প্ৰাচীন নগৰীয়া সভ্যতা
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১২
social science lesson 12
class 6 social science question answer assamese medium
class 6 AssamQna
১ ) উত্তৰ লিখা—
(ক ) কি কি নদীৰ পাৰত প্রাচীন সভ্যতা গঢ় লৈ উঠিছিল ?
উত্তৰ:- সিন্ধু , নীল , য়ুফ্ৰেটিছ , ট্রাইগ্ৰীছ , হোৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত প্রাচীন সভ্যতা গঢ় লৈ উঠিছিল ।
(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটইতকৈ বেছি?
উত্তৰ:- সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি।
(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্য়তাৰ লগত মেছ'পটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি?
উত্তৰ:- বেপাৰ-বাণিজ্যৰ উপৰত ভিত্তি কৰি।
(ঘ ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ - বাণিজ্যৰ কথা কিহে প্রমাণ কৰে পাঠটোৰ আলমত লিখা ।
উত্তৰ:- হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মণি , কাপোৰ ৰুদ্ৰাক্ষ আৰু পোৰামাটিৰ ছীল - মোহৰ আদি মেছ'পটেমীয়াত পোৱা গৈছে । আনহাতে , হৰপাৰ ছীল মোহৰ কিছুমান চুমেৰীয় অঞ্চলতো আৱিষ্কাৰ হৈছে । বিভিন্ন ঠাইত উদ্ধাৰ হোৱা এই সামগ্ৰীসমূহে প্রমাণ কৰে যে সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ - বাণিজ্য আছিল ।
( ঙ ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ?
উত্তৰ:- বেজী , বুটামৰ আৱিস্কাৰৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ।
২ ) পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমুহৰ উত্তৰ দিয়া -
( ক ) লোথাল আৰু কালিবাংগান কোন কোন ৰাজ্যত অৱস্থিত ?
উত্তৰ:- লোথাল - গুজৰাট , কালিবাংগান - ৰাজস্থান ।
( খ ) সিন্ধু নদীয়ে চুই যোৱা ঠাই কেইখনৰ নাম উল্লেখ কৰা ৷
উত্তৰ:- মহেঞ্জাদাৰো আৰু চানহোদাৰো ৷
( গ ) বর্তমান পাকিস্তানৰ অন্তৰ্গত ঠাই কেইখনৰ নাম লিখা ।
উত্তৰ:- হৰপ্পা , মহেঞ্জাদাৰো আৰু চানহোদাৰো ৷
( ঘ ) ঝিলাম বর্তমান কোনখন দেশত ?
উত্তৰ:- পাকিস্তানত ।
( ঙ ) ৰোপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত ?
উত্তৰ:- পাঞ্জাৱ
৪ ) শুদ্ধ নে অশুদ্ধ লিখা :
(ক ) মহেঞ্জোদাৰো নগৰৰ ৰাস্তা বোৰ পোন আছিল ।
উত্তৰ:- শুদ্ধ !
(খ ) ৰাস্তাৰ চুক বোৰ পোন আছিল ।
উত্তৰ:- অশুদ্ধ ।
(গ ) ঘৰবোৰত একোটাকৈ কুৱা আৰু স্নান গাৰ আছিল ।
উত্তৰ:- শুদ্ধ ।
(ঘ ) ঘৰ বোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ কোনো ব্যবস্থা নাছিল ।
উত্তৰ:- অশুদ্ধ ।
(ঙ ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰী সমূহৰ প্ৰায় ভাগ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ।
উত্তৰ:- শুদ্ধ ৷
(৬ ) সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা ।
উত্তৰ:- সিন্ধু উপত্যকাৰ সভ্যতা নগৰকেন্দ্রিক সভ্যতা নগৰবোৰত আহল - বহল ৰাজআলি আছিল ৷ ৰাষ্টাৰ চুকবোৰ ধেনুভেৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া যান - বাহন সহজতে চলাচল কৰিব পাৰে । নদমা ব্যৱস্থা অতিশয় উন্নত আৰু চকুত লগা আছিল ৷ প্ৰতিটো ঘৰৰ পৰা পানী ওলাই যাবৰ বাবে ইটাৰে নিৰ্মিত কিছুমান নলা আছিল । এই নলাবোৰৰ পানী ৰাজআলিৰ ডাঙৰ নলাবোৰেদি গৈ নদমাত পৰিছিল । নলাবোৰত ঢাকনীৰ সু - ব্যৱস্থা আছিল ৷ ঘৰৰ ব্যৱস্থা উত্তম আছিল ৷ ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল ঘৰবোৰ শাৰী শাৰী কৈ সজা হৈছিল ৷ ৰাষ্টা অৱৰোধ কৰি ঘৰ সজা নহৈছিল । ঘৰে প্ৰতি একোখন ডাঙৰ চোতাল আছিল ৷ তদুপৰি কুঁৱা স্নানাগাৰ , ডাঙৰ ভঁৰাল আদিও সিন্ধু উপত্যকাৰ সভ্যতাৰ ভগ্নাৱশেষত পোৱা গৈছে ।
৭) হৰপ্পা সংস্কৃতিৰ মানুহে ব্য়ৱহাৰ কৰা আচবাব - পত্ৰ , ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্রস্তুত কৰা ।
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্যৱহাৰ কৰিছিল । সেই সময়ত কুমাৰ , কাৰিকৰ , বাঢ়ৈ আদি শ্ৰেণীৰ লোক আছিল । খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন আকাৰ - আকৃতিৰে গঢ়া পাত্রসমূহ আকর্ষণীয় আছিল।বিভিন্ন ৰং আৰকু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতচুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল ইয়াৰ উপৰি পোৰা মাটিৰে বাচন - বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে ।
ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল ৷ ভগ্নাৱশেষবোৰৰ মাজত কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰো পোৱা গৈছে ৷ প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল । প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল ।
৮) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল ? তালিকা বনোৱা ।
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নির্বাহৰ মূল উৎসসমূহৰ তলত এখন তালিকা দিয়া হ'ল ।
১) কৃষি কর্ম
২) পশুপালন
৩) বেপাৰ - বাণিজ্য
৪) শিল্প কলা ।
