অৰুণিমা সিনহা
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১০
assamese chapter 10
class 10 assamese science question answer assamese medium
seba hslc class 10 AssamQna
ভাৱ বিষয়ক
১) চমু উত্তৰ দিয়া
ক)অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰ:- ভলীবল খেলত ।
খ)অৰুণিমা সিনহাৰ ঘৰ ক’ত?
উত্তৰ:- উত্তৰ প্ৰদেশত ।
গ) হস্পিতালত থাকোতে অরুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল ?
উত্তৰ:- হিমালয় শৃংগলৈ উঠাৰ সপোনে ।
ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰ:- এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰোহণৰ প্রশিক্ষণ ল'বৰ বাবে।
ঙ)মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল ?
উত্তৰ:- ২০১৩ চনৰ ২১মে’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল ।
২) অৰুণিমা সিনহাই ৰে'লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হবলগীয়া। হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উত্তৰ:- অৰুণিমা সিনহাই ৰে’লযাত্রাৰ সময়ত ৰে'লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ মখামুখি হ’বলগীয়া হৈছিল। ডকাইতৰ দলে ডবাটোৰ আন যাত্রীসকলৰ পৰা ভয় দেখৱাই, ডাবি দি টকা-পইচা, সোণৰ আ-অলংকাৰ আদি লুট কৰিছিল। যাত্রীসকলেও প্রাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলো ডকাইতৰ হাতত অৰ্পণ কৰিছিল। কিন্তু সেই ডবাটোতে যাত্রীৰূপে যোৱা অৰুণিমা সিনহাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ ভয়কে কেৰেপ নকৰি সিহঁতে বাৰে বাৰে খোজা সত্ত্বেও নিজৰ গলৰ চেইনডাল নিদিলে। তেওঁ মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা দলিওৱাদি ট্ৰেইনৰ বাহিৰলৈ দলিয়াই দিলে। সেই সময় আন এখন ট্রেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্রেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ'ল। ৰে’ল যাত্ৰাৰ সময়ত এই দুর্ঘটনাৰ তেওঁ মুখামুখি হৈছিল। এই দুর্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভৰিও চিৰদিনৰ কাৰণে ঘূণীয়া হ'ল।
৩) অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায়। কৰিছিল?
উত্তৰ:- কৰুণভাৱে আঘাতপ্রাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোতে অৰুণিমা সিনহাৰ মনত হিমালয়ৰ শংগলৈ উঠাৰ সপোন জাগি উঠিছিল। তেওঁ দুর্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল'বলগীয়া হৈছে আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপি এনে অৱস্থাতো অৰুণিমাই নিজৰ সপোন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। বাচেন্দ্রি পালে তেওঁৰ সকলো কথা সহমর্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্রত্যাহান আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন তাইৰ সপোন পূৰণ কৰিব পাৰিব। তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্রিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামর্শ দিছিল যদিও তেওঁ দমি নগ'ল। তেওঁ দুচকুত হেজাৰ সপোন লৈ বাচেন্দ্রি পালৰ পৰামর্শক্রমে উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান কৰিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। প্রায় এবছৰকাল একেলেথাৰিয়ে। বাচেন্দ্রি পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অৰুণিমাই অনুশীলনত আত্মসমর্পণ কৰিছিল।
৪) এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ? '
উত্তৰ:- এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। অৰুণিমাৰ মনোবল, সাহস আৰু আত্মপ্রত্যয়ৰ কথা জানি এখন ভৰিত কৃত্রিমভাৱে লগোৱা আৰু আনখন লোৰ ৰড় লগোৱা ভৰিৰে এই মানুহজনীক বাচেন্দ্রি পালে সহায় কৰিবলৈ গাতল’লে। তেওঁৰ পৰামর্শমতেই অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচনপত যোগদান কৰিলেগৈ। তাত বাচেন্দ্রি পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে।শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত কৰিবলৈ উঠি-পৰি লাগিছিল। তেওঁ প্রায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলন আত্মসমর্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘণ্টাও লাগিছিল। তথাপি আশা এৰা দিয়া নাছিল অৰুণিমাই ।
৫) অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে?
