নতুন ভাৱৰ উত্থান
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৫
social science lesson 15
class 6 social science question answer assamese medium
class 6 AssamQna
১) উত্তৰ লিখা-
(ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল?
উত্তৰ:- জাতিভেদ বা বৰ্ণ প্ৰথাই ।
(খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কি কি?
উত্তৰ:- অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰক্ষ্মচাৰ্য।
(গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?
উত্তৰ:- উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু, কৰ্ণাটক আদি ঠাইত বিস্তৃতি পাইছিল।
(ঘ) গৌতম বুদ্ধৰ ধমৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?
উত্তৰ:- সুখ-শান্তিৰ উপায় বিচাৰি।
(ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাত গঢ়ি উঠিছিল?
উত্তৰ:- পাচঁটা শিক্ষাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ নতুন মতবাদ গঢ়ি উঠিছিল ।
(চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?
উত্তৰ:- হিংসা-বিদ্বষ, ব্যাভিচাৰ, মদ্যপ্ৰাণ আৰু মিছা কথা কোৱাৰ পৰা দূৰত থকা।
(ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?
উত্তৰ:- বিভিন্ন ঠাইত বৌদ্ধ মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ শিল্প অংকিত কৰিছিল।
২। সত্য অসত্য নিৰূপণ কৰা-
(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰজন্ম বিশ্বাস কৰে।
উত্তৰ:- অশুদ্ধ ।
(খ) বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল।
উত্তৰ:- অশুদ্ধ।
(গ) বুদ্ধদেৱে সাৰনাধত দিব্য জ্ঞান লাভ কৰিছিল।
উত্তৰ:- অশুদ্ধ।
(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল।
উত্তৰ:- শুদ্ধ।
(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হব পাৰিছিল।
উত্তৰ:- শুদ্ধ ।
৩ ) চমুকৈ উত্তৰ লিখা—
(ক ) ক্ষত্রিয়সকলে ব্ৰাহ্মণৰ কিয় সমমর্যাদা দাবী কৰিছিল ?
উত্তৰ:- আর্যসকলৰ প্ৰৱল বর্ণভেদ প্ৰথাৰ ফলত ব্রাহ্মণসকলে সমাজত ক্ষত্রিয়সকলতকৈ উচ্চ স্থান অধিকাৰ কৰি আহিছিল । কিন্তু কালক্রমত ক্ষত্রিয় ৰজাসকল ৰাজনৈতিক , অর্থনেতিক , সামাজিক আদি সকলোতে শক্তিশালী হৈ উঠাত ব্ৰাহ্মণৰ সমমর্যাদা দাবী কৰিছিল ।
(খ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল?
উত্তৰ:- মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে তেওঁ ‘জিন’ উপাধি পাইছিল।
(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি?
উত্তৰ:- জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হৈছে- শ্বেতাম্বৰ আৰু দিগম্বৰ।
(ঘ ) বুদ্ধদেৱে প্ৰথমে ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল ?
উত্তৰ:- বুদ্ধদেৱে প্ৰথমে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল ।
(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ?
উত্তৰ:- এটা ভাল জীৱন-যাপন কৰিবৰ বাবে বলি বিধান বা যাগ-যজ্ঞৰ প্ৰয়োজন নাই। জাতিভেদ প্ৰথাৰো কোনো প্ৰয়োজন নাই। সৎ-পথত থাকি এটা সহজ-সৰল জীৱনতহে মানুহে সুখ-শান্তি লাভ কৰিব পাৰে।
৪ ) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজৰ মিলখিনিৰ এখন তালিকা বনোৱা ।
উত্তৰ:- বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজৰ মিলখিনিৰ এখন তালিকা তলত দিয়া হ'ল—
ক) বৌদ্ধ আৰু জৈন দুয়োটা ধৰ্মই বৈদিক যাগ যজ্ঞত বিশ্বাস নকৰে ৷
খ) বৌদ্ধ আৰু জৈন দুয়োটা ধৰ্মত উপনিষদৰ প্ৰভাৱ সুস্পষ্ট ।
গ) দুয়োটা ধর্মই কর্মফলত বিশ্বাস কৰে ।
ঘ) দুয়োটা ধর্মই কৰ্মফলৰ পৰা মুক্তি দিবলৈ চেষ্টা কৰে ।
ঙ) দুয়োটা ধৰ্মই উদ্ভৱ হৈছিল পূব ভাৰতত ।
চ) দুয়োটা ধর্মই অসিংহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
৫। ‘ক’ অংশৰ লগত ‘খ’ মিলোৱা-
উত্তৰ:- ক)ত্ৰিপিটক – বৌদ্ধ ধৰ্মগ্ৰন্থ।
খ) কুশীনাৰা – বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।
গ)কৈৱল্য় – তপস্য়াৰ অন্তত মহাবীৰে লাভ কৰিছিল।
ঘ) কুন্দপুৰ – মহবীৰৰ জন্মস্থান।
ঙ) পূৰ্ৱ – জৈন ধৰ্মগ্ৰন্থ।
চ) সাৰনাথ – বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।
ছ) কপিলাবস্তু – বুদ্ধদেৱৰ জন্মস্থান।
