বিষাদযোগ
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৫
assamese chapter 15
class 10 assamese science question answer assamese medium
seba hslc class 10 AssamQna
ভাৱ বিষয়ক
১) চমু উত্তৰ দিয়া
ক) মহাৰথী কাক বোলে?
উত্তৰ:- যিজনে অকলে দহ হেজাৰ ধনুদ্ধাৰ সতে যুদ্ধ কৰিব পাৰে তেওঁক মহাৰথী বোলে।।
খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ:- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ'ল গুৰু দ্রোণ, ভীষ্ম, কর্ণ, কৃপ, অশ্বত্থামা, বিকর্ণ আৰু ভূৰিশ্ৰৱা।। .
গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখিকিকিৰণবাদ্যৰ মহাশব্দ হৈছিল ?
উত্তৰ:- ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে শঙ্খ, ভেৰী, আনক, গোমুখ আদিনানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।
ঘ) আততায়ী কাক বোলে?
উত্তৰ:- যিয়ে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক অপকাৰ কৰে, অস্ত্ৰলৈ যুদ্ধ কৰে-এইছয় দোষত দোষীক ‘আততায়ী বোলে। কৌৰৱসকল এইচয় দোষত আততায়ী হৈছিল।
ঙ) কুলক্ষয় দোষ কি?
উত্তৰ:- যিদোষে কুলধর্ম নষ্ট কৰি কুলক অধর্মী কৰি তোলে। তেনে দোষকে ‘কুলক্ষয় দোষ’ বোলে।
২) তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ:- ‘বিষাদযোগ’ নামৰ পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ এক বিবৰণ আছে, এনেদৰে বগা ৰঙৰ চাৰিটা ঘোঁৰাই টনা ৰথত উঠি কষ্ণার্জনে দিব্যশঙ্খ বজাই যুদ্ধক্ষেত্রলৈ গৈছে।কৃষ্ণই পাঞ্চজন্য শংখ। ফুকাইছে।অৰ্জ্জুনে দেৱদত্তশংখ ফুকাইছে।ভীমে পণ্ডক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে ।সঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনিৰে ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছে।আনহাতে কাশীৰাজ, সাত্যিক,ধৃষ্টদ্যুম্নবিৰাট,
দ্রুপদ, অভিমান আদিয়ে পৃথকে পৃথকেশংখ বজাই আকাশ বতাহ মুখৰিত কৰি কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিছে।
৩) অর্জনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ:- অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ এই কাৰণেই কৈছিল যাতে সি যুদ্ধত সমবেত হোৱা যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল'ব পাৰে।
৪) অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাইকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ:- অর্জুনে যুদ্ধক্ষেত্ৰত পিতৃৰসমতুল্য যোদ্ধাসকল,
পিতামহভীষ্ম,আচার্য, মাতুল, ভাতৃপুত্র, ভাতৃ,সখি, শহুৰ, সুহৃদসকল আদি আপোনজনক দেখা পাইছিল।যুদ্ধক্ষেত্ৰত সমবেত হোৱা উক্ত আপোন লোকসকলক দেখা পাই অর্জনে শ্রীকৃষ্ণক ক'লে যে তেওঁৰ হাত-ভৰি ভাঙি যায়, মুখ শুকাই যায়, শৰীৰ কঁপি উঠে, নোম শিয়ৰি উঠে, হাতৰ পৰা গাণ্ডীব খহি পৰে।তেওঁৰ মতিভ্রম হয়, বিমঙ্গল দেখে। আকাশত শগুন উৰে, শিয়ালেও চিঞৰে।যুদ্ধত আপোনজনক মাৰি তেওঁৰনো কি লাভ হ'ব। তেওঁৰ বিষয়নালাগে, ৰাজ্য নালাগে, আৰু সুখো নালাগে।এই আত্মীয়সকলে যদিও পাণ্ডৱসকলক মাৰে, তথাপি সিহঁতে এই আপোনলোক সকলক হত্যা কৰা উচিত নহ'ব।যদিওবা অর্থশাস্ত্রমতে আততায়ীকহত্যাকৰাটো দোষনীয়নহয়। তথাপি তেওঁলোকক মাৰিলে দোষে চুব।ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল। পাণ্ডৱসকলৰ বন্ধু। বন্ধুৰ দোষ থাকিলে হত্যা কৰা উচিত নহয়।সিহঁতক হত্যা কৰিলে কুলদোষে পাব।নিজৰ জাতি, ধর্ম, আদিনষ্ট হ'ব। দুর্যোধনে যদি তেওঁক বধো কৰে তথাপি তেওঁৰ কোনো আক্ষেপনাই। এইবুলি কৈ অৰ্জ্জুনে অস্ত্র এৰি কম্পিত হৈৰথৰ ওপৰত বহি পৰিল।
