কানাইৰ চাতুৰী দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৩ assamese chapter 13 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

কানাইৰ চাতুৰী
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ১৩
assamese chapter 13
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


কানাইৰ চাতুৰী দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ১৩ assamese chapter 13 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna



ভাৱ বিষয়ক


১) অতি চমু উত্তৰ দিয়া
ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰ:- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুগণে আহি যশোদাক কৈছিল ।


খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আরু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ?
উত্তৰ:- কৃষ্ণই চাৰি পাঞ্চ দিন টোপনিৰ পৰা নুঠাকৈ আরু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ।


গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰ:- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহনী ৰূপ ধাৰণ কৰিছিল ৷


ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰ:- কপিল মুনিৰ মাতৃ দেৱহূতি আছিল ।


ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰ:- বামন ৰুপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।


২) তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ ।
-এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা ।
উত্তৰ:- এইষাৰ বালকরূপী শ্রী কৃষ্ণৰ উক্তি । মাতৃ যশোদাক দেখি শ্রী কৃষ্ণৰ ভয়ত জীউ উৰি যায় বুলি কৈছে । কাৰণ, যশোদাই শ্রী কৃষ্ণক তেওঁৰ কথা নমনা বা অবজ্ঞা কৰাৰ অপৰাধত উৰলত বান্ধি নানান শাস্তি বিহে ।
     এই পদ্যাংশৰ মাধ্যমেৰে মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ বাবে ভয়ৰ এক উদ্বে্গ প্রকাশ কৰিছে । শ্রী কৃষ্ণ অথবা নাৰায়ণ হ’ল- ত্রিজগতৰ পতি । তেওঁ জগতৰ সকলো কর্মৰাজিৰ আরু বিষয়বস্তুৰ কাৰণ । তেওঁয়ে হ’ল সৃষ্টি, স্থিতি আরু পলয়ৰ গৰাকী । তথাপি মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ ভয়ত জীৱ উৰি যায় বুলি প্রকাশ কৰি এক মানৱ শিশুৰ সাধাৰণ নিয়ম ৰাজিৰ ৰক্ষা কৰিছে ।  


৩) “মোহিনী স্বরূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম ।”
-কোনে মোহিনী রূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা ।
উত্তৰ:- ভগৱান শ্রী কৃষ্ণই মোহিনী রূপ ধাৰণ কৰিছিল । তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল ।
     এবাৰ অসুৰ আরু দেৱতাসকলে অমৰত্ব হবৰ বাবে অমৃত বিচাৰি সাগৰ মন্থন কৰিছিল । অসুৰবোৰে আশা কৰিছিল যে অমৃত প্রাণ কৰি তেওঁলোকে অমৰ হব । কিন্তু অসুৰবোৰে অমৃত প্রাণ কৰি অমৰ হ’লে ত্রিজগতৰ অত্যন্ত সূচনীয় আরু ভয়ংকৰ হব । সেয়েহে ভগৱান শ্রী কৃষ্ণই সুন্দৰী মোহিনী রূপ ধাৰণ কৰিছিল আরু কৌশলেৰে দেৱতাসকলক অমৃত প্রাণ কৰিছিল । লগতে, অমৃতৰ প্রাপ্তিৰ পৰা অসুৰবোৰক বিৰত কৰাই সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিছিল । 


