সময় Lesson 7 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

সময়
Lesson 7 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


ভাব বিষয়ক

১) চমু উত্তৰ দিয়া
ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:-
সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।


খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰ:-
কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।


গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ:-
সময়ৰ ডাঙৰ ভাগবোৰ হল - যুগ, কল্প আৰু শতাব্দী।


ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?
উত্তৰ:-
সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়।


ঙ) সময় কি গতিত ঘূৰে?
উত্তৰ:-
সময় বৃত্তাকাৰ গতিত ঘূৰে।


২) তাৎপৰ্য ব্যাখ্যা কৰা
ক) এলেহুৱাৰ দিন নাযায় নুপুৱায় ।
উত্তৰ:- 
এলেহুৱা মানুহ কোনো কামেৰেই নহয় । এলেহুৱাসকলে কাম কৰিবলৈ অতি বেয়া পায় । তেওঁলোকৰ মতে জীৱনটো মাত্ৰ খাই –শুই –বহি কটোৱাৰ বাবে । তাৰ বাইৰে জীৱনৰ আৰু অন্য অৰ্থ নাই । জীৱনটো এনেদৰে কটোৱাৰ তাগিদাতেই

তেোঁলোক সকলো সময়ত মাথো একো কাম-বন নকৰাকৈ বহি ৰয় । ফলস্বৰুপে সময়ৰ এটা এটা পল তেওঁলোকৰ বাবে অতি প্ৰকাণ্ড হৈ পৰে । কাৰণ কাম কৰিলেই মানুহে কেনোকৈ সময় পাৰ হৈ তাৰ উমান নাপায় । কিন্ত কাম নকৰাকৈ থকিলে ঘড়ীৰ  কাঁটাই এটা এটা ঘৰ পাৰ হোৱাো মানুহে গম পায় । সেয়ে এটা মিনিটত ঘড়ীৰ কাঁটাই ৬০ ছেকণ্ড অতিত্ৰম কৰা আৰু এটা ঘন্টাত ৬০ মিনিটত অতিত্ৰম কৰাৰ খবৰো বহি বহি সময় হৈ পৰে আৰু দিনটো নাযায় ৰাতিটো নুপুৱায় যেন তেওঁলোকৰ অনুভৱ হয় ।    


খ) মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।
উত্তৰ:-
ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মীলোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গল যেন লাগে। এই কাৰণেই বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্রহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেইকথা মানুহৰ কল্পনাৰো অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়েই।


গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি ।
উত্তৰ:-
সময় কাৰো বাবে ৰৈ নাথকে । সময়ৰ সদ্বব্যৱহাৰ নকৰি সাৱতি বহি থাকিলে সময়ে মানুহক উপলুঙা কৰি এৰি থৈ যায় । কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি । বিভিন্ন কৰ্মসমূহলৈ লক্ষ্য কৰিলে সময়ৰ জনোৱাৰ দৰে, ভেঁটফুলপাহেও মেলানি  মাগি পোহৰ হোৱাৰ আগলি বতৰা জনায়হি, পদুপাহ লাহে লাহে পোহৰৰ লগে লগে মেল খায় আৰু সন্ধিয়া অস্ত গৈ সূৰ্যস্তৰ বতৰা বিলায় । বেলিফুল সূৰ্যৰ লগে লগে ঘুৰি সময়ৰ বতৰা দিয়ে । ইয়াৰৰোপিৰ কঁঠালে মুচি পেলালে , আমে মলিয়লে, ধান পকিলে, বাঁহে গাজ মলিলে, ঢাপত কেতেকী গোন্ধালে একোটা  ঋতুৰ খবৰ পোৱা যায় ।


৩) পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উত্তৰ:-
`সময়' পাঠটিৰ লেখক হল - নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হল - `সাহিত্য কলা', `চিন্তামনি', `জ্যোতিকনা', `মানসী', `সন্ধানী'। তেখেত `আলোচনী' আৰু `ন-জোন' কাকতৰ সম্পাদকও আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰে।


