মৌলিক অধিকাৰ অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ২৩ social science lesson 23 class 8 social science question answer assamese medium AssamQna

মৌলিক অধিকাৰ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৩
social science lesson 23
class 8 social science question answer assamese medium AssamQna


১) চমু উত্তৰ দিয়া-

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰ:-
নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব কিকাশ কৰিবলৈ  সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ǀ


খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল  ?
উত্তৰ:-
আমেৰিকা যুক্তৰাষ্ট্ৰ ৰ (বিল অৱ ৰাইটছ্)ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল   ǀ


গ) সংবিদানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?
উত্তৰ:-
১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ǀ


ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?
উত্তৰ:-
১৯৭৮ চনত


ঙ) কোন চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?
উত্তৰ:-
২০০৯ চনত ǀ


২)খালী ঠাই পূৰ কৰা-

ক) অস্পৃশ্যতা এক সামাজিক ______ ǀ
উত্তৰ:-
ব্যাধি


খ) ভাৰতবৰ্ষ এখন ধৰ্ম __________ ৰাষ্ট্ৰ ǀ
উত্তৰ:-
নিৰপেক্ষ


গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিছেদ্য ________ ǀ
উত্তৰ:-
অংগ


ঘ) মৌলিক অধিকাৰ নাগৰিকৰ  _______ বিকাশত সহায় কৰে ǀ
উত্তৰ:-
ব্যক্তিত্ব


৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) দেশৰ জৰুৰীকালীন অৱস্হাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ǀ
উত্তৰ:-
নোৱাৰে ǀ


খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলবঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে ǀ
উত্তৰ:-
পাৰে ǀ


গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰৰ পৰা  বনুৱালৈকে সকলো সমান হয়/ নহয়
উত্তৰ:-
হয় ǀ


ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত  সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ǀ
উত্তৰ:-
পাৰে |


ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ǀ
উত্তৰ:-
পাৰে ǀ


৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা ǀ
উত্তৰ:-
সংবিধানত মৌলিক অধিকাৰসমূহ হ’ল-

(ক) মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় ।

(খ) মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায় ।

(গ) মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে ।

*

Post a Comment (0)
Previous Post Next Post