হনুমন্তৰ লংকা দৰ্শন
Lesson 13 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna
১) চমুকৈ উত্তৰ দিয়া
ক) মাধৱ কন্দলী কোন আছিল ?
উত্তৰ:- মাধৱ কন্দলী প্ৰাক - শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ।
খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ?
উত্তৰ:- মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উত্তৰ:- মাধৱ কন্দলীৰ ৰামায়ণত পাচঁটা কাণ্ড পোৱা যায় ?
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কবি বুলি অভিহিত কৰিছিল ?
উত্তৰ:- মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ?
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
উত্তৰ:- মাধৱ কন্দলীৰ ৰামায়ণত সন্নিৱিষ্ট বৰ্তমানে উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ।
চ) হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
উত্তৰ:- হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে ।
২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ কৰা ।
উত্তৰ:- মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজন হৈছে – হেমসৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী ।
৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
উত্তৰ:- মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ ষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।
৪) তলত দিয়াবোৰ টোকা লিখাঃ
হনুমন্ত, সুগ্ৰীৱ, নীল, অম্ভ্ৰৱতী, কাশ্যপ-নন্দন, বিশ্বকৰ্মা।
উত্তৰ:- হনুমন্তঃ হনুমন্ত অযোধ্যৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত । এওঁ বায়ুদেৱতাৰ পুত্ৰ আছিল । সীতা উদ্ধাৰ কাৰ্যত হনুমন্তই ৰামচন্দ্ৰক সহায় কৰিছিল । এওঁ অতি বলী আৰু পৰাক্ৰমী আছিল । কথিত আছে, হনুমন্তই সীতাৰ অন্বেষণত যাওঁতে একে জাপে সাগৰ পাৰ হৈছিল । সেইদৰে সীতা উদ্ধাৰৰ বাবে ৰাম-ৰাৱণৰ মাজত লগা যুদ্ধত মেঘনাদৰ হাতত মৃত্যু হোৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ সঞ্জীৱনৰ প্ৰয়োজন হোৱাত হনুমন্তই গন্ধমাদন পাহৰখন তুলি লৈ আনিছিল ।
সুগ্ৰীৱঃ সুগ্ৰীৱ কিষ্কিন্ধ্যাৰ বানৰ ৰজা বালিৰ ভায়েক । এওঁ ৰামচন্দ্ৰই সহায় কৰিছিল । বালিৰ লগত হোৱা অন্যায় যুদ্ধত ৰামচন্দ্ৰই সুগ্ৰীৱক সহায় কৰিছিল আৰু বালিক বধ কৰি সুগ্ৰীৱক কিষ্কিন্ধ্যাৰ ৰজা পাতিছিল ।
নীলঃ নীল সীতা উদ্ধাৰৰ বাবে বাবে লগা ৰাম-ৰাৱণৰ যুদ্ধৰ এজন সেনাপতি আছিল । এওঁ সীতা অন্বেষণত আৰু সাগৰত সেঁতু বন্ধা কাৰ্যত ৰামচন্দ্ৰক সহায় কৰিছিল
অম্ভ্ৰৱতীঃ অম্ভ্ৰৱতী দেৱৰাজ ইন্দৰ ৰাজধনী আছিল । এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াৰ সৌন্দৰ্য অতি বিতোপন আছিল ।
কাশ্যপ-নন্দনঃ সূৰ্য দেৱতাৰ আন এক নাম হৈছ কাশ্যপ-নন্দন । ৰামায়ণ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল ।এওঁ হিন্দু ধৰ্মৰ তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা । এওঁক ত্ৰৈলোক্যৰ প্ৰদীপ বুলিও কব পাৰি ।
বিশ্বকৰ্মাঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত ।এওঁক দেৱতাসকলৰ বিমান আৰু অলঙ্কাৰসমূহ নিৰ্মাণ কৰা দেৱতাৰূপেও জনা যায় । ইন্দৰ ৰাজধানী অম্ভ্ৰৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰদ্বাৰই সাধিত হৈছিল । এওঁ দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা ।
৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?
উত্তৰ:- লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত অনেক হনুমন্তই ফল - ফুল দেখিবলৈ পাইছিল । সেইবোৰ হল সৰল , পিয়াল , ঔটেঙা , আঙুৰ , আম , জাম ,খেজুৰ , শাল , তাল , তামোল ,গমাৰি , বগৰী , সোলেং টেঙা , কৰ্দৈ, বীজপুৰ , আমলখি , অমৰা , বুট , মনিছাৰ বা বিন , কল , গুনকল , সেৱতী , মালতী , , নাৰিকল , শ্ৰীফল , মহৰি , পাৰিজাত , ছতিয়কা , হাৰিঠা , নগগেশ্ৱৰ , আদি বিভিন্ন ফল - ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনিয়া পুখুৰী ।
৬) হনিমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?