৪) মাকৰ কি কি গুণৰ কথা কব’লৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তোমাৰ নিজৰ কথাৰে বুজাই লিখা ।
উত্তৰ:-  শ্রী কৃষ্ণ হ’ল ত্রিজগতৰ পতি । তেওঁয়েই হ’ল সৃষ্টি, স্থিতি আরু প্রলয়ৰ গৰাকী । যশোদাই দৈবাক্রমে কৃষ্ণক পুত্র হিচাপে লাভ কৰিছে । কিন্তু শিশু রূপী কৃষ্ণই মাতৃ যশোদাৰ পৰিপেক্ষিতত নানান অসন্তুষ্টি প্রকাশ কৰিছে । তেওঁ যশোদাৰ চৰিত্র আরু কারু-কাৰ্যসমূহ সুৱৰি লজ্জিত বা লাজ লাগে বুলি প্রকাশ/ব্যক্ত কৰিছে ।
     গোৱালৰ জীয়ৰী হৈ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক নানান শাস্তি বিহে । যশোদাই শ্রী কৃষ্ণক গোটেই দিনটো গরু চাৰিব দিয়ে কিন্তু খাদ্য হিচাপে কৰকৰা ভাতহে প্রদান কৰে । যশোদাই শ্রী কৃষ্ণক কলীয়া কলীয়া আরু বিগুটিয়া বুলি মাৰে আরু যশোদাৰ ঘৰত আহি শ্রী কৃষ্ণই দধিচোৰৰ নামো প্রাপ্তি হৈছে । যশোদাক সৰ্ব জগতে ল’ৰা-ছোৱালী নথকাৰ নিমিত্তে কাঠবাঁজী বুলি মাতে কিন্তু শ্রী কৃষ্ণ আহি সেই দুখ কৰি এই অপবাদ নাশ কৰিলে । কিন্তু সেই যশোদাই কৃষ্ণক মাটি খোৱা দায়হে দিয়ে । 
       যশোদাৰ হৈ শ্রী কৃষ্ণই দিনৰ দিনটো গরু চাৰে কিন্তু যিসমূহ সুযোগ-সুবিধা প্রদান কৰিব লাগিছিল সেইবোৰ অৰ্পণ কৰা নাই । ছয়ৰতি সোণাৰ/সোণৰ বাহী গড়াই নিদি বাঁহৰ বাহী দিছে যিটো বজাই কৃষ্ণৰ ওঠ ফাটি তেজ বৈ যায় । গরুচাৰিব যাওঁতে একমুঠিমান অন্ন বা ভাত দি পঠায় যি এবাৰ বা এগহা খালে আরু এবাৰলৈ বা এগহালৈ নাটে আরু আধা পেটে ৰব লগা হয় । গরু চৰাৰ নিমিত্তে দুই মূৰ মোনাৰ দৰে সীমা এৰীয়া গামোছা ‘নটুৱা টনা” হে দিছে যি পিন্ধি কৃষ্ণ লজ্জিত হয় । যশোদাই ইমান নিষ্ঠুৰ যে শ্রী কৃষ্ণক অকণমান তেলো নিদিয়ে যাৰ বাবে তেওঁৰ চুলি গরু ধূলি পৰি কুটকুৰা আরু কুকুহা পৰি গৈছে লগতে জটা বান্ধিছে ।
     এই সকলোবোৰ যশোদাৰ গুণ কওঁতে শ্রী কৃষ্ণৰ লাজ লাগে আরু ক্রন্দন/কান্দোন আহে । লগতে, এই গুণসমূহ কবলৈও কৃষ্ণ লজ্জিতোওঁ হয় ।   


৫) চমু টোকা লিখা
ক) বামন:-   শ্রী কৃষ্ণৰ দশম অৱতাৰৰ পঞ্চমটি অৱতাৰ হ’ল বামন অৱতাৰ । প্রভু জগন্নাথে বাওনা মানুহৰ রূপত “বামন অৱতাৰ” ধাৰণ কৰিছিল । দৈত্যৰাজ বলি অত্যন্ত অহংকাৰী প্রকৃতিৰ আছিল । তেওঁক যি বিচৰা হয় সকলো দিবলৈ মান্তি হৈছিল । ইয়াৰ বাবে তেওঁ তীব্র অহংকাৰী প্রকৃতিৰ হৈ পৰিছিল । সেয়ে প্রভু বিষ্ণুৱে বামন রূপ ধাৰণ কৰি বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচাৰিছিল । ছলে-কৌশলে তেওঁ বলিৰ মূৰত ভৰি ৰাখোতেই তেওঁ পাতাল পালেগৈ । এনেকৈ বামন রূপ ধাৰণ কৰি শ্রী কৃষ্ণই বলিৰ অহংকাৰ দূৰ কৰিছিল আরু বলিক পাতাললৈ প্রেৰণ কৰিছিল ।


খ) দেবহুতি:- দেৱহুতি স্বয়ংম্ভুৱ মুনিৰ কন্যা আছিল । এওঁ মুনিরূপী ভগৱান কপিল মুনিৰ মাতৃ আছিল । নিজৰ সু-কৰ্ম আরু ধ্যান-ধাৰণাৰ বলত কপিল মুনিক নিজ পুত্র হিচাপে লাভ কৰিছিল । দেৱহুতিয়ে কপিল মুনিৰ পৰা সাংখ্য দৰ্শন সম্বন্ধে জ্ঞান লাভ কৰিছিল । মাতৃ দেৱহুতিক কপিল মুনিদেৱে শাস্ত্রৰ তত্ত্ব বিচাৰৰ জ্ঞান প্রদান কৰিছিল ।


