ইন্টাৰনেটৰ তিতা মিঠা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৯ assamese chapter 9 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

ইন্টাৰনেটৰ তিতা মিঠা
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ৯
assamese chapter 9
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna

ইন্টাৰনেটৰ তিতা মিঠা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ৯ assamese chapter 9 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna



ভাব বিষয়ক


১) চমু উত্তৰ লিখা ।
ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?  
উত্তৰ:- নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ হোৱা বাবে।


খ) ইণ্টাৰনেট কি?
উত্তৰ:- কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা। ইয়াক চমুকৈ net (নেট) বুলিও কোৱা হয়।


গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰ:- তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ।


ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল ? 
উত্তৰ:- দক্ষিণ ভাৰতলৈ ফুৰিবলৈ।  


ঙ) ভাইৰাছ কি ?
উত্তৰ:- ই এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ।


২) www বা ৱেব কি?
উত্তৰ:- পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰম্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক www অর্থাৎ সম্পূর্ণ ৰূপ world wide web বোলে। www বা ৱেবত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।


৩) কুঁৱলীয়েই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰ:- কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভৰ কথা জানিব পাৰিলে। তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।।


৪) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?
উত্তৰ:- ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। কুঁৱলীয়ে নানান নতুন অভিজ্ঞতা ইণ্টাৰনেটৰ সহায়ত লাভ কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। মনোৰঞ্জনৰ কাৰণে নীতিকথা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰি তাই মনটো প্রফুল্ল কৰি ৰাখিব পাৰিলে ।  আনহাতে ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকাৰ কাৰণে ল'ৰা-ছোৱালী, ছাত্র-ছাত্রীৰ পঢ়াশুনা, আন খেলা-ধূলা আৰু ঘৰুৱা কামৰ প্রতিও একেদৰে অনিহা আহি পৰে, তাৰ ফলত সেইবোৰে ভীষণ ক্ষতি কৰাৰ উপৰি শাৰীৰিক-মানসিক অনিষ্ট কৰে, — অনবৰতে। মূৰ আদি বিষাই থাকে— এই অতি প্রয়োজনীয় অভিজ্ঞতা কুঁৱলীয়ে আহৰণ কৰিলে। সেই কাৰণেই তাইৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তাই। শ্বৰনা বাইদেৱকৰ কাষলৈ ঢাপলি মেলিছিল।


৫) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?
উত্তৰ:- ভাইৰাছ (virus)ৰ সম্পূৰ্ণ ৰূপ হ’ল "Vital information resources under seize" ই নিজকে কম্পিউটাৰত থকা সুস্থ গ্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।


৬)'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'- কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ:- 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'- কথাষাৰৰ বক্তা শ্বাবানা বাইদেউ।
     ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব পাৰিব। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা- ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা- বাতৰি, খা- খবৰ আদি ইন্টাৰনেটৰ জৰিয়তে লব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধা মিঠা সুবিধা বোলা হয়। আনহাতে ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা- ধূলা জগতখনৰ পৰা, সাহিত্য- সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে সীমিত ভাৱে আৰু সচেতনতাৰ ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে।


৭) ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা। - 
উত্তৰ:- ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ইণ্টাৰনেট কি এই সম্পর্কে ছাত্র-ছাত্রীসকলক সাধাৰণভাৱে এটি ধাৰণা দিবলৈ যাওঁতে লেখিকা ড° প্রণয়ী দত্তই ইয়াৰ লগত সম্পর্কিত অন্যান্য ভালেবোৰ কথাৰো সম্যক জ্ঞান দিব বিচাৰিছে। | ইণ্টাৰনেট ব্যৱহাৰত কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আছে। সুবিধাবোৰ হ’ল ইয়ে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পুৰামাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশবোৰ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি। দেশবিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদ ল'ব পাৰি। যিকোনো বিষয়ৰে তথ্য লাভ কৰিব পাৰি। মনোৰঞ্জনৰ কাৰণে নীতি শিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মণপ্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে পাব পাৰি বুলি বিশেষ উদাহৰণেৰে লেখিকাই উল্লেখ কৰিছে। ইণ্টাৰনেটক এই সুবিধাসমূহক মিঠা সুবিধা। বোলা হৈছে।আনহাতে ইণ্টাৰনেটত কিছুমান মাৰাত্মক অসুবিধাও আছে। ইণ্টাৰনেট এনে আকষণায় আৰু মোহনীয় বস্তু যে ইয়ে নতুন প্রজন্মক কিতাপৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও বিচ্ছিন্ন কৰি ৰাখে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়। এইবোৰ নতুন প্রজন্ম তথা ছাত্র-ছাত্রী আৰু সমাজৰ ভয়ানক ক্ষতিসাধন কৰে। ইণ্টাৰনেটৰ এনে ক্ষতিৰো একাধিক উদাহৰণ দি লেখিকাই প্রকৃত চিত্র দাঙি ধৰিছে। ইণ্টাৰনেটৰ এনে অসুবিধা বা ক্ষতিবোৰকেই ইয়াত তিতা অসুবিধা বোলা হৈছে। ইণ্টাৰনেটৰ এই ভাল-বেয়া তথা তিতা-মিঠা সকলো দিশ গল্পটোত বর্ণিত হৈছে কাৰণে গল্পটোক ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণ সার্থক হৈছে।


৮)ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ:- ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ- ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম- কাজ, খেলা- ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ- ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ- ছাত্ৰীৰ পঢ়া- শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনোধৰণৰ অনুষ্ঠান- উৎসৱত আজিকালিৰ লৰা- ছোৱালীয়ে ভাগ লবলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে লৰা ছোৱালীৰ। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম'বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাতো পৰা দেখা গৈছে। বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে।


ভাষা- বিষয়ক


৯) বাক্য ৰচনা কৰা-
চিনাকি- অচিনাকি, অলীক- সপোন, নাকে- মুখে, পৰীক্ষা- নিৰীক্ষা।
উত্তৰ:- চিনাকি- অচিনাকিঃ  ইন্টাৰনেটৰ জৰিয়তে চিনাকি- অচিনাকি বহুতো লোকক লগ পোৱা যায়।

অলীক- সপোনঃ ভালদৰে পঢ়া- শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক- সপোনৰ লেখিয়া।

নাকে- মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে- মুখে এমুঠি গুজি যাবলগীয়া হয়।

পৰীক্ষা- নিৰীক্ষা :- ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ বিষয়ে শিকি ললে।



১০) অৰ্থ লিখা (অভিধান চাই)
ক্ষতি, বিজুতি, গুণা- গঁথা, উদাস, পঞ্জীভূত।
উত্তৰ:- ক্ষতি - নাশ, ধ্বংস, হানি, অনিষ্ট।
         বিজুতি - যন্ত্ৰ আদিত ওলোৱা বেমাৰ।
         গুণা- গঁথা - চিন্তা- চৰ্চা।
         উদাস - অনুৰাগহীন।
         পঞ্জীভূত - সঞ্জিত।

*

Post a Comment (0)
Previous Post Next Post