৪) চাৰিটা-পাঁচটা বাক্যত উত্তৰ দিয়া ।
ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায় ?
উত্তৰ:-
প্ৰকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ জগতখনকে বুজা যায় । জীৱ-জন্ত, চৰাই-চিৰকটি, ফল-ফুল আৰু বৃক্ষসমূহক লৈয়েই প্ৰাকৃতিক জগত । বিভিন্ন ধৰণে প্ৰকৃতিৰ জীৱ-জন্ত প্ৰাণীমূহে নানান ক্ৰিয়া-প্ৰতিক্ৰিয়াৰে এই জগতত বসবাস  কৰে । প্ৰকৃতি জগতত সংঘটিত হোৱা  বিভিন্ন ঘটনাসমূহলৈ লক্ষ্য কৰি সময়ক কিছুমান ঋতুত বিভক্ত কৰা হয় ।


খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
উত্তৰ:-
একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অবলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ- বিগ্ৰহ, ৰাজত্ব আদি বিষয় বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ, ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।


গ) লক্ষণাত্ৰুান্ত মানে কি ?
উত্তৰ:-
লক্ষণ মানে হৈছে স্বভাৱ বা ধৰ্ম । লক্ষণৰপৰা দুটা বস্তক পৃথক হিচাপে দেখুৱাব লাগে পৰা যায় । সময় হৈছে এনে এবিধ বস্ত যিবিধ বস্তক কোনো সীমা আকিঁ ভাগ কৰিব পৰা নাযায় । কিছুমান লক্ষণৰ ওপৰত ভিক্তি কৰি সময়ক ভাগ কৰিব পৰা যায় আৰু ইয়াৰ বাবে একো একোটা সময়ক একো একোটা লক্ষণাত্ৰুন্ত বোলা হয় ।  


ঘ) বিজ্ঞানৰ আবিস্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে আৱগত হৈছিল?
উত্তৰ:-
বিজ্ঞানৰ আবিস্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল- চুটি হয়, টাক চাই সময় ঠিক কৰিছিল।


৫) তলৰ প্ৰশ্নকেইটাৰ অন্তনিৰ্হিত ভাব বিশ্লেষন কৰাঃ
ক) সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাত্ৰুান্ত।
উত্তৰ:-
সময়ক দৰাচলতে কোনো ধৰণৰ বিভাগেৰে ভাগ কৰিব নোৱাৰি । বৃত্তাকাৰ গতিত সময় ঘুৰি থাকে । কিছুমান বিশেষ বিশেষ লক্ষমৰদ্বাৰা সময়বোৰ কিছুমান ভাগত নিৰ্দষ্ট কৰিব পৰা যায়, যিবোৰ ভাগে দৰাচলতে কোনো কোনো এটা বিশেষ ঘটনাক প্ৰতিনিধিত্ব কৰে । সময়ৰ এনে ভাগবোৰ হ’ল – যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দণ্ড, পল, অনুপল, আদি । ইয়াৰোপৰি আকৌ সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ , হিজৰি , শকংকৰাব্দ, চৈতন্যাব্দ আদি বিভাগতো সময়বোৰ ভাগ কৰিব পৰা যায় ।

    সময়ক চাৰিটা যুগত ভাগ কৰা হয় । এই চাৰি যুগ হৈছে – সত্য, ত্ৰেতা, দ্বাপৰ, কলি । এই প্ৰতিটো যুগ কিছু কিছু ঘটনাই নিৰ্দষ্ট কৰি থৈছে । এই যুগবোৰ দৰাচলতে এক মহা সময়ৰ হিচাপ । কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ  প্ৰৱৰ্তন । খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম  বা হাজাৰ বছৰ   যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহিদৰ আগমন ইত্যদি ঘটনীৱলীয়েই একো একোটা যুগৰ লক্ষণ ।

   প্ৰকৃত জগতত দেখিবলৈ পোৱা জীৱ-জন্ত, বৃক্ষ আদিৰ মাজত পৰিল্ফুত হোৱা কিছুমান লক্ষণেও সময়ৰ জ্ঞান দিব পাৰে । কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমনি বতৰা পোৱা যায় , শীতৰ প্ৰকোপে শীতৰ বতৰা দিয়ে, বৰষুণৰ প্ৰাচুৰ্যি বৰ্ষাৰ হিচাপে দিয়ে । এনেদৰই সময়ৰ বিভাগবোৰ আচলতে বিশেষ বিশেষ লক্ষণৰ বাবে পোৱা যায় ।  