গ) কপিল:- কপিল এজন প্রসিদ্ধ মুনি আছিল । তেওঁ সাংখ্য দৰ্শনৰ প্রবৰ্তক আছিল । তেখেত কদৰ্ম মুনি আরু স্বায়ম্ভুব মুনিৰৰ কন্যা দেৱহুতিৰ পুত্র আছিল । এবাৰ তেওঁৰ শাপত সৰগ ৰজাৰ ষাঠি হেজাৰ পুত্র ভস্মীভূত হয় । তেওঁক বিষ্ণুৰ এক অৱতাৰ হিচাপে ধৰা হয় ।


ঘ) শ্রী ধৰ কন্দলী:- শ্রী ধৰ কন্দলী শংকৰদেৱৰ পৰৱৰ্তী পৰ্যায়ৰ বৈষ্ণৱ কবি আছিল । তেওঁ কাব্যৰাজিত বৈষ্ণৱ ধৰ্মৰ প্রারুভাৱ প্রকাশ পাইছিল । তেখেতৰ দুখনি বিখ্যাত কাব্যগ্রন্থ আছিল ‘কাণখোৱা’ আরু ‘ঘুনুচা কীৰ্ত্তন’ । নিচুকণি গীতৰ সমাহাৰেৰে অসমীয়া সাহিত্য সংস্কৃতিলৈ তেওঁ কাণখোৱা পুথিখন অৰ্পণ কৰিছিল । তেখেতৰ সাহিত্যৰাজিত বিষ্ণুৰ অৱতাৰ লীলা মাহাত্ম্য সহজ-সৰল আরু প্রাঞ্জল ভাষাত পোৱা যায় । কাণখোৱা পুথিখনত তেখেতে শ্রী কৃষ্ণৰ ঈশ্বৰত্ব আরু মানৱ-শিশুত্ব ভাৱ সুন্দৰভাৱে প্রকাশ কৰিছে ।


ঙ) দৈৱকী:- দৈৱকী শ্রী কৃষ্ণৰ মাতৃ আরু বসুদেৱৰ পত্নী আছিল । লগতে কংসৰ ভগ্নী বা ভনী আছিল । তেওঁৰ ছয় পুত্র কীর্ত্তিমত (Kírttimat), সুশেনা (Sushena), উদয়ন (Udayin), ভদ্ৰসেন(Bhadrasena), ৰিজুদাস (Rijudasa), আরু ভদ্ৰদেহ(Bhadradeha)ক তেওঁৰ ককাইক কংসয়ে মাৰি পেলাইছিল ।  অষ্টম পুত্র হাতত মৃত্যুৰ বাতৰি পাই কংসই বসুদেৱ আরু দৈৱকীক কাৰাগাৰত বন্দী কৰি থৈছিল । কিন্তু দৈৱাক্রমে দৈৱকীৰ সপ্তম পুত্র বলৰাম আরু অষ্টম পুত্র প্রভু শ্রী কৃষ্ণক কংসই বধ কৰিব নোৱাৰিছিল । তেওঁলোক দুয়ু মিলি দৈৱকীৰ ভাতৃ আরু তেওঁলোকৰ মোমায়েক কংসক বধ কৰিছিল ।


