ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৮ social science lesson 8 class 8 social science question answer assamese medium AssamQna

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৮
social science lesson 8
class 8 social science question answer assamese medium AssamQna


১।চমু উত্তৰ দিয়া-
(ক) স্কেল বা মাপনী বুলিলে কি বুজা?
উত্তৰ:-
মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকে স্কেল বা মাপনী বোলে।


(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰ:-
যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ,পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষীতত নিয়াৰিকে কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।


২। শুদ্ধ উত্তৰটো লিখা-
(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল-
      (১) ইৰাট'স্থেনিচে
      (২) ট'লেমিয়ে
      (৩) কাৰ্ল'ৰিটাৰে
উত্তৰ:-
(২) ট'লেমিয়ে।


(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল-
        (১) নিৰূপক ভগ্নাংশ,
        (২) ৰৈখিক স্কেল,
        (৩) ভাষাৰ স্কেল
উত্তৰ:-
(১) নিৰূপক ভগ্নাংশ।


(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে-
       (১) মিছৰত,
       (২) মেছ'প'টেমিয়াত
       (৩) চীনত
উত্তৰ:-
(২) মেছ'প'টেমায়াত।


৩। বহলাই লিখা-
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা।
উত্তৰ:-
মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ আৰম্ভণিৰে পৰা মানচিত্ৰ বনোৱাৰ বাবে চেষ্টা চলাই আছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে- মেছ'প'টেনিয়াম (বৰ্তমানৰ ইৰাকত)। এই মানচিত্ৰ টোকাটা ফলকত অংকিত কৰা হৈছিল।মিছৰত এনে মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল।তেওঁলোকে নীলনদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰা হৈছিল। তেওঁলোকে পাটৰ কাপোৰত নদ-নদী, পাহাৰ পৰ্বত,ৰাস্তাঘাট দেখুৱাই মানচিত্ৰ অংকন কৰিছিল।

*

Post a Comment (0)
Previous Post Next Post