পাৰস্যত এভুমুখি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১২ assamese chapter 12 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

পাৰস্যত এভুমুখি
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ১২
assamese chapter 12
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


পাৰস্যত এভুমুখি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ১২ assamese chapter 12 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna



ভাৱ বিষয়ক

১) চমুকৈ উত্তৰ দিয়াঃ
ক)  লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটে কত অৱস্থিত?
উত্তৰঃ - লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ বিগটো পাৰস্য উপসাগৰত অৱস্থিত। 


খ)  বুশ্বেৰ কি?
উত্তৰ:- ‘বুশ্বেৰ’ এক বন্দৰ নগৰী।


গ)  বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?
উত্তৰ:-  বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদি আৰু ঘাছেম। 


ঘ)  বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰত্বপূর্ণ বুলিছে?
উত্তৰ:- বুশ্বেৰ বিমান বন্দটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়ে এই বন্দৰটো গুৰুত্বপূর্ণ।


ঙ)  লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰ:-  লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্ট আছে বুলি শুনিছে।


চ)  মেহদি আৰু ঘাছেম কোন?
উত্তৰ:- মেহদি আৰু ঘাছেম দুয়োজন ইৰানী যুৱক আৰু জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাড়লগাৰ।।


ছ)  মেহদি আৰু ঘাছেমে কাম কৰা
কোম্পানীটোৰ নাম কি?
উত্তৰ:- মেহদি আৰু ঘিছামে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ। 


জ)  ভেংকি ক’ত থাকে?
উত্তৰ:- ভেংকি বুশ্বেৰত থাকে।


ঝ)  ভেংকিয়ে কি কৰে?
উত্তৰ:-  ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।


ঞ)  আবুজাৰ কোন?
উত্তৰ:- আবুজাৰ এজন লিখক আৰু ভেংকিৰ ট্ৰেভেল এজেন্ট।


ট)  ‘আগা’ শব্দৰ অর্থ কি?
উত্তৰ:- ‘আগা’অসমীয়া ‘শ্ৰীযুত’ৰ সমার্থক শব্দ।


ঠ)  পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পষ্ঠপোষক কোন আছিল?
উত্তৰ:- পোনতে ইৰানৰ পাৰমাণৱিক কার্যসূচীৰ মূল পষ্ঠপোষক আছিল ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ।


ড)  ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপেস্বীকৃতি লাভ কৰে?
উত্তৰ:- ইৰাণে ১৯৭৯ চনত ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে । 


ঢ)  ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?
উত্তৰ:- ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা আছিল ইমাম আয়াতুল্লা খোমেনি।


ণ)  ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতুহল বৃদ্ধি কৰিছিল? 
 উত্তৰ:- ইৰাণৰ জাগ্ৰছ পর্বতমালাইলিখকৰ কৌতুহল বৃদ্ধি কৰিছিল। 


ত)  ইৰাণৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ ।


থ)  টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰ:- টেণত বিমান বন্দৰ দুটা —ক)  মেৰোবাদ এয়াৰপৰ্ট আৰু খ)  খোমেনি ইন্টাৰনেচনেল এয়াৰপৰ্ট। 



দ)  লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰ:- লেখক থকা টেহণৰ হোটেলখনৰ নাম ‘হোমা নজডিকে বানক স্কোৱাৰ।


ধ)  ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
উত্তৰ:- ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।


ন)  স্লামবাজাৰ কি? 
উত্তৰঃ ‘স্লামবাজাৰ একবহু ৰাষ্ট্ৰীয় কোম্পানীৰ অফিছ।


প)  ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
উত্তৰ:- ইৰাণীসকলে নৱবৰ্ষক ন ৰোজ’ নতুন দিন) বুলি কয়।


ফ)  বেহেস্ট-ইজাহৰা কি? 
উত্তৰ:- বেহেস্ট-ই জাহৰাইৰাণৰ মুখ্য সমাধি স্থান ।


ভ)  শ্বিৰীন ইবাডি কোন?
উত্তৰ:- শ্বিৰীন এজনী ইৰাণীনাৰীবাদী সংগ্রামী নেত্রী। তাই নবেল বঁটা লাভ কৰিছিল।


ব)  চেনী কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ:- জামছেদ নামৰ এজন ইৰানী সম্রাটে চেনী আৱিষ্কাৰ কৰিছিল। 


ম)  লেখক ইনলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰ:- লেখক ইৰানলৈ তেল অন্বেষণৰ দায়িত্বত গৈছিল। 


য) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰনাম কি?
উত্তৰ:- ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম ‘খোমেনি ইন্টাৰনেশ্বনেল বিমান বন্দৰ।


ৰ) ‘কে’ৰ অর্থ কি? 
উত্তৰ:- ‘কে’ শব্দৰ অৰ্থ হ'ল চেনি। 


২) তেলৰ বাবে চলোৱা খনন কার্যত
মাডলিং আহিলাসমূহৰ ভূমিকা কি?
উত্তৰ:- তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং আহিলাসমূহৰ ভূমিকা গুরুত্বপূর্ণ। এই আহিলাসমূৰ দ্বাৰা সংগ্রহকৰা তথ্যই তৈল ক্ষেত্র আৱিষ্কাৰ কৰাত সহায় কৰে। আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ
খনন কার্য চলোৱা হয়। মাডলিং ইউনিটৰ পৰা প্ৰেৰণ কৰা তথ্যইখননত হ'ব পৰা বিপদ সম্পর্কে ভৱিষ্যত বাণী কৰিব পাৰে। এক কথাত মাডলিং আহিলাসমূহৰ দ্বাৰা পোৱা তথ্য অধ্যয়ন কৰি সৰু গৱেষণাগাৰত বহিয়েই তৈল ক্ষেত্ৰৰ বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি।।


৩) বুশ্বেৰ চহৰৰ এটি বিৱৰণ দিয়া। 
উত্তৰ:- বুশ্বেৰ সুপৰিকল্পিতভাৱে নির্মিত এখন সৰু চহৰ। চহৰখনত চাৰিলেনৰ ব্যৱস্থা আছে। চহৰখন অতি চাফ-চিকুন চহৰখনৰ প্ৰতিটো ঘৰ দেৱালেৰে আগুৰা। আবাসিক অঞ্চলৰ ঘৰবোৰ দুই-তিনি মহলীয়া। বুশ্বেৰ চহৰত শুক্রবাৰ দিনা বন্ধৰ দিন। দোকান -পোহাৰৰ বেছিভাগ বন্ধ থাকে। বুশ্বেৰ চহৰৰ পদপথত কিছুমান সেউজীয়া ৰঙৰ চৰকাৰী পৃষ্ঠপােষকতাত স্থাপন কৰা দান পাত্ৰৰ বাকচ দেখা যায়। ইয়াৰ চহৰৰ দোকান-পোহাৰৰ চাইনবোর্ডবোৰ ফাচী ভাষাত লিখিত।


৪) ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- ইৰাণৰ ইতিহাস অতিপ্রাচীন। ইয়াৰ প্রাচীন সভ্যতাৰ স্বাক্ষৰ ইয়াৰ প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কৃতিস্তম্ভতসজীৱ কৰি ৰাখিছে। প্রায় চাৰি হাজাৰ বছৰ পূর্বে আর্য গোষ্ঠীৰ লোকসকলে ইয়াত বসবাসকৰিছিল। খ্রীষ্টপূর্ব ছয় শতিকাত বিখ্যাতৰজা ছাইছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰিইৰানীসকলক একেগোট। কৰিছিল। তেওঁৰ পিছত ৰজা দৰিয়াছেসাম্রাজ্য প্রসাৰৰ ইচ্ছা।কৰিছিল। পিছত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাছৰ। পাছেপলিছসাম্রাজ্যৰ পতন ঘটিছিল।খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈ চলা গ্রীক শাসনৰ পাছত।পার্থিয়ানসকলে ইৰাণৰশাসনভাৰ লৈছিল। পার্থিয়ানসকলে ৩৫০ বছৰ ইৰাণ শাসন কৰিছিল।পার্থিয়ানসকলৰ পিছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰে। ইয়াৰ পিছত আৰবসকলৰ আগমন ঘটে। আৰবসকলে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। তেওঁলোকৰ দিনত ইছলাম ধর্ম ইৰাণৰ মুখ্য ধর্ম হিচাপে। স্বীকৃতি পাইছিল। আৰবসকলৰশাসনকালত কেইশতিকা। ধৰি চলা বিদেশী আক্ৰমণৰ ফলত ইৰাণ বিধ্বস্ত হৈছিল। | বাণৰশাসকসকলৰ ভিতৰত নাদিৰ ছাহঅন্যতম সম্রাট আছিল। তেওঁৰ বংশৰ শাসকসকলে প্রথম বিশ্ব যুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্রথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিয়ে ইৰাকৰ শাসনভাৰ হাতত লয়।তেতিয়াৰ পৰা ইৰাণত আধুনিকতাৰ প্রচেষ্টা আৰম্ভ হয়। । ১৯৭৯ চনত ইমাম খোমেনিৰ নেতৃত্বত ইৰাণত ইছলামিক গণতন্ত্র প্রতিষ্ঠা হয়। বর্তমান ইৰাণ শক্তিশালী গণতান্ত্রিক ৰাষ্ট্র। 


