সন্মান Lesson 16 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

সন্মান
Lesson 16 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


১) অতি চমু উত্তৰ দিয়া-

ক) অধিকাৰ আৰু শসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?
উত্তৰ:-
সেই দেশৰ মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।


খ) ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব পাৰেনে ?
উত্তৰ:-
ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব নোৱাৰে ।


গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ - ‘তেওঁ’ কোন ?
উত্তৰ:-
‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – তেওঁ সৃষ্টিকৰ্তা ভগৱান, ঈশ্বৰ ।


ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছইল?
উত্তৰ:-
হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল ।


ঙ) ‘হোমকোষ’ কি ?
উত্তৰ:-
‘হোমকোষ’ হ’ল অসমীয়া ভাষাৰ অভিধান ।


চ) ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন ?
উত্তৰ:-
‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা ।


২) ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ - কথাষৰ বুজাই লিখা ।
উত্তৰ:-
ঈশ্বৰ পাছতে পিতৃ-মাতৃ আমাৰ মানীয় । কাৰণ তেওঁলোকেই আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছাহঁক । আমি যেতিয়া কেচুঁৱা আছিলোঁ, উঠি-পৰা সফুৰিবৰ বাবে শক্তি মাছিল, তেতিয়া তেওঁলোক কত দুখ সহি কোলাত লৈ আমাক তুলিছিল, আমি নাখালে তেওঁলোকেও খাবলৈ ইচ্চা নকৰছিল, আমি গাত দুখ পালে বা নৰিয়াত পৰিলে শোকত বিহবল হৈ তেওঁলোক আমাৰ আৰোগ্যৰ নিমিক্তে আহৰহ যত্ন কৰিছিল, আনকি আমাৰ মঈলৰ কাৰণে প্ৰাণকো উচৰ্গিবলৈ কুণ্ঠাবোধ নকৰিছল । আমি অলপ ডাঙৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল মানুহ কৰিবলৈ পাৰে মানে যত্ন কৰিছিল আৰি এতিয়াও ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে, কিন্ত দুৰ্যশা বা দুভাগ্যৰ কথা শুনিলে দাৰুণ আঘাত পায় আৰু চকু মান্য নহয় ।বুঢ়াকালত যাতে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে কোনো কাৰণতে কষ্ট নাপায় তাৰ কাৰণে আমি আমাৰ শক্তিৰ অনুসাৰে পৰিচৰ্যা কিৰব আৰু যত্ন লব লাগে ।


৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান - সতকাৰ কিয় ৰাখিব লাগে ?
উত্তৰ:-
আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ - মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ - ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে  কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান - সতকাৰ সদাই ৰাখিব লাগে ।


৪) ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা ।
উত্তৰ:-
সন্মান হৈছে গুণ, পদমৰ্যাদা, জ্যেষ্ঠতা আদিৰ ভিক্তিত লাভ কৰা শ্ৰদ্ধা বা আদাৰ । এজনে আনজনৰ প্ৰতি দেখুওৱা আদাৰ বা শ্ৰদ্ধাই সন্মান । বিশ্ব-ব্ৰহ্মাণ্ডৰ গৰাকী সৃষ্টি কৰ্তা ঈশ্বৰ, আমাৰ জন্মদাতা আৰু তুলি-তালি ডাঙৰ-দীঘল কৰোঁতে পিতৃ-মাতৃ, জ্যেষ্ঠজন, বৃদ্ধলোক এই সকলোকে আমাৰ সাধ্যনুসাৰে সন্মান কৰিব লাগে, মান্যতা যাচিব লাগে । এই কথাকেই সন্মান পাঠটিৰ পৰা শিকিলোঁ।

ভাষা - বিষয়ক

১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা  ?
নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।
উত্তৰ:- 
নৰিয়া  - ৰোগ , বেমাৰ , অসুখ ।
             জগত - ধৰিত্ৰী , বখুমতী , কৃথিৱী ।
              লোতক - অশ্ৰু , চকুপানী , চকুলো ।
              চকু - নেত্ৰ , নয়ন , অক্ষি ।
              হেতু - কাৰণ ।
               মান - শ্ৰদ্ধা , সন্মান ।


২) বিপৰীত শব্দ লিখা ।
শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।
উত্তৰ:-
শ্ৰদ্ধা - ঘৃনা , অশ্ৰদ্ধা ।
            শলাগ - অশলাগ ।
            আদি - অন্ত ।
             দুষ্ট - সান্ত , সত ।
             জ্যেষ্ঠ - কনিষ্ঠ ।
              ন্যায় - অন্যায় ।

*

Post a Comment (0)
Previous Post Next Post