা নথকা বিহু নামৰে নৃত্যগীত কৰা হয় ।


৪) ‘লোকজীৱন তিনিটা ভাগত বিভক্ত’ – লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰ:-
লোকজীৱনক তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগকেইটা হৈছে –
   ক) সমাজিক আচাৰ-অনুষ্ঠান
   খ) ভৌতিক বা বস্তু সংস্কৃতি আৰু
   গ) পৰিৱেশ্য কলা ।

প্ৰত্যেকটি ভাগৰে ভাগৰে চমু আভাস দাঙি ধৰা হ’ল


ক)সমাজিক আচাৰ-অনুষ্ঠানঃ এখন সমাজত থকা লোকসকলৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আদিক সামাজিক আচাৰ-অনুষ্ঠান বুলি কোৱা হয় । এইহোৰ প্ৰধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত । সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত ভগাব পাৰি যেনে- উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোকধৰ্ম ।

খ) ভৌতিক বা বস্তু সংস্কৃতিঃ লোকসংস্কৃতিৰ দৃশ্যমান দিশটো

ভৌতিক বা বস্তু সংস্কৃতিৰ অন্তগত । আমাৰ দৈনদ্নিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমলসমূহ নিৰ্মাণ, নাইবা খোৱা-লোক বস্তুসামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিৰ বিষয়ে ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়ন কৰা হয় । ভৌতিক সংস্কৃতিৰ প্ৰধান উপভাগকেইটা হৈছে- লোক কলা, লোক শিপ্ল, লোক আভাৰণ আৰু ৰন্ধন প্ৰণালী ।

গ) পৰিৱেশ্য কলাঃ লোকজীৱনৰ আন এটা প্ৰধান বিভাগ হৈছে লোক পৰিৱেশ্য কলা । লোকজীৱনত প্ৰচলিত পৰম্পৰাগত সংগীত নৃত্য-নাচ আৰু নাট আদিক লোক বাদ্যযন্ত্ৰ, নৃত্যৰ সাজ-পোচাক আৰু দৃশ্য বিৱৰণি সৈতে ৰূপায়ন কৰা পদ্ধতিটোক লোক পৰিৱেশ্য কলাৰ অন্তৰ্গত । পৰিৱেশ্য কলা বুলি ক’লে গীত, নৃত্য, বাদ্যযন্ত্ৰ আদিক সামাৰি লয় । লোকনাট হৈছে গীত আৰু নৃত্যৰৰ সমষ্টি । ইয়াত সংলাপতকৈ গীত আৰু নৃত্যত আধিক গুৰত্ব দিয়া হয় ।


৫) বহলাই লিখাঃ
ক) সামাজিক আচাৰ-অনুষ্ঠান ।
উত্তৰ:-
মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে আমাৰ পৰম্পৰাগত জীৱন গঢ় লৈ উঠিছে । সেইবাবে পৰম্পৰাগত জীৱনক মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ স্থল বুলি কব পাৰি । মৌখিক সাহিত্য আৰু ভৌতিক  সংস্কৃতিৰ সমন্বয়ত যি পৰম্পৰাগত জীৱন গঢ় লৈ উঠে তাক সামাজিক লোক আচাৰ ব্যৱাহৰ বুলিবও পাৰি । ইয়াত মানুহৰ ব্যক্তিগত ক্ৰিয়াকলাপতকৈ সমাজগত ক্ৰিয়াকলাপৰ ওপৰত অধিক গুৰ্তব আৰোপ কৰা দেখা যায় । এখন সমাজত প্ৰচলিত মূখ্যতঃ  লোকবিশ্বসৰ ওপৰত প্ৰতিষ্ঠিত কৃষি, জন্ম, বিবাহ, মৃত্যু আদি বিষয়ক বিভিন্ন ৰীতি-নীতিসমূহ পৰম্পৰাগত জীৱনৰ ভিতৰত অন্তৰ্গত । সমাজিক আচাৰ-অনুষ্ঠানসমূহক চাৰিটা ভাগত বিভক্ত কৰা হৈছে । সেইবোৰ হ’ল  উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোক ধৰ্ম ।


খ) লোক পৰিবেশ্য কলা ।
উত্তৰ:-
লোকজীৱনৰ এটা প্ৰদান ভাগ হৈছে লোক পৰিৱেশ্য কলা। এখন সমাজত পূৰ্বৰেপৰা প্ৰচলিত সংগীত, নৃত্য-নাচ আৰু নাট আদিক লোক বাদ্যযন্ত্ৰ, নৃত্যৰ পোছাক-পৰিচ্ছদ আৰু দৃশ্য বিৱৰণি সৈতে ধৰিব পাৰি । পৰিৱেশ্য কলা বুলি ক’ব পাৰি।গীত, নৃত্ত-নৃত্য, বাদ্যযন্ত্ৰ আদি বিষয়ক অন্তৰ্ভূক্ত কৰিব পাৰি । লোকগীত আৰু লোক নৃত্যৰ সমাহাৰত লোক নাটৰ সৃষ্টি হয় । লোক নাটত সংলাপৰ  তুলনাত গীত আৰু নৃত্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় ।