উত্তৰ:- হনুমন্তই মেকুৰীৰ দৰে ৰূপ ধৰি লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । তেওঁ সেই ৰূপ ধৰাৰ কাৰণ হল তেওঁৰ নিজা মস্ত শৰীৰটো ৰাক্ষস সকলে তেওঁক ধৰি-বান্ধি ঘৰে ঘৰে ফুৰাই লৈ ঘুৰিব ।
৭) হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।
উত্তৰ:- সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল । বিবিধ ফল - ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰবেশ কৰিবলৈ সাজু হল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত
লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাবতীহে । সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ , মণি - মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে ।
দেৱতা , অসুৰ আদিয়ে পাৰ হব নোৱাৰাকৈ শাৰী - শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লংকা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তইৰ ।
৮) সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?
উত্তৰ:- সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ এনেধৰণৰ চিন্তা আহিল যে আঈদ, সুগ্ৰীৱ, নীল আৰু তেওঁ এই বিশাল সমুদ্ৰ পাৰ হৈ আহি এই নগৰীত প্ৰৱেশ কৰাটো একো ডাঙৰ কথা নহয় যিহেতু এওঁ নিজেই ইতিমধ্য সুকলমে এই বিশাল সনুদ্ৰ সাহসেৰে পাৰ হৈ আহিছে , কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ? পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।
৯) সুবেল শৃংগত বাহি হনুমন্তই কি ভাবিছিল?
উত্তৰ:- সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল - শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত । তেতিয়া শৃংগত বাহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বাহি দ্ৱিতীয় অমৰাবতী সদৃশ লংকা নগৰীলৈ যাবলৈ ভাবিছিল ।
১০) হনুমন্তই লঙ্কাদৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰ:- ৰাৱণে হৰণ কৰি নিয়া সীতাৰ অন্বষেনত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে ।সুবেলিগিৰে শৃংগত বহি লঙ্কা নগৰীখন চাই থাকোঁতেই সূৰ্য অস্ত যাবলৈ লোৱাত কিছু সময়ৰ বাবে সূৰ্যদেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা জনায় যাতে দিনৰ পোহৰত তেওঁ লঙ্কাৰ গড়টো চাব পাৰে ।হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পোহৰত লঙ্কা নগৰীখন দেখা পায় আৰু তালৈ যাবলৈ ওলায় ।এই পথছোৱাৰ সৌন্দৰ্য অতি বিতোপন। চাৰিওফালে থকা বননিবোৰৰ মাজত থকা পুখুৰীবোৰত পদুল ফল-ফুলৰ গছ দেখা জকমকাই আছে আৰু ভোমাৰাবোৰে সেই ফুলৰ মধু পান কৰি গুঞ্জন তুলিছে । এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-ফুলৰ গছ দোখা পাইছে সেইবোৰ হ’ল – সৰল, পিয়াল, খৰ, ৱিখৰ, খেজুৰ, শাল, তাল, তমাল, গামাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বট, কমলা, হাৰিঠা, আমলখি, ডহাফল, ছতিয়ানা, তোমোল, নাৰিকল, শ্ৰীফল, সোলেং, মহৰি, অমৰা কদ্দৈ, আদি এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি শীতল বতাহ বলি থাকে বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত জুৰে । তাত বিভিন্ন ধৰণৰ জীৱ-জন্ত আৰু সোণ, মাণিক, মণি, ৰত্ন আদি আছে ।কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ? পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।
ভাষা - বিষয়ক
১১) তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা -কণ্টকি , ছাতিমাল , তাইতে , দেখিলন্ত ।
উত্তৰ:- কণ্টকি - কাই ।
ছাতিমাল - ছতিয়না গছ ।
আধুনিক - তাত ।
দেখিলন্ত - দেখিলে ।
১২) সমাৰ্থক শব্দ লিখা
গগন , বিৰাল , গড় , সমুদ্ৰ ,পৱন ।
উত্তৰ:- গগন - আকাশ ।
বিৰাল - মেকুৰী
গড় -দুৰ্গ , কোঁঠ
সমুদ্ৰ - সাগৰজলধি ।
পৱন - বতাহ , বায়ু ।