৫) কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।।
উত্তৰ:- কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে কাৰণ কুলক্ষয় হ'লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হলে স্ত্রীসকল দষ্টা হ’ব।স্ত্রীসকল দুষ্টা হলে বংশ নষ্ট হ’ব।কুলদোষে জাতি, ধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম আদি সকলো নষ্ট কৰি নৰকত ভূগিব লগা কৰে।সেয়ে কুলধৰ্মক মহাপাপ বুলি কোৱা হৈছে।
৬) জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা ......।
এইদৰে কোনে কাক কৈছে? অর্জনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰ:- কৌৰৱসকলৰ পিতৃ অন্ধ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্র ৰণাঙ্গনত সমবেত হোৱা কুৰু-পাণ্ডৱৰ সমৰসজ্জাৰ বিষয়ে জানিব বিচৰাত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উক্ত কথাষাৰ কৈছিল। সঞ্জয়েক’লে যে অৰ্জ্জুনে যুদ্ধক্ষেত্ৰত অস্ত্র ধাৰণনকৰি এনেদৰে কৈছে যে তেওঁ মৌন হৈ থাকিব। দুর্যোধনে অস্ত্র ধৰি তেওঁক যদি বধো কৰে তথাপি তেওঁ আনন্দ পাব, তেওঁক পাপে নুচব।
ভাষা বিষয়ক
১) তলত দিয়া শব্দ বোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা
নিপুণ, সমীপ, বিস্তৰ, সহশ্ৰ, সদৃশ, বাদ্য, কৰ-চৰম, শ্ৰুতি, চৰ্ম, বিমঙ্গল, বান্ধব
উত্তৰ:- নিপুণ - পাকৈত
সমীপ - নিকট
বিস্তৰ- বহুত
সহস্ৰ - হাজাৰ
সদৃশ - একে
বাদ্য - বাজনা
কৰ চৰণ - ভৰিত ধৰা
চৰ্ম - ছাল
শ্ৰুতি - বেদ
বিমঙ্গল- অমংগল
বান্ধব - মিত্ৰ
২) তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা
হয়া, কহা, চক্ষু, কৰিলো, চঞো, মঞি, বুলিনা, খাস, ফুঞ্চিলা , বাইলা, ৰহিবে, ৰহো।
উত্তৰ:- হয়া- হৈ
কৰিলো - কৰিলে
কহা- কোৱা
চাঞো- চাও
মঞি- মই
বুলিনা- কলে
খাস - সহিপৰা
ফুঞ্চিলা - ফুকিলে
বাইলা-বজালে
ৰহিবে - ৰোৱা
ৰহো - ৰৈ থকা
৩) ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।
উত্তৰ:- ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতৰ সাহিত্য চৰ্চা, কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তত্সম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্য বোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষা বোৰ পোনপতীয়া আছিল। তেখেতৰ গদ্যত মন কৰিব লগীয়া বিষয়তো হৈছে চুতি চুতি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনা সমূহত মই, মোক, মোৰ আদিৰ সলনি স্হানভেদ পুৰণি অসমীয়া শব্দ মঞি, অামি, আমাক, আামাৰ, আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদিৰ শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ, আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতি আন এক বৈশিষ্ট্য আাছিল।
