সাগৰ- মহাসাগৰ অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৫ social science lesson 5 class 8 social science question answer assamese medium AssamQna

সাগৰ- মহাসাগৰ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৫
social science lesson 5
class 8 social science question answer assamese medium AssamQna


১ ।তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা
(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?
উত্তৰ:-
পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকীল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে।


(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা ?
উত্তৰ:-
শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্মমণ্ডলৰপৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়েই হ'ল গৰম পানীৰ সোঁত।


(গ) সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?
উত্তৰ:-
সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ আৰু সেইবোৰ হৈছে- প্লেংকটন বা প্লৱক, বেনথ'জ আৰু নেকটন।  লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱকবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে।


(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্র গঢ়ি উঠে?
উত্তৰ:-
সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য়ক্ষেত্ৰ গঢ়ি উঠে।


২। কাৰণ দৰ্শোৱা-
(ক) নাটনি জোৱাৰ বাসন্তী জাৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰ:-
নাটনি জোৱাৰ সময়ত অৰ্থাৎ সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে।এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰ আকৰ্ষণ প্ৰৱল নোহোৱাৰ বাবে জোৱাৰ ঢৌ সিমান ওপৰলৈ নুঠে আৰু শক্তিশালী নহয়।


(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
উত্তৰ:-
সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ।


(গ) জাপানত সঘনাই ছুনামি হয়।
উত্তৰ:-
মহাসাগৰৰ তলীত হোৱা ভূমিকম্প, আগ্নেয়গিৰী উদ্গীৰণৰ বাবে জাপানৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড ঢৌ বা ছুনামিৰ সৃষ্টি হয়। ইয়াৰ লগতে প্ৰশান্ত মহাসাগৰত সঘনীয়া সৃষ্টি হোৱা সাগৰীয় ধুমুহাইও জাপানৰ উপকূলীয় পাৰ্শ্বৱৰ্তী অঞ্চলত ছুনামিৰ সৃষ্টি কৰে।


(ঘ) সূৰ্য আকাৰত বিশাল হোৱা সত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।
উত্তৰ:-
সূৰ্য চন্দ্ৰতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ; আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ যোৱাৰ সৃষঅটিকাৰী শক্তি কম।


৩। উত্তৰটো লিখা।
(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়-
       (ক) মেৰু অঞ্চলত। 
       (খ) নিৰক্ষীয় অঞ্চলত।
       (গ) এটাও নহয়।
উত্তৰ:-
(খ) নিৰক্ষীয় অঞ্চল।


(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা- নমা কৰাকে-
         (ক) সাগৰীয় সোঁত।
         (খ) জোৱাৰ ভাটা।
         (গ) ঢৌ বোলে।
উত্তৰ:-
(খ) জোৱাৰ ভাটা।


(৩) ছুনামি শব্দৰ অৰ্থ হ'ল-
       (ক) ভূমিকম্প
       (খ) সাগৰৰ ঢৌ
       (গ) পোতাশ্ৰয়ৰ ঢৌ
উত্তৰ:-
(গ) পোতাশ্ৰয়ৰ ঢৌ।


(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ-
       (ক) নেকটন
       (খ) বেনথ'জ
       (গ) প্লেংকটন শ্ৰেণীৰ
উত্তৰ:-
(ক) নেকটন।


৪। সোঁফালৰ লগত বাওঁফাল মিলোৱা-
উত্তৰ:-
(ক) ডায়েটম। -- (গ) এবিধ উদ্ভিদ প্লেংকটন

(খ) নিৰক্ষীয় অঞ্চলত। -- (ঙ) পানীৰ ঘনত্ব কম হয়

(গ) সাধাৰণ নিমখ। -- (ঘ) মহাসাগৰত পানীত দ্ৰৱীভূত হৈ থাকে  

(ঘ) সপ্তমী আৰু অষ্টমী -- (খ) নাটনি জোৱাৰ হয়

(ঙ) মৎস্য ক্ষেত্ৰবোৰ। -- (ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে

*

Post a Comment (0)
Previous Post Next Post