মহাজনপদ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৪ social science lesson 14 class 6 social science question answer assamese medium class 6 AssamQna

মহাজনপদ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৪
social science lesson 14
class 6 social science question answer assamese medium
class 6 AssamQna


১। সঁচা মিছা নিৰ্ণয় কৰা-

(ক) পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।
উত্তৰ:-
সঁচা।


(খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ প্ৰাত্ৰ তৈয়াৰ কৰা হৈছিল।
উত্তৰ:-
সঁচা।


(গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল।
উত্তৰ:-
মিছা ।


(ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল।
উত্তৰ:-
মিছা।


(ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল।
উত্তৰ:-
সঁচা।


২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল ?
     ১) মগধ
     ২) লিচ্ছবী
     ৩) অঙ্গ
     ৪) অৱন্ত।
উত্তৰ:-
১) মগধ।


(খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল।
    ১) গংগা
    ২) যমুনা
    ৩) কোশী
    ৪) মহানদী ।
উত্তৰ:- ১
) গংগা।


(গ) তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?
    ১) কোশল
    ২) বতস
    ৩) হস্তিনাপুৰ
    ৪) অৱন্তী।
উত্তৰ:-
২) বতস।


(ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?
    ১) বাঢ়ৈ
    ২) কুমাৰ
    ৩) শিপিনী
    ৪) পেছাদাৰী স্থপতি।
উত্তৰ:-
৪) পেছাদাৰী স্থপতি।


(ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?
    ১) বিম্বিসাৰ
    ২) অজাতশত্ৰু
    ৩) মহাপদ্মনন্দ
    ৪) চন্দগুপ্ত মৌৰ্য।
উত্তৰ:-
৪) চন্দগুপ্ত মৌৰ্য।


৩। উত্তৰ লিখা-

(ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল?
উত্তৰ:- 
মহাজনপদৰ দিনত উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলী ব্যৱহাৰ কৰি আৰু বীজ সিঁচি, পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল।


(খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?
উত্তৰ:-
আৰ্যসকলে।


(গ) মহাজনপদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মান কৰিছিল?
উত্তৰ:-
আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ মহাজনপদৰ ৰজা সকলে দুৰ্গ নিৰ্মাণ কৰিছিল।


(ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?
উত্তৰ:-
মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি। প্ৰধান নদী গংগা আৰু শোণ মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল। ইয়াৰ ফলত পৰিৱহন, পানীযোগান আদিৰ সুবিধা হৈছিল। তদুপৰি মগধৰ বহু অঞ্চল হাবি-বননিৰে পৰিপূৰ্ণ আছিল। হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্য বাহীনীৰ কামত লগোৱা হৈছিল। অন্যহাতে হাবিত থকা মূল্যৱান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৰে টনা গাড়ী সজা ৰথ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল। ইয়াৰ ওপৰি মগধৰ কোনো কোনো অঞ্চলত লো'ৰ খনি পোৱা গৈছিল। এইবোৰৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল। সেয়েহে, এই সকলোফালৰ দ্বাৰা মগধ শক্তিশালী হৈ পৰিছিল।

ঙ ) মহাজনপদৰ দিনত লিপিক বিশেষ কৈ কি কি কামত ব্যৱহাৰ কৰিছিল ?
উত্তৰ:- মহাপদজনৰ দিনত ব্যৱসায় সকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাপ নিকাচ ৰাখিবৰ বাবে আৰু দূৰ দূৰনিলৈ খবৰ পঠিয়াবলৈ লিপিক ব্যৱহাৰ কৰিছিল । লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাপ লিখিত ৰূপত ৰাখিছিল ।

*

Post a Comment (0)
Previous Post Next Post