৭) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ।
উত্তৰ:- শ্রী ধৰ কন্দলীদেৱে ‘কাণাইৰ চাতুৰী’ত কৃষ্ণৰ বিভিন্ন সময়ৰ অৱতাৰ আরু কাৰ্য সাধনাৰ বিষয়ে উল্লেখ কৰিছে । কৃষ্ণই নিজৰ রূপ ধাৰণ কৰি অনন্ত ব্রহ্মাণ্ড স্রজিছিল আরু লীলা কৰিছিল । নাৰয়ণ রূপত তেওঁ অনন্ত শয্যাত জলত শয়ন কৰিছিল আরু নাভিৰ পৰা ব্রহ্মাক উপজাই তিনি ভুৱনৰ সৃষ্টি কৰিছিল । অসুৰৰ ভয়ত যেতিয়া দেৱগণে কৃষ্ণক চিন্তা কৰিছি্ল তেতিয়া চতুৰ্ভুজ ধাৰণ কৰি তেওঁলোক দৰ্শন কৰিছিল আরু কৃষ্ণৰ সেই রূপ দেখি ত্রিদশ বা ত্রিজগত(স্বৰ্গ, মত্য আরু পাতাল) অবাক মানিছিল । মোহিনী রূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত পাণ কৰিছিল আরু অসুৰক  অমৃত প্রাপ্তিৰ পৰ বিৰত কৰিছিল । তেওঁ কপিল মুনি স্বরূপে বা রূপ ধাৰণ কৰি মাতৃ দেৱহুতিক শাস্ত্র-তত্ত্বৰ জ্ঞান প্রদান কৰিছিল । বামন স্বরূপে তিনিপদ ভূমি বিচৰৰ চলেৰে কৃষ্ণই বলিৰ অহংকাৰ দূৰ কৰিছিল আরু পাতাললৈ পঠিয়াইছিল লগতে বিশ্বরূপ দৰ্শন কৰই গঙ্গাক নমাই আনিছিল ।
     এনেদৰে কৃষ্ণৰ বিভিন্ন অৱতাৰ আরু তেওঁ সাধন কৰ কাৰ্যসমূহ শ্রী ধৰ কন্দলীদেৱে ‘কাণাইৰ চাতুৰী’ৰ জৰিয়তে সুন্দৰভাৱে বৰ্ণিত কৰিছে ।


৮) কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰ তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰ:- কবিতাটোত ‘কাঠবাঁজী’ বুলি যশোদাক কৈছে । ইয়াৰ অর্থ হ’ল- সন্তান নাইকীয়া তিৰোতা । এই অপবাদৰ পৰ তেওঁক শ্রী কৃষ্ণই ৰক্ষা কৰিলে ।


৯) তাৎপৰ্য ব্যাখ্যা করাঃ
ক) কাঠবাঁজী বুলি       জগতে হাসয়
          দেখিলো সুমৰো হৰি ।
মই আসি তোৰ          ঘৰে পুত্র ভৈলো
          সিটো দুখ দূৰ কৰি ।।
উত্তৰ:-  উৰ্দ্ধিত কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ শ্রী ধৰ কন্দলীদেৱৰ ‘কাণাইৰ চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
     এই কবিতাফাকিৰ মাধ্যমেৰে শ্রী কৃষ্ণই অভিমানেৰে যশোদাৰ ‘কাঠবাঁজী’ বোলা অপবাদৰ দূৰীকৰণৰ সন্দৰ্ভত ব্যক্ত কৰিছে ।
     যশোদা কাঠবাঁজী আছিল । সেয়েহে সকলো তেওঁক সন্তান নোহোৱাৰ বাবে হীন বুলি জ্ঞান কৰিছিল । কিন্তু শ্রী কৃষ্ণক পুত্র হিচাপে পোৱাৰ পাছৰেই পৰ এই অপবাদ দূৰ হৈছিল । সেয়ে উল্লেখিত কবিতাফাকিত শ্রী কৃষ্ণই ব্যক্ত কৰিছে যে সৰ্ব জগতে যশোদাক কাঠবাঁজী বুলি হাঁহিছিল । কিন্তু এই দুখ হৰি অর্থাৎ শ্রী কৃষ্ণই মুছন কৰিছিল । তেওঁ আহি যশোদাৰ ঘৰত পুত্র হিচাপে লালিত-পালিত হৈ যশোদাৰ সেই দীৰ্ঘদিনীয়া দুখ দূৰ কৰিছিল ।


