পৃথিৱীৰ গতি
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৩
social science lesson 3
class 6 social science question answer assamese medium
class 6 AssamQna
(১) তলৰ প্রশ্নবোৰৰৰ উত্তৰ দিয়া –
(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে ?
উত্তৰ:- চাৰে ৬৬ ডিগ্ৰী কোণ ধৰি আছে।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ৩৬৫ দিন আৰু ৬ ঘন্টা সময় লাগে।
(গ) পোহৰ বৃত্ত কাক বোলা হয়?
উত্তৰ:- পৃথিৱীখনত দিন-ৰাতি হোৱা অংশদুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?
উত্তৰ:- ২১ মাৰ্চৰ দিনা।
(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) আহ্নিক গতি আৰু বার্ষিক গতি বুলিলে কি বুজা?
উত্তৰ:- পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকে আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰা যি গতি তাকে বাৰ্ষিক গতি বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা।
উত্তৰ:- এটা গোলক আৰু এটা টৰ্চ লাইট ল'ব লাগে। এতিয়া এজনে চৰ্চলাইটটো গোলকটোৰ ফালে জ্বলাই দিয়া এতিয়া আনএজনে গোলকটো পূবৰ পৰা পশ্চিমলৈ ঘূৰাই দিয়া। এনেদৰে ঘূৰাই থাকোতে এটা অংশত পোহৰ পৰিব আৰু বাকী অংশত এন্ধাৰ হ'ব এনেদৰে পৃথিৱীত দিন-ৰাতি হয়।
(গ) অধিবৰ্ষ বুলিলে কি বুজা?
উত্তৰ:- পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা লাগে। সাধাৰনতে এবছৰত ৩৬৫ দিন ধৰা হয়, অৰ্থাৎ ৬ ঘণ্টা ৰৈ যায়। এনেকৈ চাৰি বছৰত ২৪ ঘণ্টা হয়গৈ অৰ্থাৎ ১ দিন। এনেকৈয়ে প্ৰতি ৪বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰি মাহত ২৮ দিনৰ পৰিবৰ্তে ২৯ দিন ধৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বোলা হয়।
(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পার্থক্য নিৰূপণ কৰা।
উত্তৰ:- কৰ্কট সংক্ৰান্তিৰ দিনা উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়।
আনহাতে মকৰ সংক্ৰান্ত্ৰিৰ দিনা দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালআৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়।
(ঙ) পৃথিৱীৰ বার্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন লিখা।
উত্তৰ:- পৃথিৱীত বাৰ্ষিক গতি নথকাহেঁতেন - ঋতু বিৰাজ নহলেহেঁতেন, সাজ-পাৰ, খাদ্য পৰিৱৰ্তন নহলেহেঁতেন, উদ্ভিদো পৰিৱৰ্তন নহলেহেঁতেন, মানুহৰ উৎসৱ-পাৰ্ৱন আদিও পালন নহলেহেঁতেন।
(চ) পৃথিৱীৰ কক্ষপথত বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা।
উত্তৰ:- পৃথিৱীয়ে যিটো উপবৃত্তকাৰ পথৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে তাকে পৃথিৱীৰ কক্ষপথ বোলা হয়।
(৩) শুদ্ধ উত্তৰবোৰত চিন দিয়া--
(ক) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?
(১) আহ্নিক গতি
(২) মেৰুদণ্ড
(৩) বাৰ্ষিক গতি
উত্তৰ:- বাৰ্ষিক গতি।
(খ) বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে?
(১) ২১ মাৰ্চ
(২) ২১ জুন
(৩) ২২ ডিচেম্বৰ
উত্তৰ:- ২১ মাৰ্চ।
(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিবৰ্তন হোৱাৰ কাৰণ--
(১) বাৰ্ষিক গতি
(২) আহ্নিক গতি
(৩) এই দুটা গতিৰ এটাও নহয়
উত্তৰ:- বাৰ্ষিক গতি।
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল--
(১) ৩৬৫ দিন
(২) ৩৬৬ দিন
(৩) ৩৬৫ ১/২ দিন
উত্তৰ:- ৩৬৬ দিন
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল--
(১) ২৩ ছেপ্তেম্বৰ
(২) ২১ মাৰ্চ
(৩) ২২ ডিচেম্বেৰ
উত্তৰ:- ২২ ডিচেম্বেৰ।
(৪) খালী ঠাই পূৰ কৰা--
(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে _______ বোলে।
উত্তৰ:- আহ্নিক গতি
(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক _______ বোলে।
উত্তৰ:- কক্ষপথ
(গ) ________ ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।
উত্তৰ:- শীত
(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আঁৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ________।
উত্তৰ:- বিষুৱ ৰেখা
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ________ গোলাৰ্ধত কল্পনা কৰা হৈছে।
উত্তৰ:- দক্ষিণ
(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত _______ কোণ কৰি হেলনীয়া হৈ থাকে।
উত্তৰ:- ৬৬১/২ ০