৫) ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
উত্তৰ:- ইৰাণৰ ভূতত্বৰ বিষয়ে ক’বলৈ গলে পোনতেই জাগ্ৰছ পর্বতমালাৰ কথা মনলৈ আহে। এইপর্বতমালা হৈছে। ইৰাণ চহৰৰ মুখ্য আকর্ষণ। আৰব প্লেট আৰু ইউৰেছীয়া প্লেটৰ মাজত সংঘাত হৈসাগৰৰ বুকুৰ পৰা এইপর্বতমালাৰ সৃষ্টি হৈছিল। জাগ্ৰছ আৰু হিমালয় পর্বতমালাৰ জন্ম কাহিনী একেই। জাগ্রছ পর্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈকে বিস্তৃত হৈ আছে। ইয়াৰ সৰ্ব্বেচ্চ শৃংগৰ। উচ্চতা প্রায় ৪,৫০০ মিটাৰ।জাগ্ৰছপৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু প্রাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। বিশ্বৰ বহুতো দেশ ইৰাণৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে।


৬) জাগ্ৰছ পর্বতমালাৰ বিষয়ে তেমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ:- ইৰাণৰ ভূতত্বৰ বিষয়ে ক’বলৈ গলে পোনতেই জাগ্ৰছ পর্বতমালাৰ কথা মনলৈ আহে। এইপর্বতমালা হৈছে। ইৰাণ চহৰৰ মুখ্য আকর্ষণ। আৰব প্লেট আৰু ইউৰেছীয়া প্লেটৰ মাজত সংঘাত হৈসাগৰৰ বুকুৰ পৰা এইপর্বতমালাৰ সৃষ্টি হৈছিল। জাগ্ৰছ আৰু হিমালয় পর্বতমালাৰ জন্ম কাহিনী একেই। জাগ্রছ পর্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈকে বিস্তৃত হৈ আছে। ইয়াৰ সৰ্ব্বেচ্চ শৃংগৰ। উচ্চতা প্রায় ৪,৫০০ মিটাৰ।জাগ্ৰছপৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু প্রাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। বিশ্বৰ বহুতো দেশ ইৰাণৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে।

৭) ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰ:- ইৰাণৰ কেইখনমান ঠাইৰ নাম হ'ল —চিৰাজ, কাৰমান, আৰডাবিল, হামাদান, টাবৰিজ,নাটাঞ্জা, ইছফাহান, আহবাজ আদি।


৮) টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
উত্তৰ : টেহৰাণৰ বিমান বন্দৰ দুটা– মেহেৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট। মেহেৰাবাদ বিমান বন্দৰটো চহৰত আৰুখোমনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত।


৯) টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উত্তৰ:- টেহৰাণৰ প্রাকৃতিকঅৱস্থা অতি মনোৰম চহৰৰ কাষতে ওখ পাহাৰ। ওখ ওখ পাহৰে আগুৰি থকাৰ বাবে চহৰখন দেখিবলৈঅতি সুন্দৰ। গ্রীষ্ম কালৰ দুটা মাহ ইয়াত বৰ গৰম অনুভৱ হয়। বছৰৰ বাকী সময় বৰ আৰামদায়ক। শীতকালত টেহৰাণত বৰফ পৰে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহণ মহানগৰীৰ পানীৰ প্রধান উৎস। টেহণ নগৰৰ সৌন্দৰ্যৰ বাবে ইয়াক পেৰিচৰ লগত তুলনা কৰা হয়।।


১০) স্লামবার্জাৰ কোম্পানীৰ কার্যালয় ক’ত ক’ত আছে?
উত্তৰ:- স্লমবার্জাৰ কোম্পানীৰ
কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলীয়াজনৰ পৰা ডুবাইলৈ, টেহৰাণৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰতে আছে।