গ) ভৌতিক বা বত্ত-সংস্কৃতি ।
উত্তৰ:-
লোকসংস্কৃতিৰ দৃশ্যমান মান দিশটো ভৌতিক বা বস্তু সংস্কৃতিৰ অন্তৰ্গত বিষয় । এখন সমাজত বসবা কৰি সেই সমাজৰ পুৰুষ-মহিলাসকলে পৰম্পৰাগতভাৱে কেনেকৈ ঘৰ-দুৱাৰ নিৰ্মাণ কৰে, কেনেকৈ কাপোৰ বোৱে অথৱা খাদ্য-দ্ৰব্য ৰান্ধে, খেতি-বাতি কৰে মছ পোহে, মাটি-পানীৰ ব্যৱস্থা কৰে, আদি ভৌতিক বা বস্তু সংস্কৃতিৰ প্ৰধান উপজীব্য বিষয় । ভৌতিক সংস্কৃতিক কেইটামান উপভিভাগত ভগোৱা হৈছে । সেই ভাগবোৰ হ’ল – লোক কলা,  লোক কলা, লোক শিপ্ল, লোক আভাৰণ আৰু ৰন্ধন প্ৰণালী ।


৬) লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে ? লোকনাটত সংলাপৰ গুৰুত্ব আছেনে তোমাৰ নিজৰ ভাষাত লিখা
উত্তৰ:
লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে । লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিবৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে বুলি লেখকে কৈছে । গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় ।


৭) লোকসাহিত্যক কেইটা আৰু  কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা ।
উত্তৰ:-
লোকসাহিত্য লোকজীনৰ লগত নিবিড়ভাৱে জড়িত । লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি । এই ভাগকেইটা হৈছে –
ক) লোক বা মৌখিক কবিতা বা বাচকি কবিতা বা লোকগীত।
খ) গদ্যধৰ্মী লোককথা বা সাধুকথা ।
গ) প্ৰবচন, বচন, যোযনা ।
ঘ) সাঁথৰ, দৃষ্টান্ত আৰু
ঙ) লোকভাষা ।


৮) ভৌতিক বা বস্তুসংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু কি ? ইয়াৰ উপ- বিভাগ কি কি ?
উত্তৰ: 
জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান ,নাইবা খোৱা লোৱা

বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ।ভৌতিক সংস্কৃতিৰউপ বিভাগ কেইটা হৈছে - লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।


৯) ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা ...’  গীতটি কোনে লিখিত ৰূপ দিয়ে ?
উত্তৰ:-
‘অ’ মাই যশোৱা হে, মাইহে যশোৱা ...’ গীতটি ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিয়ে ।


১০) তাৎপৰ্য ব্যাখ্যা কৰাঃ
ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি ।
উত্তৰ:-
লোকসংস্কৃতিৰ বিভিন্ন উপাদানসমূহ যোগে যোগে মানুহৰ মুখত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে । বৰ্তমান এই  উপাদানসমূহক শিক্ষিত লোকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগসাপক্ষে বা সময়সাপক্ষে স্থিতি লাভ কৰিছে । এইদৰে লোকসংস্কৃতিৰ বিভিন্ন উপাদানে আধুনিক ৰুপ ল’লেওই পৰ্বৰ ৰুপ সম্পূৰ্ণৰুপে পৰিত্যাগ কৰিবপৰা নাই। সেইবাবে  লোকসংস্কৃতিক পুৰণি হৈয়ো নতুন  আৰু  নতুন   হৈয়ো পুৰণি বুলি ক’ব পাৰি ।


খ) সমাজৰ পৰিৱ্ৰৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে ।
উত্তৰ:-
বিভিন্ন কাৰণত একোখন সমাজত পৰিৱৰ্তন আহিব পাৰে। সমন্বয়ন আত্মীকৰণ আদিৰ দ্বাৰা এখন সমাজৰ ওপৰত আন এখন সমাজৰ প্ৰভাৱ পৰিলে দুয়োখন সমাজৰ সামাজিক জীৱনত পৰিৱৰ্তন দেখা দিয়ে । এখন সমাজৰ সমাজিক জীৱনত ঘটা পৰিৱৰ্তনে লোকসমাজখনৰ সংস্কৃতিৰ দিশলৈয়ো পৰিৱৰ্তন আনে । গতিকে ক’ব পাৰি যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসং স্কৃতিৰ পৰিৱৰ্তন ঘটে ।


১১) তলৰ শব্দবোৰত মূৰ্দ্ধন্য 'ণ' আৰু 'ষ'হোৱাৰ কাৰণ দৰ্শোৱা

কৃষি - ক বা  ৰ- ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্দ্ধন্য  ষ হয় ।

অনুষ্ঠান- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য স মূর্দ্ধণ্য ষ হয় ।

ধাৰণ- একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।


আহৰণ-একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।


১২) বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা
উত্তৰ:-
বিশ্বাস- অবিশ্বাস
            মৌখিক- লিখিত
            সংযোগ- বিচ্ছেদ
           প্ৰয়োজনীয়- অলাগতিয়াল
           জন্ম- মৃত্যু
           উচিত- অনুচিত


১৩) সমাৰ্থক শব্দ লিখা
উত্তৰ:-
গঞা-  গাঁৱলীয়া
             পিতা - দেউতা, পিতাই , পিতৃ
            বেমাৰ-  ৰোগ, অসুখ
               চহৰ- নগৰ
              লোক- জন, মানুহ

*

Post a Comment (0)
Previous Post Next Post