খ) সময়ৰ টিকনিডাল হেনো আগফালে।
উত্তৰ:-
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত নীলমণি ফুকন দেৱে লিখা `সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
                      ইয়াত লেখকে সময়যে ধৰি ৰাখিব নোৱাৰে তাকে কব বিচাৰিছে।
        সময় বোৱতী নৈৰ নিচিনা। ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হল যে - এবাৰ সময় পাৰ হৈ গুচি গলে অামি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰো। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ দুই - তিনি মিনিট আগেয়ে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে অামি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে।


গ)সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই ।
উত্তৰ:-
সময়ৰ জোখ কৰিবলৈ বৰ টান । যদিও ঘড়ীৰ কাঁটা কেইডালৰ চলনৰ ওপৰত নিৰ্ভৰ কৰি সময় নিৰূপন কৰা যায় তথাপি সময়ৰ প্ৰকৃত হিচাপ কামৰ মাজেদিহে পোৱা যায় । যিসকল লোকে কৰ্মক জীৱনৰ প্ৰধান ব্ৰত হিচাপে লয় তেওঁলোকে সময়ৰ প্ৰকৃত মহত্ব বুজি উঠিব পাৰে । কামৰ মানত তেওঁলোকে সময়ৰ হিচাপ কৰে । কৰ্মীলোকসকলে কৰ্মৰ পৰা অব্যহতি নোলোৱাকৈ সাধাৰণ দুদিনীয়া জীৱন-যাপন কৰিয়েই  অনন্তকাললৈ অমৰত্ব লাভ কৰে । ক্ৰমীলোকৰ বাবে এটা দিন হৈছে এপল । কিন্ত সোৰোপা লোকৰ বাবে এটা পল এবছৰৰ সমান । তেওঁলোকৰ দিন নাযয়-নুপুৱায় । তেওঁলোকৰ বাবে ঘড়ীৰ কোনো মূল্য নাই, ঘড়ীৰ কাঁইটে তেওঁলোকৰ বাবে সময় নিৰ্দষ্ট কৰ দিব নোৱাৰে কৰ্মই জীৱন এই কথা গভীৰতভাৱে বুজি উঠি কৰ্মৰ মানত তেওঁলোকে সময়ৰ গতি নিৰ্ধাৰিত কৰে ।


ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সচাঁ।
উত্তৰ:-
সময় অমূল্য ধন বোলা কথাষাৰ সচাঁ। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে।সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত কুৰি মাইল যোৱা ল'ৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত দুই মাইল যোৱা গৰু গাড়ী এখনৰ সমান হব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ জনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে।


৬) ‘প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও নিৰূপন কৰা হয়’ –
প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি ? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি ?
উত্তৰ:-
“প্ৰকৃতিক জগতৰ ওপৰত লক্ষ্য কৰি সময় নিৰূপন কৰা হয় ।”
-  প্ৰাকৃতিক পৰিঘটনাসমূহৰ ওপৰত লক্ষ্য কৰি সময়ক মূলত ছয়ভাগত ভাগ কৰিব পাৰি । এই ভাগকেইটা হল – গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত । আকৌ এটা দিনক দিন-ৰাতি বিভাগতো ভাগ কৰা হয় প্ৰকৃতিক পৰিঘটনাসমূহলৈ লক্ষ্য কৰি । প্ৰকৃতিক জগতৰ এই গতিবিধবোৰ মূলতঃ পশু-পাখী, উদ্ভিদ  আদিৰ গাত দেখা দিয়া বিভিন্ন পৰিৱৰ্তনকেন্দ্ৰিক ।

