সৌৰজগতত আমাৰ পৃথিৱী
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১
social science lesson 1
class 6 social science question answer assamese medium
class 6 AssamQna
(১) উত্তৰ দিয়া-
(ক) সৌৰজগত বুলিলে কি বুজা ?
উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য,গ্ৰহ,উপগ্ৰহ, ধুমকেতু,উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।
উত্তৰ: বুধ,শুক্ৰ,পৃথিৱী,মঙ্গল,বৃহস্পতি,শনি,ইউৰেনাচ আৰু নেপচুন।
(গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা |
উত্তৰ:- সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল নক্ষত্ৰ | ইয়াৰ ওপৰৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াচ | সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি | সূৰ্যই হ'ল সকলো শক্তিৰ উৎস | সূৰ্যৰ বাবেই পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে
২) উত্তৰ দিয়া-
(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- নক্ষত্ৰ।
(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহৰটো নাম কি?
উত্তৰ:- শুক্ৰ।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি ?
উত্তৰ:- সূৰ্য।
(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়?
উত্তৰ:- উল্কাপিণ্ড।
(৩) পাঠৰ চিত্ৰ-থকা সৌৰজগতৰ চিত্ৰখন পযৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-
(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰ:- নেপচুন।
(খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?
উত্তৰ:- শনি আৰু নেপচুন।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?
উত্তৰ:- তৃতীয়।
(ঘ)সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি।
(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন গ্ৰহৰ মাজত দেখা যায়?
উত্তৰ:- মঙ্গল আৰু বৃহস্পতি।
(৪) শুদ্ধ উত্তৰটো লিখা-
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?
১)বুধ
২)শুক্ৰ
৩)মঙ্গল
৪)শনি
উত্তৰ:- (২)শুক্ৰ।
(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হল-
১)ধুমকেতু
২)গ্ৰহাণুপুঞ্জ
৩)উপগ্ৰহ
৪)নক্ষত্ৰ
উত্তৰ:- (১)ধুমকেতু
