আমাৰ মৌলিক কৰ্তব্য অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ২৪ social science lesson 24 class 8 social science question answer assamese medium AssamQna

আমাৰ মৌলিক কৰ্তব্য
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৪
social science lesson 24
class 8 social science question answer assamese medium AssamQna


১। উত্তৰ লিখা-

(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?
উত্তৰ:-
ভাৰতীয় সংবিধানে  নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱনধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে ǀ সেই অধিকাৰ সমূহ উপভোগ কৰাৰ লগে লগে  ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে ǀ নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বোলে ǀ


( খ ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ?
উত্তৰ:-
শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ - মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য ।


( গ ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে ?
উত্তৰ:-
দেশৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ সন্মানৰ প্ৰতীক তথা ধ্বজা । জাতীয় পতাকা উত্তোলনৰ সময়ত সকলো নাগৰিকে থিয় হৈ সন্মান জনোৱাটো আমাৰ প্ৰত্যেক নাগৰিকৰ সাংবিধানিক কর্তব্য ।


(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কর্তব্য কি?
উত্তৰ:-
বিদ্যালয়ৰ নিয়ম শৃংখলাবোৰ মানি চলিব লাগিব ǀ বিদ্যালয়ৰ স্বাৱৰ বা অস্থাৱৰসা-সামগ্ৰী, সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগিব ǀ ছাত্ৰ-ছাত্ৰীসকলে পৰস্পৰে পৰস্পৰৰ মাজত মৰম চেনেহ, ভাতৃত্ববোধ, দয়া, সহানুভূতিশীল আদি গুণৰ বিকাশ সাধন কৰিব লাগিব ǀ


২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।
উত্তৰ:-
ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা।

খ) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শ সমুহ পোষণ আৰু অনুসৰণ কৰা।

গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা।

ঘ) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা।

ঙ) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।


৩) এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে লিখা ।
উত্তৰ:-
এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা তলত উল্লেখ কৰা গুণসমূহ বিকশিত হ'ব পাৰে
      ক ) দেশপ্ৰেমৰ ভাব জাগ্ৰত হোৱা
      খ ) শৃংখলাবদ্ধ হোৱা
      গ ) ধৈৰ্য আৰু সহনুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হোৱা ।


৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
উত্তৰ:-
ক) জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক                                     ৰক্ষণাবেক্ষণ দিয়া ǀ
খ)প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা ǀ
গ) যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা ǀ
ঘ) গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা ǀ
ঙ) পাৰিপাশ্বিক ভাৰসাম্যতা ৰক্ষাৰ ব্যৱস্থা কৰা ǀ


৫। খালী ঠাই পূৰ কৰা-

(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ______ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ।
উত্তৰ:-
৫২


(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ________ গাব লাগে ǀ
উত্তৰ:-
ৰাষ্ট্ৰীয় সংগীত


(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক ______ লাভৰ সুবিধা দিব লাগে।
উত্তৰ:-
শিক্ষা


(ঘ) ভাৰতীয় সংবিধানত মুঠ ________ কৰ্তব্যৰ  কথা উল্লেখ আছে।
উত্তৰ:-
১১ টা


৬। শুদ্ধটো বাছি উলিওৱা


(ক) ৰাষ্ট্ৰীয় প্রতীকৰ প্রতি সন্মান জনাব নালাগে/ লাগে ।
উত্তৰ:-
লাগে ।


(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে /নালাগে ।
উত্তৰ:-
নালাগে ।


(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।
উত্তৰ:-
লাগে ।


(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।
উত্তৰ:-
লাগে।


(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ǀ
উত্তৰ:-
লাগে ।

*

Post a Comment (0)
Previous Post Next Post