অন্যৰ প্ৰতি ব্যৱহাৰ Lesson 6 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

অন্যৰ প্ৰতি ব্যৱহাৰ
Lesson 6 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


ভাৱ-বিষয়ক :

১) ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা ?
উত্তৰ:-
    ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা ।


খ) কি নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত
   নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?
উত্তৰ:-  
কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সংসাৰত সুখে-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ ফলত বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় । 


গ) কোনটো শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ ?
উত্তৰ:- 
  আমি আনৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে । কিন্ত নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যতৰ কথা নাভীবি আনৰ লগত কেটেৰা মাৰিহে কথা কয় । সেই শ্ৰেণীৰ  মানুহৰ সত্ৰু সৰহ।


ঘ) সজ ব্যৱহাৰ অনুপাত কি ?
উত্তৰ:-
  সজ ব্যৱহাৰ অনুপাত হেছে নম্ৰতা ।


ঙ) মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক কি কৰা হয়?
উত্তৰ:-
  মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক ছল কৰা হয়।


চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ মিচেই পাতল।’ - ইয়াত কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ?
উত্তৰ:- 
যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথ লুকাই ৰাখিব নাজনে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে ।


ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
উত্তৰ:-
  শঠ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ।


জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উত্তৰ:- 
‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।


২) চমুকৈ বুজাই লিখা
ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰ:- 
সংসাৰত সমাজ পাতি সুখে- সন্তোষে চলাত মানুহৰ আচাৰ- ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰেই হল সুখ- শান্তিৰ মূল চাবিকাঠি। “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়" বোলা আপ্তবাক্য শাৰি ষোল অনাই সচাঁ। ব্যৱহাৰৰ বাবেই একোজন মানুহ সকলোৰে প্ৰিয়পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক, কত, কেনেদৰে, কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিবলগীয়া হয়। আনহাতে ব্যৱহাৰৰ গুণত অনেক ছলাহী মানুহেও সকোলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাঁকি প্ৰচলিত প্ৰবচন আছে যে - `কথাত কটা যায়, কথাত বঁটা পায়'- সেয়েহে আচাৰ- ব্যৱহাৰক সাধাৰণ কথা বুলি নাভাবি অামি মন দি শিকা উচিত।


খ) বিনয় ভাবন দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় হৈছে ?
উত্তৰ:-
  বিনয় মানুহৰ এটা সজ গুণ । বিনয়ে মানুহক মহান কৰে অনাহকত কেটেৰা কিছুমান লোক আছে যিয়ে্ অনৱৰতে খিংখিঙীয়া হৈ থকে আৰু আগ-পাছ নুগুণি সকলোৰে লগত কেটেৰা-জেঙৰা মাৰিহে কথা কয় । এনে ধৰমৰ লোকক কোনেও ভাল নাপায় । এই লোকসকলে নিজ ব্যৱহাৰ গুমে নিজৰ শত্ৰু বঢ়াই লয় ।সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো জ্ঞানীসকলে বিনয়ৰ বিধান দিছে । বিনয় ভাবেৰে দান কৰিলে দান দিয়তো গৰাকীৰ মহ্বত প্ৰকাশ পায় ।


৩) তাৎপৰ্য বাখ্যা কৰাঃ
ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰ:- 
লেখক সত্যনাথ বৰা দেৱে `অন্যৰ প্ৰতি ব্যৱহাৰ' নামৰ পাঠটিত সজ ব্যৱহাৰ আৰু আচৰণৰ কথা কবলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ; সেইদৰেই ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে, সুখেৰে আপোনা- আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি।


খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰ:- 
উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ‘অন্যৰ প্ৰতি’ ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।
   সোণ এবিধ মূল্যৱান ধতু । ইয়াৰ দ্বাৰা আ-অলংকাৰ গঢ়োৱা হয় ।অতি উজ্জ্বল ধাতু । আমি শোণৰ উজ্জ্বলতাক অমান্য কৰিলেও ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে ।
ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে, মান্যৱন্ত সদৃস
আদৰণীয় । এওঁলোক সদায় আনৰ পৰা মানসন্মান পায়।কিন্তআমাৰ সমাজত এনে কিছুমান লোক আছে যিসকল মান্যৱন্ত লোকৰ গুমবোৰক গ্ৰহম কৰি নোখোজে , তেওঁলোকে মান্য লোকসকলক ছল পালেই অমান্য কৰিব খোজে । ইয়াৰ দ্বাৰা  তেওঁলোক পুৰুষালি কতৰা যেন পায় কিন্ত এই লোকসকল ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কৰণতে কম কৰিব নোৱাৰি সেইদৰে মানযৱন্ত লোকসকলকো অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি ।


ভাষা-বিষয়ক

৪) বিপৰীত শব্দ লিখাঃ
উত্তৰ:-
সুখ - দুখ
            সন্তোষ - অসন্তোষ
            সজ - অসজ
            চৰিত্ৰবন্ত - চৰিত্ৰহীন
            কপটীয়া - সৰল
            মিঠা - তিতা
            বিনয় - উগ্ৰ
            নম্ৰতা - উগ্ৰতা
            লঘু - গুৰু
            উচ্চ - নীচ
            নিন্দা - প্ৰসংশা
            গুপ্ত - সদৰী
            দোষ - গুণ
            গহীন - চঞ্চল
            আঢ়্যৱন্ত - দৰিদ্ৰ


৫) বাক্য ৰচনা কৰাঃ
উত্তৰ:-

চকুৰ কুটা : (অপ্ৰিয় লোক) : নৰেশ্বৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলটোৰ চকুৰ কুটা স্বৰূপ হৈ পৰিছে।
পেটত কথা ৰাখ :(মনৰ কথা লুকাই ৰখা) : তাৰ পৰা আচল কথাটো জানিবই নোৱাৰিব কাৰণ সি পেটত কথা ৰাখে।

*

Post a Comment (0)
Previous Post Next Post