অৰণ্য যাত্ৰা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১১ assamese chapter 11 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

অৰণ্য যাত্ৰা
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ১১
assamese chapter 11
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna

অৰণ্য যাত্ৰা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ১১ assamese chapter 11 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna



ভাৱ বিষয়ক

১) চমুকৈ উত্তৰ দিয়া ।
ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ
শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ:- বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰসিদ্ধান্ত লৈছিল।


খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? 
উত্তৰ:- পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।


গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰ:-  পলে বাচন-বৰ্তন ধোৱা, মচা-সৰা আদি কাম ছোৱালীৰ বুলি পাহিক কৈছিল।


ঘ) লর্ড কার্জন কোন?
উত্তৰ:- লর্ড কার্জন ব্রিটিছ ভাইচৰয় আছিল।


২) ল'ৰা-ছোৱলীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰ:- পাহিয়ে মাকক লৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি লৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকৰ দৰে পঢ়া- শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কামকেইটাও নিজে কৰি নলয়। মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে লৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল।
       ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ লৰা- ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে, লৰাই হওক বা ছোৱালীয়েই হওক যিমানেই পঢ়া- শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিবলৈ লাগিব । নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হবলৈ বাধ্য হব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব।


৩) প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ:- প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে। ঠিক তেনেদৰে কলগছজোপাৰ কাষতে থকা নেমুগছজোপাৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্রকৃতিৰ এই সুন্দৰ নিয়মে। পাহিক আকৃষ্ট কৰে।


৪) কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ:- কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কৈছিল যে তোমালোক পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰ পৰা শিকিবলগীয়া বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগত নিজৰ বয়-বস্তুবোৰ চম্ভালিবা। আৰু শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। আমি খবৰ লৈ থাকিম।


৫) কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা৷'– এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰ:-কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ
কৰি দিছো তেনেকৈ কৰা—কথাষাৰৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত
হাজৰিকা।কাজিৰঙা যাত্ৰাত বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্রছাত্রীৰ মাজৰ পৰানেতা-নেত্রী পাতি দিছিল। পাহি আৰু বিদিশাক বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ কৈছিল। ঠিক তেনেদৰে নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল বিলোৱাৰ দায়িত্ব দিয়া হৈছিল।
কিন্তু সৌৰভে কামটো টান পাই সিহঁতৰ কামটো পাহি আৰু বিদিশাক দিবলৈ কৈছিল আৰু পাহিহঁতৰ কামটো সিহঁতে কৰিম বুলি কৈছিল। কাৰণ সিহঁত ল’ৰা, গতিকে লগৰীয়াবোৰে উৎপাত কৰিলে সিহঁতে
শাসন কৰিব পাৰিব তথা অসুবিধাবোৰলৈও মন দিব পাৰিব।সৌৰভৰ এই কথা শুনি শিক্ষক ৰঞ্জিত হাজৰিকাই উক্ত কথাষাৰ ক'বলগীয়া হৈছিল। 


৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ:- দুপৰীয়া ভাত খাই কাৰৰ অনুমতি নোলোৱাকৈ পল-আফতাবহঁতে আবাসগৃহৰ পিছফালে থকা মেটেকাৰে ভৰা বিলখনলৈ গৈছিল। আৰু তাতে তলি ফুটা নাওখনত উঠি সিহঁত বিপদত পৰিছিল। কাৰণ নাওখনত পানী সোমোৱা বাবে নাওখন ডুবিবলৈ আৰম্ভ কৰিছিল।এই বিপদৰ পৰা সিহঁতক পাঁচজনী মাছমৰীয়া ছোৱালীয়ে উদ্ধাৰ কৰিছিল। 


৭) শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা।
উত্তৰ:- পল-আফতাবহঁতে অনুমতি অবিহনে নাৱত উঠিবলৈ গৈ যি বিপদত পৰিছিল সেইকথা জানি শিক্ষকশিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। শিক্ষক-শিক্ষয়িত্ৰীৰ এই প্রস্তাৱে আন ছাত্রছাত্রীসকলৰ মনটো সেমেকাই তুলিছিল। কিন্তু পাহিয়ে থিয় হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্য কৰি কৈছিল যে পল-আফতাবহঁতে কৰা কাৰ্যৰ বাবে আমি দুঃখিত। কিন্তু সিহঁতে কৰা ভুলৰ শাস্তি আন ল'ৰা-ছোৱালী বা শিক্ষার্থীয়ে পোৱাটো উচিত নহয়। বৰঞ্চ যিয়ে দোষ কৰিছে তেওঁলোকক কাইলৈ লগত লৈ যাব নালাগে। সকলোৱে পাহিৰ কথাত সমর্থন কৰিছিল আৰু আফতাবহঁতেও এই। শাস্তি মানি লৈছিল। শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ মাজতে আলোচনা কৰি পল-আফতাবহঁতে কৰা ভুল কামটোৰ বর্ণনা দি তথা কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখি ল’লে কাইলৈ অৰণ্য দর্শন কৰিবলৈ নিব বুলি ক'লে। সকলোৱে তেওঁলোকৰ কথাত হয়ভৰ দি আনন্দত চিঞৰি উঠিল।


৮) মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ:- মহীচন্দ্ৰ মিৰি হল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হল মহীচন্দ্ৰ মিৰি।


৯) নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উত্তৰ:- বাপীৰাম হাজৰিকা। লেডী কাৰ্জন।


১০) কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ দক্ষতা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষকশিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?
উত্তৰ:- কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষার্থীসকলে বহুতো কথা শিকিব পাৰিছিল। সকলোৱে নিজৰ কাম নিজে কৰিব লাগে তথা আনলৈ বাট চাব নালাগে, গছবন যে জীৱ-জন্তু তথা মানুহৰ বন্ধু আৰু গছ-বন নহ'লে আমি জীয়াই থাকিব নোৱাৰো সেই বিষয়েও জ্ঞান লাভ কৰিছিল। ল’ৰাই হওক বা ছোৱালীয়েই হওক প্রত্যেকে নিজৰ কামবোৰ সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰে। লগতে আত্মৰক্ষা কৰিব নোৱাৰিলে যিকোনো কামতে আগবঢ়াটো মূখৰ কাম ইত্যাদি বহু কথা তথা এই বিশেষ দক্ষতা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল।


ভাষা-বিষয়ক


১) বাক্য় ৰচনা কৰা ।
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰ:-  ককাই-ভনী- ককাই-ভনীয়েকে  সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।

টুলুং-ভুটুং- নাওঁখনে টুলুং-ভুটুংকৰিছে।

চিঞৰ-বাখৰ- ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।

মানুহ-দুনুহ, - কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।

তিতি-বুৰি- মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।


২)মূৰ্দ্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা-
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ
উত্তৰ:-



*

Post a Comment (0)
Previous Post Next Post