ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৬ social science lesson 6 class 8 social science question answer assamese medium AssamQna

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৬
social science lesson 6
class 8 social science question answer assamese medium AssamQna


১। চমু উত্তৰ লিখা-

(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰ:-
লো-তীখাৰ উদ্যোগ।


(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰ:-
খাৰুৱা তেল।


(গ) ভাৰতৰ এখন কপাহ উৎপাদানকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰ:-
মহাৰাষ্ট্ৰ।


(ঘ) ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহন সেৱাবিধৰ নাম লিখা।
উত্তৰ:-
ৰেল পৰিবহন সেৱা।


(ঙ) অসমত থকা আন্তৰ্জাতিক বিমান বন্দটিৰ নাম লিখা।
উত্তৰ:-
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ(বৰঝাৰ)।


২। শুদ্ধ উত্তৰটো লিখা-

(ক) বস্ত্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত-
       (১) তৃতীয়,
       (২) দ্বিতীয়,
       (৩) প্ৰথম
উত্তৰ:-
প্ৰথম।


(খ) ভাৰতৰ প্ৰথমে ৰেল চলিছিল-
        (১) ১৮৩৫ চনত,
        (২) ১৯৩৫ চনত,
        (৩) ১৮৫৩ চনত
উত্তৰ:-
(৩) ১৮৫৩ চনত।


(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল-
         (১) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ,
         (২) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ,
         (৩) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ:-
(৩) ৭নং ৰাষ্ট্ৰীয় ঘাইপথ।


(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যিখন হ'ল-
       (১) অসম,
       (২) কেৰেলা,
       (৩) অন্ধ্ৰপ্ৰদেশ
উত্তৰ:-
(২) কেৰেলা।


৩। উত্তৰ দিয়া

( ক ) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তর্ভুক্ত হয়নে ?
উত্তৰ:-
ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হল
        ১) উত্তৰ – পূব উপ দ্বীপীয় বলয় ।
        ২) মধ্য বলয় ।
        ৩) দক্ষিণ বলয় ।
        ৪) দক্ষিণ পশ্চিম বলয় ।
        ৫) উত্তৰ পশ্চিম বলয় ।
        ৬) উত্তৰ পূব তৈল বলয় ।
অসম উত্তৰ পূব তৈল বলয়ত অন্তৰ্ভুক্ত ।


( খ ) ভাৰতৰ পাঁচটা প্রধান লো - তীখা উদ্যোগৰ নাম লিখা ।
উত্তৰ:-
ভাৰতৰ পাঁচটা লো - তীখা উদ্যোগ
    ১) জামছেদপুৰ টাটা লো - তীখা উদ্যোগ ।
    ২) ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো - তীখা উদ্যোগ ।
     ৩) ৰুৰবল্ল তীখা উদ্যোগ ।
     ৪) ভিলাই তীখা উদ্যোগ ।
     ৫) বোকাৰো তীখা উদ্যোগ ।


(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?
উত্তৰ:-
বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ  গঢ়ি উঠিছে।


৪। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ স্থল,জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।
উত্তৰ:-
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহন যথেষ্ট সুচল হৈ পৰিছে।দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী  জলপৰিবহন মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ-বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলো অহা যোৱা কৰিব পাৰিছে। বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা-সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত উপলব্ধ হৈছে। অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী।


৫।পৰিবহন ব্যৱস্থা দেশ এখনৰ সিৰা- উপসিৰাস্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।
উত্তৰ:-
১) পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু বস্ত্ৰ আদি এটা অঞ্চলৰ আন এটা অঞ্চললৈ যোগান ধৰা হয়।
            ২) পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যেক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰে।
            ৩) পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনৈতিক টনকিয়াল কৰাত সহায় কৰে। ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে।


৬। ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা।
(ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথ সমূহে চুই যোৱা জিলা সমূহৰ নাম লিখা।
উত্তৰ:-
তিনিচুকীয়া,ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট,ডিফু,হাফলং,শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ।


(খ) ৰে'লপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্য কেই খনৰ নাম।
উত্তৰ:-
নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়


(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম।
উত্তৰ:-
মোৰ্কংচেলেক।

*

Post a Comment (0)
Previous Post Next Post