১১) ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।
উত্তৰ:- ইৰাণীসকলে বসন্ত ঋতুৰ আৰম্ভণিতে নৱবর্ষ | উত্যাপন কৰে। ইৰাণীসকলৰনৱবৰ্ষক ‘ন বোজ’ বুলি কোৱা ত হয়। নৱবর্ষ উপলক্ষে ইৰাণীসকলে নতুন কাপোৰ পিন্ধি পিঠাপনা খায় আৰু পৰিবেশ চাফ-চিকুনকৈ ৰাখে।শত্রুতাভাৱ পাহৰি বন্ধুত্ব গঢ়ে। সিহঁতে বিভিন্ন খাদ্য বস্তু প্রস্তুত কৰে। টেবিল বা কাপেৰ্টৰ ওপৰত সাতবিধ খাদ্য বস্তু সজাই লৈ প্ৰতিটো খাদ্যৰ কাষত পবিত্র কোৰান আৰু হাফেজৰ কবিতা পুথি ৰাখে। ইয়াৰ লগতে সিহঁতে খাদ্য সম্ভাৰত মুদ্রা, কণী, গাখীৰ, গোলাপজল, ভেটফুল আদিৰাখে। নৈবেদ্যৰ কাষত এখন আইৰখা হয়। আইৰ দুয়োকাষেপৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে মমবাতি জ্বলোৱা হয়।এইদৰে ইৰাণীসকলে নৱবৰ্ষ অতি জাকজমকতাৰে পালন কৰে।


১২) বেহেষ্ট-ই- জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পর্ক বিষয়ে লিখা।
উত্তৰ:- বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ মুখ্য সমাধিস্থল। ইকেইবা কিলোমিটাৰ দীঘল। এই সমাধিস্থল খোৱা-বোৱাৰ। দোকানৰ পৰা আৰম্ভ কৰি খেল পথাৰলৈকে আছে। 


১৩) শ্বিৰীণইবাড়ি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ:- শ্বিৰীণ ইবাডি ইনৰএজনীনাৰীবাদী সংগ্রামী। তেওঁ কঠোৰ পন্থীৰ বিৰুদ্ধে গোটেই জীৱন সংগ্ৰাম কৰিছিল।
তাইক চৰকাৰী কামৰ পৰা বঞ্চিত কৰা হৈছিল আৰুমহিলাই মুৰ ঢাকি লোৱা কাপোৰ ‘হিজাব’ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল।এনে কঠিন পৰিবেশত তেওঁ মানৱ অধিকাৰ ৰক্ষাৰ বাবে এটা অত্যুৎসাহী পদক্ষেপ লৈছিল ।
তেওঁ মহিলাক ধর্ষণ কৰা, শাসন বিৰোধী যুৱকক শাস্তি দিয়া, পতীয়ে পত্নীক বেয়া ব্যৱহাৰ কৰা আদি উৎপীড়িত লোকৰ বাবেযুঁজিছিল। মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ স্বীকৃতি হিচাপে তেওঁকনবেল বঁটা দিয়া হয়।


ভাষা বিষয়ক

১) তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা-
কেঁচী, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
উত্তৰ:- কেঁচী, দোৱাত, চিয়াঁহী আৰু চিচা ফার্চী ভাষাৰ শব্দ। আনহাতে কেন্দি হ’ল এটা ইংৰাজী শব্দ যিটোৰ উৎপত্তি ফাৰ্চী শব্দ ‘কেন্দ’ৰ পৰা হৈছে।

২) তলত দিয়া শব্দকেইটাৰ অর্থ লিখা-
খেলে মামনুন, মেৰচি, ছালাম।
উত্তৰ:- খেলে মামনুন – ধন্যবাদ
             মেৰছি – ধন্যবাদ
             ছালাম – অভিবাদন জনােৱা,   
                              বিদায়, নমস্কাৰ।

৩) তলত দিয়া শব্দকেইটাৰ প্রতীকি অর্থ কি ?
চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
উত্তৰ:- চবজে (ঘেঁহু বা দাইল): পুনৰ জন্মৰ প্রতীক

ছামানু (ঘেঁহুৰ কঠীয়াৰ পায়স) : নতুন জীৱনৰ প্রতীক

ছিব (আপেল): স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ প্রতীক

জেনেজেভ (বনৰীয়া শুকান জলফাই): প্রেমৰ প্রতীক

ছিৰ (নহৰু): ঔষধ

ছমাক (এবিধ বগৰী): সূর্যোদয়ৰ বৰণ বুজায়।

ছেকেহ (ভিনেগাৰ): বয়স আৰু ধৈৰ্য্যৰ প্রতীক

*

Post a Comment (0)
Previous Post Next Post