চোৰধৰা Lesson 15 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

চোৰধৰা
Lesson 15 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


প্ৰশ্নাৱলী

ভাব- বিষয়ক

১) অতি চমুকৈ উত্তৰ দিয়া
ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰ:-
কানাই বুলি শ্ৰীকৃষ্ণক কোৱাৰ কথা কৈছে ।


খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?
উত্তৰ:-
লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।


গ) মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ:-
মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা ।


(ঘ) ‘ওহি বান্দীসৱক থনে আৱৰ নাহি ।’
‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল ?
উত্তৰ:-
যশোদাই পুত্ৰ কৃষ্ণক কৈছিল ।


২) ক) হে মাই যশোদে তোহো তাপ তেজহ  ।
  যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় কব লগা হৈছিল ?
উত্তৰ:-
যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা ।


খ) শ্ৰী কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি  দিছিল ?
উত্তৰ:-
শ্ৰী কৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণু সানি দিছিল ।


৩) ইহা শুনি চিন্তা-শোক তেজিৱে হৰিষিত ভেল।
-  কোনে, কাৰ, আৰু কি কথা শুনি হৰিষিত হৈছিল।
উত্তৰ:-
ৰাতিপুৱাই শিশু শ্ৰীকৃষ্ণ ঘৰৰ পৰা উলাই গৈ বহুদুৰলৈকে ঘৰলৈ নহাত মাক  যশোদা শোকত বিহ্বল হৈ পৰিছিল । তেতিয়া এজনী গোপীয়ে আহি যশোদাক শ্ৰীকৃষ্মই কত কি কৰি আছে তাৰ বতৰা দিয়াত যশোদাই মনৰ শোক এৰি আনন্দিত হৈছিল ।

   শ্ৰীকৃষ্ণই ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈ গোৱালীপাৰত এজনী গোপীৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ সোমোৱাত ধৰা পৰিল । শ্ৰীকৃষ্ণই যে তেওঁৰ ঘৰত লৱণু চুৰি  কৰি খাবলৈ আহিছিল তাক প্ৰমাণ কৰ লসাক্ষী  কৰিবৰ বাবে চুবুৰীৰ গোপীসকলক মাতি আনিলে্ । চতুৰ শ্ৰীকৃষ্ণই গোপীজনৰ মুখত কৌশলেৰে লৱণু সানি দিলে  গোপীজনীকেহে লৱমু চোৰ সজালে । ইয়াতে লাজ পাই গোপীসকল ঘৰাঘৰি যাবলৈ  ওলোৱাত শ্ৰীকৃষ্ণ  তেওঁলোকৰ কাপোৰত ধৰি ৰাখিলে ।  তেতিয়া গোপীসকলে তেওঁক লৱণু খাবলৈ দিয়াত গোপীসকলক এৰি দি  তে্ওঁলোকৰ মাজত নাচ-গান কৰি থাকিল ।

   ইফালে পুত্ৰ শ্ৰীকৃষ্ণ বহু দেৰিলৈকে ঘৰলৈ নহাত আৰু একো খবৰ নোপোৱাত যশোদা শোকত কাতৰ হৈ পৰিছিল । তেতিয়া  গোৱালীপাৰত  শ্ৰীকৃষ্ণৰ সকলো খবৰ দিয়াত তেওঁ শ্ৰীকৃষ্ণৰ কাৰমে কৰা মাহাচিন্তা আৰু শোক-তাপ এৰি আনন্দিত হৈছিল।


৪)মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?
উত্তৰ:-
মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দী সকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ, গাখীৰ  লৱণুৰ  কথা সোধোতা কোন ? যিমান খাব পৰা সিমান মই দিম । তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী, বুকুৰ শীতল চন্দন ।

  এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি, বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই, পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ, অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই পৰম সন্তোষ লভিলে ।


ভাষা- বিষয়ক

৫) তলৰ শব্দবোৰ  আধুনিক ৰূপত লিখা
উত্তৰ:- 
তেজহ - ত্যাগ কৰা
              তোহাৰি - তোমাৰ
              হামু -    মই
              থিক -      আছে
              মাখিয়ে-    সানি
              উনিকৰ-    এওঁৰ
              ফিৰত-    ঘূৰি ফুৰা
              গাৰি -     গালি


৬) বিপৰীত শব্দ লিখা:
উত্তৰ:-
চোৰ- পুলিচ
              উত্তৰ- প্ৰশ্ন
              কাতৰ- ধৈৰ্যৱান
              পূণ্য- পাপ
              শোক- আনন্দ
              হৰ্ষ- বিষাদ
              শীতল-তপত

*

Post a Comment (0)
Previous Post Next Post