গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২০
social science lesson 20
class 8 social science question answer assamese medium AssamQna
১) উত্তৰ লিখা-
(ক) গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা ǀ
উত্তৰ:- গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে ǀ
১) গ্ৰাহক সজাগ আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হ’ব পাৰে ǀ
২) বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থাৰ প্ৰতিও ভাবুকি আহিব পাৰে ǀ
(খ) গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ কি কি ?
উত্তৰ:- গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ হ’ল-
১) বস্তুৰ ওজন সঠিকভাৱে নকৰা ।
২) বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা ।
৩) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।
৪) মানসূচক চিহ্নসমূহ নকল কৰা ।
(গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি ? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথা মনযোগ দিয়া উচিত
উত্তৰ:- গ্ৰাহক হিচাপে আমাৰ কৰ্তব্য হ’ল- দোকানৰ পৰা কোনো বস্তু কিনা আগতে চালি-জাৰি চব লাগে । বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত
১) বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা ।
২) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
৩) দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা ।
৪) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP ( সৰ্বোচ্চ খুচুৰা মূল্য ) লক্ষ্য কৰা আদি ।
(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি ? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ
উত্তৰ:- আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-
১) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে-সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য।
২) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ-অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰিব পাৰে । গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে।
(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ
উত্তৰ:- ১) ৰেডিঅ’, টেলিভিচন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য’ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্যনিহিত হৈ থাকে। চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয় ।
২) গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে ǀ সেইবোৰৰ ভিতৰত-
ক) গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান
খ) গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন
গ) গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম গঠন ইত্যাদি।
২) চমু টোকা লিখা
(ক) গ্ৰাহক সুৰক্ষ আইন
উত্তৰ:- ১৯৮৫ চনতে ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল। এই নীতি-নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে। এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । সেইবোৰ হ’ল-
ক) জিলা পৰ্যায়তঃ জিলা গ্ৰাহক সুৰক্ষা সংস্থা
খ) ৰাজ্যিক পৰ্যায়তঃ ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা
গ) ৰাষ্ট্ৰীয় পৰ্যায়তঃ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা
অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ।
(খ) গ্ৰাহক সজাগতা
উত্তৰ:- গ্ৰাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, নহ’লে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা কৰাৰ সুযোগ পায় । গ্ৰাহকে ল’বলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰা হ’ল-
ক) বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা ।
খ) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা ( যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি ) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা ।
গ) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
ঘ) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমাৰ্ক, আই এছ আই মাৰ্ক, হলমাৰ্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা ।
ঙ) দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা
চ) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP ( সৰ্বোচ্চ খুচুৰা মূল্য ) লক্ষ্য কৰা আদি ।
(গ) গ্ৰাহক প্ৰতাৰণা
উত্তৰ:- ক) বস্তুৰ ওজন সঠিকভাৱে নকৰা ।
খ) ভেজাল বস্তু বিক্ৰী কৰা ।
গ) বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা ।
ঘ) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।
ঙ) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।
চ) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা ।
ছ) মানসূচক চিহ্নসমূহ নকল কৰা ।
জ) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰী হুবহু নকল কৰা ।
ঞ) ডাকসেৱা, টেলিফোন বা ইণ্টাৰনেটযোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি ।
(ঘ) গ্ৰাহকৰ অধিকাৰ
উত্তৰ:- ক) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা ।
খ) গ্ৰাহকৰ সুৰক্ষা সমিতি গঠন কৰা ।
গ) গ্ৰাহকৰ অভাৱ-অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা ।
ঘ) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা ।
ঙ) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থৰ দাবী কৰা ।
চ) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ।
(ঙ) গ্ৰাহক আদালত
উত্তৰ:- গ্রাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম' গঠন কৰা হয় । ইয়াক গ্রাহক আদালত বুলি কোৱা হয় । ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফ’ৰামসনূহ তিনিটা পৰ্যায়ত গঠিত হয় । যেনে -
ক) জিলা ভিত্তিত - জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম
খ) ৰাজ্যিক ভিত্তিত- ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম
গ) ৰাষ্ট্ৰীয় ভিত্তিত- ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ
৩)শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা –
(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য ।
উত্তৰ:- অশুদ্ধ
(খ)গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্র ৰাষ্ট্ৰ যিখনে আইন প্রণয়ন কৰিছে।
উত্তৰ:- শুদ্ধ
(গ) শোষণৰ বলি হোৱা গ্রাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।
উত্তৰ:- শুদ্ধ
(ঘ) কেৱল মূল্যবান আৰু দামী বৰ ক্ষেত্ৰতহে গ্রাহক সুৰক্ষা আইন প্রযোজ্য।
উত্তৰ:- অশুদ্ধ
(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্রমাণ হিচাপে হলমার্ক চিহ্ন ব্যৱহাৰ কৰা হয়।
উত্তৰ:- অশুদ্ধ
(চ) বিক্রেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ ǀ
উত্তৰ:- শুদ্ধ
