নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৯ social science lesson 9 class 8 social science question answer assamese medium AssamQna

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৯
social science lesson 9
class 8 social science question answer assamese medium AssamQna


১। উত্তৰ দিয়া-
(ক) ভক্তিবাদ বুলিলে কি বুজা?
উত্তৰ:-
ভগমানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি আঘাত প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ।


(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?
উত্তৰ:-
১) খ্ৰীষ্টীয় শতিকাত দক্ষিণাত্যৰ  তামিল ৰাজ্যত আলভাৰচ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায়ৰ দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল।
            ২) মধ্যযুগত ইছলাম ধৰ্মৰ অৰ্ভিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল।


(গ) দিব্য প্ৰবন্ধম কি?
উত্তৰ:-
আলভাৰছসকলৰ গীত,মাত,মৌখিক সাহিত্যৰ কীৰ্তীৰাজী পৰৱৰ্তীকালত সংকলিত ৰূপত প্ৰকাশ পায়।আলভাৰছ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে।



ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰ:-
নানক,তুলসীদাস, কবীৰদাস আৰু ৰামানন্দ।


(ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে।
উত্তৰ:-
ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।


২। উপযুক্ত শব্দেৰে তলৰ খালী ঠাই পূৰ কৰা-
(ক) শংকৰাচাৰ্য আছিল______বিশ্বাসী।
উত্তৰ:-
অদ্বৈতবাদত।


(খ) খ্ৰীষ্টীয়_____পৰা ভাৰতত ইছমান ধৰ্মাৱলী তুৰ্কী আফগানসকলৰ আৰ্বিভাৱ ঘটিছিল।
উত্তৰ:-
নৱম শতিকাৰ।


(গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল_____।
উত্তৰ:-
বিষ্ণুৰ অৱতাৰ ৰাম।


(ঘ) তুলসীদাসক______বুলি গণ্য কৰিছিল।
উত্তৰ:-
বাল্মিকীৰ অৱতাৰ।


(ঙ) গীত গোবিন্দত শ্ৰী কৃষ্ণৰ লীলাৰ______আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।
উত্তৰ:-
প্ৰশংসা।


৩।চমু টোকা লিখা-

(ক) শংকৰাচাৰ্য
উত্তৰ:-
দক্ষিণ ভাৰতত কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান।


খ।জ্ঞানদেৱ

উত্তৰ:- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১০ শতিকাত ভক্তি আন্দোলন সূচনা হয়।জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰকাশ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা,ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল।


(গ) ৰামানন্দ
উত্তৰ:-
উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পন্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম।


(ঘ) নানক
উত্তৰ:-
উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম আছিল গুৰু নানক। কবীৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰবাহিত কৰিছিল।নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল।


(ঙ) মীৰাবাঈ
উত্তৰ:-
১০ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলন গঢ়ি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তন জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।


৪। আলভাৰসকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ?
উত্তৰ-
খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰচ্  নামৰ সম্প্ৰদায়টো  ǀ
আলভাৰচ্  সকল ভগৱান বিষ্ণুৰ উপাসক আছিল ǀ তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল ǀ অহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় ǀ মানুহৰ মাজত ভগৱানক পাব পাৰি ǀ গতিকে জীৱ প্ৰেমেই ভগৱৎ প্ৰেমৰ আধাৰ ǀ ǀএই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল ǀ


৫। চুফিবাদৰ মূলমন্ত্ৰ কি আছিল ? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ।
উত্তৰ:-
চুফিবাদৰ মূলমন্ত্ৰ আছিল এক ভগৱানকে উপাসনা কৰা । ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম হল- নিজামুদ্দিন আউলিয়া আৰু আব্দুল কাদিৰ ।


৬। কবীৰ কিয় হিন্দু আৰু ইছলামধর্মী সকলো লোকৰ মাজত জনপ্রিয় আছিল ?
উত্তৰ:-
কবীৰ এক ভগৱানৰ উপাসক আছিল । ভগৱানক কবীৰে ৰাম , হৰি , আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল । তেখেতৰ মতে ঈশ্বৰ আল্লা এক । সেয়েহে , কবীৰক হিন্দুসকলে ৰামভক্ত আৰু মুছলমানসকলে চুফি সাধক হিচাপে স্বীকৃতি দিছিল আৰু হিন্দু আৰু ইছলামধর্মী সকলো লোকৰ মাজত জনপ্রিয় আছিল ।


৭। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?
উত্তৰ-
মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহবানে গা কৰি উঠিছিল ǀ বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম,জাতি ভেদ প্ৰথা,উচ্চ নীচ ,ধনী-দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল ǀ তেওঁলোকে ইয়াৰপৰা মুক্তি বিচাৰিছিল ǀ জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠন ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল ǀ


৮। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰ:-
ভক্তিবাদৰ নতুন নতুন ধ্যান – ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে । ক্রমান্বয়ে ভক্তিবাদৰ পৰিসৰ বহল হল । ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমেৰে সমাজ – সংস্কাৰ কৰি সৰ্ব - সাধাৰনৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যকো ভক্তিৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হল । মধ্য যুগত এনেধৰণৰ ভক্তিবাদী আন্দোলনে উত্তৰ আৰু উত্তৰ - পূব ভাৰতত বিস্তৃত ৰূপত প্ৰকাশ পায় । এইদৰে সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈ উঠে ।


৯। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টামান শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰা
উত্তৰ:-
অসমৰ সমাজ , সংস্কৃতি , ভাষা - সাহিত্য , ধর্মত যেতিয়া দুর্নীতি , জাতিভেদ প্রথা , কু - সংস্কাৰ আদিয়ে গা কৰি উঠিছিল , তেনে এক চৰম দুৰ্যোগৰ সময়ত ১৪৪৯ খ্রীষ্টাব্দত অসমীয়া কলা - সংস্কৃতিৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় । শ্রীমন্ত শংকৰদেৱে অতি কম সময়ৰ ভিতৰতে চাৰি বেদ , চৈধ্য শাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিছিল । ভাগৱত পুৰাণখনক সকলোৰে মূল বুলি অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল । শংকৰদেৱৰ মানৱীয় প্ৰমূল্য আৰু অহিংসা হ'ল শংকৰদেৱৰ ধর্মমতৰ মূল বিষয়বস্তু । এই ধর্মমতে জাতি , বর্ণ নির্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোকক পূজা - অৰ্চনাত সমান অধিকাৰ প্ৰদান কৰে ৷ অসমীয়া সামাজখনক একত্ৰ কৰিবলৈ শংকৰদেৱে সমতা , সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল । ভক্তিবাদক আশ্রয় কৰি তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱেশ কৰিছিল । সৰ্বসাধাৰণৰ বোধগম্য হব পৰাকৈ সংস্কৃত শাস্ত্ৰবোৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল । সামাজিক সমতা আৰু সকলো সম্প্ৰদায়ৰ উমৈহতীয়া অংশগ্রহণ নিশ্চিত কৰি বৃহৎ অসমৰ ভাষা আৰু কলা - সংস্কৃতিৰ বহল ক্ষেত্ৰখন তেখেতে গঢ় দি থৈ যায় ।

*

Post a Comment (0)
Previous Post Next Post