আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১১ social science lesson 11 class 6 social science question answer assamese medium class 6 AssamQna

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১১
social science lesson 11
class 6 social science question answer assamese medium
class 6 AssamQna


১। উত্তৰ লিখা-

(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?
উত্তৰ:-
সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল।


( খ ) আদিম মানুহে হাবিত পোৱা ফলমূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল ?
উত্তৰ:-
কেনেকৈ নতুতন গুটিৰ পৰা নতুন গছ গজে , ফলমূল দিয়া গছ - গছনিবোৰ ক'ত বেছিকৈ গজে ইত্যাদিৰ বিষয়ে আদিম মানুহে লক্ষ্য কৰিছিল ।

(চ) গাঁৱত দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হ'ল?
উত্তৰ:-
গাঁৱত দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহৰ নিৰাপত্তা আৰু সহায়-সহযোগিতা নিশ্চিত হ'ল।


( গ ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল ?
উত্তৰ:-
খেতি কৰাৰ বাবে আদিম মানুহে প্রথমে শিলেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল । লগতে জীৱ - জন্তুৰ হাড় , দাঁত আৰু কাঠৰ বিভিন্ন আহিলা খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল ।


(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?
উত্তৰ:-
আদিম মানুহে মঙহ, গাখীৰ আদি খাদ্য় পোৱাৰ উপৰি কিছুমান জ্তুক কৃষি আৰু যাতায়তৰ কামত ব্য়ৱহাৰ কৰিবৰ বাবে জীৱ-জন্তু পুহিছিল।


(ঙ ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল ?
উত্তৰ:-
চকাৰ আৱিষ্কাৰ আদিম মানুহৰ এক অতি উল্লেখযোগ্য আৱিষ্কাৰ । আদিম মানুহে চকা লগোৱা গাড়ী তৈয়াৰ কৰি , জন্তুৰ দ্বাৰা টনোৱাৰ ব্যৱস্থা কৰি দূৰ - দূৰণিলৈ যাতায়ত কৰিছিল । তাৰ উপৰি ফচল আৰু বিভিন্ন গধুৰ বোজা কঢ়িয়াইছিল চকা লগোৱা গাড়ীৰ দ্বাৰা ৷ সময়ত মাটিৰ নানান ধৰণৰ পাত্ৰ বনোৱা কামতো চকা ব্যৱহাৰ কৰিছিল ।


( চ ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল ?
উত্তৰ:-
মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল ।


(ছ ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ?
উত্তৰ:-
আদিম মানুহে ৰন্ধা - বঢ়া , খোৱা - বোৱা কৰিবলৈ আৰু শষ্য আদি সাঁচি ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল

*

Post a Comment (0)
Previous Post Next Post