  শীতকাল পৰে যেতিয়া সমগ্ৰ প্ৰকৃতি শীতৰ গ্ৰাসত গছ-গছনি জাৰত ঠেটুৱৈ ধৰি ঠেৰেহা হৈ থাকে, পাতবোৰ সৰি যায়, সূৰ্যৰ তাপৰ প্ৰকোপ কমে । এই বৃক্ষসমূহত কুঁহিপাত  ওলালেই বসন্তৰ সূচনা । প্ৰকৃতি জগতৰ গতি- বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাহেঁ গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।

        জীৱ- জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুয়ে চৰা ঠাইৰ পৰা ধূলি উৰাই আহোঁতে গধুলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই  ৰুণ দি জনায় পোহৰ হবলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি পাটি এৰিবৰ উপক্ৰম কৰে।

        প্ৰাকৃতিক জগতৰ এনেবোৰ গতি - বিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি।


৭) ‘নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদব্যৱহাৰ’ – ইয়াক  বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা ।
উত্তৰ:-
উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়।

         সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হল ।থিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।

৮) ভাব সম্প্ৰসাৰণ কৰা
ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
উত্তৰ:-
ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন।
     উক্ত প্ৰবচনফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়।
         সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হল ।থিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।


খ) ৰাইজে নখ জোকাৰিলে নৈ বয় ।
উত্তৰ:-
যদিও ৰাইজ ৰজাৰ অধীন, দৰাচলতে ৰাইজেই ৰজা । ৰাইজেই যি ইচ্ছা তাকে কৰিব পাৰে । যদিহে তেওঁলোকৰ মাজত একতাৰ অভাৱ নহয় । একতাদ্বাৰা বহুতো অসাধ্য কাম সাধন কৰিব পাৰি । কোৱা হয় – একতা পৰম বল । নখৰ পিঠিত ধৰা পানীৰ পৰিমাণ অতি কম । এই পানীৰে ক্ষুদ্ৰ বাটি এটাও পূৰ নহয়, কিন্ত যদি সকলো ৰাইজ একত্ৰিত হৈ নিজৰ নখৰ আগৰ পানীহোৰ জোকাৰে তেন্তে এখন নৈৰ পানীৰ

সমান পনী পাব পৰা যায় । কাৰণ এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হয়, অৰ্থাৎ মানুহৰ সন্মিলিত শক্তিদ্বাৰা বহু অসাধ্য সাধন কৰিব পৰা যায় । ইয়াৰ বাবে প্ৰয়োজন মাথো মানুহ একত্ৰিত হোৱাৰ । দৰাচলতে একত্ৰিত হৈয়েই মানুহে একো একোটা মহৎ কাৰ্য সাধন কৰিব পাৰি ।


গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।
উত্তৰ:-
শৰ হল এবিধ কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ- জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰ পহু হল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হলে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা কবলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে।


৯) সন্ধি ভাঙা
উত্তৰ:-
শকাব্দ - শক + অব্দ
             খ্ৰীষ্টাব্দ - খ্ৰীষ্ট + অব্দ
             শংকৰাব্দ - শংকৰ + অব্দ
             চৈতন্যাব্দ - চৈতন্য + অব্দ
             লক্ষনাক্ৰান্ত - লক্ষন + আক্ৰান্ত
             কল্পান্তৰ - কল্প + অন্তৰ
             কৰায়ত্ত - কৰ + আয়ত্ত
             মনস্তাপ - মনঃ + তাপ


১০) পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।
উত্তৰ:-
দিন-ৰাতি : দেউতাকে ল'ৰা- ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে।
কাৰ্য-কলাপ : তাৰ কাৰ্য-কলাপ বোৰ বৰ আচহুৱা।
ঢাৰি-পাটী: ৰাতিপুৱা সোনকালে ঢাৰি-পাটী এৰি পঢ়া- শুনা কৰিব লাগে।
যন্ত্ৰ-পাতি : আজিকালি বেছিভাগ কামেই যন্ত্ৰ-পাতিৰ সহায়ত কৰা হয়।
নাযায়-নুপুৱায় : বিপদৰ দিনবোৰ নাযায়-নুপুৱায় যেন লাগে।
দেশ-বিদেশ : ঘৰতে বহি আজিকালি দেশ-বিদেশৰ বা- বাৰ্তা পোৱা যায়।

*

Post a Comment (0)
Previous Post Next Post