ধৰ ঝাড়ু ধৰ ভাই
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৪
assamese chapter 14
class 10 assamese science question answer assamese medium
seba hslc class 10 AssamQna
ভাৱ বিষয়ক
১) অতি চমু উত্তৰ লিখা
ক ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?
উত্তৰ:- অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী ’ আখ্যা দিয়া হৈছিল ।
খ ) ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কিহেৰে পােত খাই আছে বুলি কবিয়ে কৈছে ?
উত্তৰ:- ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কত যুগৰ ভূহৰ পৰি ’ পােত খাই আছে বুলি কবিয়ে কৈছে ।
গ ) আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?
উত্তৰ:- আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।
ঘ ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?
উত্তৰ:- কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে ।
২) ‘হ’ল এৱে তােৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই ।’
—ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ?
উত্তৰ:- বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে – ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল । ভাৰতবাসীৰ মাজত ‘ হিংসা – দ্বেষৰ , ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ’ পােত খালে , মুখত ‘কাজল – ছাই ’ পৰিল ।
এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে । নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব ।
৩) 'নহ’লে যে বিশ্বসভাত
নহ’ব তােৰ বহাৰ ঠাই । ”
–বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে ?
উত্তৰ:- কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব , হিংসা – দ্বেষৰ ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে ।
৪) ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰ:- দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল । তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি , সাৰি – পুছি আমাৰ অন্তৰখন , আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে ।
তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব , বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব । সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে ।
৫) ব্যাখ্যা কৰা ।
ক ) ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ ,
ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ
কত যে কি মলি – মামৰ
ভৰি জাতিৰ জীৱন য়ায় ।
উত্তৰ:- উদ্ধৃত কবিতাফাকি ‘ অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত ।
দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে ।
বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থপৰতা , ভেম – অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে ।
খ ) ‘ধৰ ঝাড়ু ধৰ ভাই !
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই ।”
উত্তৰ:- উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত ।
পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ , ভেদা – ভেদ আদিৰ মলি – মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে ।
কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঋণিৰ, স্বার্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে । দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই ; মুখত ‘ কাজল – ছাই ’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে ।
এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে ।
ভাষা বিষয়ৰ
১) তলত দিয়া যুৰীয়া শব্দৰবাৰেৰে একোটিকৈ বাক্য ৰচনা কৰা ৷
( ক ) হীনে – ঘিণে ( খ ) ধাৰে – ঋণে
( গ ) ঘৃণা – ঘৃণি , ( ঘ ) জাহি – জাবৰ
( ঙ ) সাৰি – পুছি , ( চ ) মলি মামৰ
উত্তৰ:- ক ) হীনে – ঘিণে :- সমাজত হীনে – ঘিণে জীয়াই থকাটো নিষ্ফল জীৱন ।
খ ) ধাৰে – ঋণে :- গােটেই জীৱনটো ধাৰে – ঋণে চলিব নালাগে ।
গ ) ঘৃণা – ঘৃণি :- মানুহৰ মাজত থকা ঘূণা – ঘৃণিয়ে অশান্তি সৃষ্টি কৰে ।
ঘ ) জাহি-জাবৰ :- জাহি – জাবৰবােৰ সাৰি – পুছি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পােবা যায় ।
ঙ ) সাৰি – পুছি :- লেতেৰাবােৰ সাৰি – পুছি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে ।
চ ) মলি – মামৰ :- হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , স্বার্থ – ভেম আদি সমাজৰ মলি , মামৰ স্বৰূপ ।
২) তলৰ শব্দবােৰত মূর্ধন্য ‘ণ’ হােৱাৰ কাৰণ দর্শোৱা ।
( ক ) সােণ , ( খ ) ঘৃণা , ( গ ) ঋণ ।
উত্তৰ:- ক ) সােণ – সােণ শব্দত স্বাভাৱিকতে মূর্ধন্য ‘ ণ ’ হয় ।
খ ) ঘৃণা — ঋ ( < ) ৰ পাছত বহা ‘ন’ মূর্ধন্য ‘ণ’ হয় ।
গ ) ঋণ – ঋ ( < ) ৰ পাছত বহা ‘ন’ মূর্ধন্য ‘ণ’ হয় ।
৩) বিপৰীত শব্দ লিখা :
( ক ) ঘৃণা , ( খ ) স্বার্থ ,
( গ ) জীৱন , ( ঘ ) বীৰ
উত্তৰ:- ক ) ঘৃণা – মৰম ।
খ ) স্বার্থ – নিস্বার্থ , উদাৰ ।
গ ) জীৱন – মৰণ ।
ঘ ) বীৰ – ভীৰু ।
