আৰ্থ - সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান - প্ৰতিষ্ঠানৰ ভুমিকা অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৯ social science lesson 19 class 8 social science question answer assamese medium AssamQna

আৰ্থ - সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান - প্ৰতিষ্ঠানৰ ভুমিকা
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৯
social science lesson 19
class 8 social science question answer assamese medium AssamQna


১) চমু উত্তৰ লিখা-

(ক) দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে  ?
উত্তৰ:-
দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে ǀ ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য  সংস্হা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে ǀ


(খ) অৰ্থনৈতিক উন্নয়নৰ মূল উপাদান কেইটামানৰ নাম উল্লেখ কৰা ǀ
উত্তৰ:-
ৰাস্তা, ঘাট, দলঙ, গৃহ, যাতায়ত, যোগাযোগ ,জলসিঞ্চন,খোৱাপানী,চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি ǀ


গ) বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে ?
উত্তৰ:-
যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে –হ্ৰস্বকালী,মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে ǀ


(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া ǀ
উত্তৰ:-
ক) গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয় ǀ
            খ) গ্ৰাহকক ঋণ প্ৰদান কৰে ǀ


(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় ǀ
উত্তৰ:-
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া


(চ) নেডফিৰ সাহাৰ্যত উৎপাদিত সামগ্ৰীসমূহ ক’ত বিক্ৰী কৰা হয় ǀ
উত্তৰ:-
গুৱাহাটীৰ আমবাৰীত স্হিত নেডফিহাটত ǀ


২)বহলাই আলোচনা কৰা-

(ক) আর্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।
উত্তৰ:-
আৰ্থ-সামাজিক দিশৰ বিভিন্ন ক্ষেত্র যেনে কৃষি, উদ্যোগ, বাণিজ্য আদিৰ বিকাশৰ বাবে বিত্তীয় লেনদেন তথা ঋণৰ যোগান ধৰাটো এক অত্যাৱশ্যকীয় প্রক্রিয়া। আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংক ব্যৱস্থা আছে। এইবোৰৰ ভিতৰত কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, ঔদ্যোগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক, ভূমি বন্ধকী বেংক আদিয়ে প্রধান।


(খ) উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।
উত্তৰ:-
উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ অৰ্থে ১৯৯৫ চনত পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেডফি গঠন কৰা হয়। নেডফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিবেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে  উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্যহিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্যোগ গঢ়াৰ পৰিবেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে।
উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে- কৃষি,ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ত তাঁত আৰু বস্ত্ৰশিল্প, উদ্যানশস্য, হাঁহ কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে , সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয় ǀ
        নেডফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্য়ৱস্থাৰে ফল।


(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য:-
উত্তৰ:-
১) আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।
           ২) উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।
           ৩) গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কার্যসূচী গ্রহণ কৰা।
           ৪) গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা ।
           ৫) গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া
           ৬) ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা ǀ


৩) চমু টোকা লিখা-

(ক) সমবায় বেংক
উত্তৰ:-
এই বেংকৰ প্ৰধান উদ্দেশ্য হৈছে কম সুদত দুখীয়া খেতিয়ক, শিপিনী, ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা । সমবায় বেংক কৃষকসকলক হ্ৰস্বম্যাদী ঋণ আগবঢ়াই কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধিত সহায় কৰে । দেশৰ আৰ্থিক উন্নয়নত সমবায় বেংকৰ অৱদান অন্যতম ।


(খ) নাবাৰ্ড
উত্তৰ:-
বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে । এই ঋণসমূহ হ্ৰস্বকালীন ( ১৮ মাহৰ বাবে ) আৰু দীৰ্ঘকালীন ( ২৫ বছৰ বাবে ) হিচাপে আগবঢ়োৱা হয় । সমবায় বেংক, ভূমি উন্নয়নৰ বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে । গ্ৰামীণ ঋণ সৰবৰাহৰ বাবে নাবাৰ্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে ।


(গ) কেন্দ্ৰীয় বেংক
উত্তৰ:-
এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰববী বা শীৰ্ষস্থানীয় বেংকটোৱেই হ’ল কেন্দ্ৰীয় বেংক । এই ৰিজাৰ্ভ বেংকেই হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক । ১৯৩৫ চনত এই বেংক স্থাপন কৰা হয় । কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে । কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান । কেন্দ্ৰীয় বেংক হ’ল বেংকসমূহৰ বেংক ।


(ঘ) আত্মসহায়ক গোট
উত্তৰ:-
আত্মসহায়ক গোট হৈছে একে ঠাইৰে স্ব-ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থূপ বা গোট যিসকল আৰ্থিকভাৱে সচ্ছল নহয় । সাধাৰণতে ১০ৰ পৰা ২০জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি । এই গোটৰ প্ৰতিজন সদস্যই নিয়মিতভাৱে সঞ্চয় কৰি এক সমূহীয়া পুঁজি গঠন কৰে । এই বিলাক কাৰণতেই গাঁৱলীয়া ৰাইজৰ মাজত আত্মসহায়ক গোট গঠনৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে উপলব্ধি কৰা হৈছে যাতে দুখীয়া ৰাইজৰ মাজত স্বনিয়োজনৰ পথ মুকলি হয় আৰু আত্মনিৰ্ভৰশীল মানসিকতা গঢ় লৈ উঠে ।


৪) শুদ্ধ- অশুদ্ধ নির্ণয় কৰা-

(ক) বর্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।
উত্তৰ:-
শুদ্ধ


(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীর্ঘকালীন ঋণ আগবঢ়ায় ।
উত্তৰ:-
শুদ্ধ 


(গ) আত্মসহায়ক গোটে কেন্দ্রীয় বেংকত চেভিং বেংক একাউন্ট খুলিব লাগে ।
উত্তৰ:-
অশুদ্ধ


(ঘ) নেডফিৰ মুখা কার্যালয় শ্বিলঙত অৱস্থিত ।
উত্তৰ:-
অশুদ্ধ


(ঙ) আর্থিকভাবে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।
উত্তৰ:-
অশুদ্ধ

*

Post a Comment (0)
Previous Post Next Post