খ) মোহিনী স্বরূপে      অমৃত পিয়ালো
          সাধিলো দেৱৰ কাম ।
     তোমাৰ ঘৰে আসি   বৰ যশ পাইলো
          লৈলো দধিচোৰ নাম ।।
উত্তৰ:- উৰ্দ্ধিত কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা(নতুন)’ ৰ শ্রী ধৰ কন্দলীদেৱৰ ‘কাণাইৰ চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
     এই কবিতাফাকিৰ মাধ্যমেৰে শ্রী কৃষ্ণই অভিমানেৰে যশোদাক তেওঁৰ মোহিনী রূপ ধাৰণৰ কাৰ্য সাধন আরু যশোদাৰ ঘৰত পোৱা দধিচোৰ দুৰ্নামৰ কথা সুৱৰি ব্যক্ত কৰিছে ।
     বক্তা শ্রী কৃষ্ণই এই কবিতাফাকিত তেওঁৰ মোহিনী রূপৰ কথা বৰ্ণনা কৰিছে । এবাৰ অসুৰ আরু দেৱতাসকলে অমৰত্ব হবৰ বাবে অমৃত বিচাৰি সাগৰ মন্থন কৰিছিল । ভগৱান শ্রী কৃষ্ণই সুন্দৰী মোহিনী রূপ ধাৰণ কৰিছিল আরু কৌশলেৰে দেৱতাসকলক অমৃত প্রাণ কৰিছিল । লগতে, অমৃতৰ প্রাপ্তিৰ পৰা অসুৰবোৰক বিৰত কৰাই সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিছিল । দৈৱাক্রমে নানারূপী এই ত্রিগজতৰ পতি যশোদাৰ ঘৰত পুত্র হিচাপে পালিত হৈছে । কিন্তু বৰ যশ বা সুনাম পোৱাৰ বিপৰীতে সাধাৰণ গাখীৰ খোৱাৰ বাবে ‘দধিচোৰ’ নামহে কৃষ্ণই লাভ কৰিছে । সেয়ে এই কথা কবিতাফাকিত ক্ষোভেৰে যশোদাক শ্রী কৃষ্ণই প্রকাশ কৰিছে ।


গ) মই নাৰয়ণ        জগত কাৰণ
          তুমি গোৱালৰ জীউ ।   
তথাপি তোহাক          দেখন্তে ডৰত
          উৰি যায় মোৰ জীউ ।।
উত্তৰ:- উৰ্দ্ধিত কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা(নতুন)’ ৰ শ্রী ধৰ কন্দলীদেৱৰ ‘কাণাইৰ চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
এইষাৰ বালকরূপী শ্রী কৃষ্ণৰ উক্তি । মাতৃ যশোদাক দেখি শ্রী কৃষ্ণৰ ভয়ত জীউ উৰি যায় বুলি কৈছে । কাৰণ, যশোদাই শ্রী কৃষ্ণক তেওঁৰ কথা নমনা বা অবজ্ঞা কৰাৰ অপৰাধত উৰলত বান্ধি নানান শাস্তি বিহে ।
     এই পদ্যাংশৰ মাধ্যমেৰে মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ বাবে ভয়ৰ এক উদ্বে্গ প্রকাশ কৰিছে । শ্রী কৃষ্ণ অথবা নাৰায়ণ হ’ল- ত্রিজগতৰ পতি । তেওঁ জগতৰ সকলো কর্মৰাজিৰ আরু বিষয়বস্তুৰ কাৰণ । তেওঁয়ে হ’ল সৃষ্টি, স্থিতি আরু পলয়ৰ গৰাকী । তথাপি মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ ভয়ত জীৱ উৰি যায় বুলি প্রকাশ কৰি এক মানৱ শিশুৰ সাধাৰণ নিয়ম ৰাজিৰ ৰক্ষা কৰিছে ।


ভাষা বিষয়ক
১) তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ।
(ক) আসি    (খ) খেড়ি     (গ) পুহাইল
(ঘ) নুজুৰাই  (ঙ) বিগুটিয়া  (চ) কিসৰ
উত্তৰ:- ক)আসি --  আহি ।
            খ) খেড়ি -- খেলা ।
            গ) পুহাইল -- পুৱালে ।
            ঘ) নুজুৰাই – - জুৰ নপৰে ।
            ঙ) বিগুটিয়া – ঠাট্টা কৰা ।
             চ) কিসৰ -- কিহৰ 


২) তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰিতন কৰা ।
(ক) সুন্দৰী     (খ) মাতৃ     (গ) মামা
উত্তৰ:- ক) সুন্দৰী ---- সুন্দৰ
            খ) মাতৃ  ---- পিতৃ
            গ) মামা  --- মামী


৩) বিপৰীত শব্দ লিখা ।
  (ক) বিশ্বাস   (খ) দোষ      (গ) আনন্দ
  (ঘ) অপমান     (ঙ) অমৃত     
উত্তৰ:- ক)বিশ্বাস --- অবিশ্বাস
            খ) দোষ  --- গুণ
            গ) আনন্দ --- নিৰানন্দ     
            ঘ) অপমান --- সন্মান / মান
            ঙ) অমৃত  --- গৰল / বিষ      


*

Post a Comment (0)
Previous Post Next Post