উত্তৰ:- লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ফুট। অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হোৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্রাণ বচাবলৈ উভতি যাবলৈ পৰামর্শ দিছিল যদিও অৰুণিমাই কোনো কথা নামানি চেষ্টা অব্যাহত ৰাখিলে। বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত থকা মাউন্ট চামছে কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্র আৰোহণ কৰিবলৈ সক্ষম হ’ল। সেই সময়ত বতৰ অত্যন্তভাৱে প্রতিকূল অৱস্থাত আছিল। বতৰৰ এনে প্রতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউন্ট চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূর্ণ কৰিব নোৱাৰিলে।
৬) অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।
উত্তৰ:- এভাৰেষ্ট অভিযানৰ আগতে লাডাখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হলেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন ভাগি যোৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনোবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা। মাউন্ট এভাৰেষ্টৰ শংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে। জনোৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল লগত নিয়া অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনো মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে। তেতিয়া মৃত্যু নিশ্চিত। পিছে কোনো সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল ।বাটত যাওঁতে তেওঁ আঁই দুটাৰ পৰা নিগৰি অহা তেজবোৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। প্রচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্রা কৰা দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শুংগত পদার্পণ কৰিবলৈ সমৰ্থ হ'ল। তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰোধ কৰিলে। সপোন পূৰ হোৱাৰ আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে ।
৭) “একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি। আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।”
—কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰ:- ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে; এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্রত্যাহান আৰু আত্মপ্রত্যয়ৰ প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে। | ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পর্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অর্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যোগাইছে যে নাৰীয়ে সকলো খেলতে চেষ্টা কৰিলে একোটা আদর্শ হৈ পৰিব। পাৰে। পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্রতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয়। আনখন ভৰিতো লোৰ ৰড লগোৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগোৱা আনখনো বাৰুকৈয়ে ঘুণীয়া হোৱা অৱস্থাতে অৰুণিমা সিনহাই এক অবিশ্বাস্য সপোন দেখিছিল– হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগোৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমার নোৱাৰিলে। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়ো অৰুণিমাক টলাব। নোৱাৰিলে। অৱশেষত তেওঁৰ সাহস, আত্মপ্রত্যয় আৰু মনােবল দেখি বাচেন্দ্রি পালে। অনুশীলনত সহযোগ কৰিলে— প্রশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হোৱা নানান কষ্ট, অসুবিধা, দুয়োখন ভৰিৰে তেজ নিগৰি ওলোৱা অৱস্থাতে বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি রিজয় নিচান উৰুৱাত গোটেই বিশ্ববাসী আচৰিত হোৱাৰ লগতে অসীম প্রেৰণা লাভ কৰিলে। পংগু হৈয়ো যে মনোবল, সাহস,আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নোৱাৰা কোনো কাম নাথাকে এই কথা অৰুণিমাই প্রমাণ কৰিলে—— যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়ো স্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে। অৰুণিমা সিনহা, ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্রতিভাৰে যুগে যুগে সকলোকে এনেদৰে প্রেৰণা দি আহিছে ।
৮) ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
উত্তৰ:- ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল , মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।
ভাষা বিষয়ক
১) সন্ধি ভাঙা-
সংশয়, পৰ্বতাৰোহণ, উতসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
উত্তৰ:- সংশয়- সম+শয়
পৰ্বতাৰোহণ- পৰ্বত+আৰোহণ
উতসাহ- উত+সাহ
হিমালয়- হিম+আলয়
প্ৰত্যাহ্বান- প্ৰত্য+আহ্বান
বিপদাপন্ন- বিপদ+আপন্ন
২) তলৰ শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱা-
অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।
উত্তৰ:- অনুৰাগ- অনু+ৰাগ
অনুভৱ- অনু+ভৱ
অভিনয়- অভি+নয়
প্ৰতিকূল- প্ৰতি+কূল
