প্ৰাচীন ভাৰতীয় শিক্ষা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৬ assamese chapter 16 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

প্ৰাচীন ভাৰতীয় শিক্ষা
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ১৬
assamese chapter 16
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


প্ৰাচীন ভাৰতীয় শিক্ষা দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ১৬ assamese chapter 16 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna



ভাৱ বিষয়ক


১) চমু উত্তৰ দিয়া


ক ) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা । 
উত্তৰ:- তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্ৰখ্যাত ছাত্ৰৰ নাম অংগুলিমাল ,জীৱক, পাণিনি আৰু চাণক্য ।


খ ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ? 
উত্তৰ:- তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা , পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা  ছাত্ৰ আহিছিল । তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ  চিন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল ।


গ ) নাগাৰ্জুন কোন ? ক'ত আছিল আৰু কি কৰিছিল ? 
উত্তৰ:- নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক ।
    তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা  শ্ৰী ধান্যককৈ বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল ।


Ads


ঘ ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ  কোনে , কেতিয়া ধ্বংস কৰিলে ? 
উত্তৰ:- উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা  মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধ্বংস কৰিলে । 


ঙ ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল ? নিমন্ত্ৰণ কৰা ৰজাজন কোন ? 
উত্তৰ:-  নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুযাংচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল ।
      তেওঁক  নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰবৰ্মা । 


( চ ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল ? 
উত্তৰ:- উজ্জয়িনীত যি বিশ্ববিদ্যালয়ৰ আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্ব সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল ।


Ads


২) প্ৰাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা । 
উত্তৰ:- 'প্ৰাচীন ভাৰতৰ শিক্ষা' পাঠটিৰ মূল উদেশ্য হ'ল- 
        প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা শ্ৰীধান্যকটক নালন্দা উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নানেৰে দুখন বিশ্ববিদ্যালয় আছিলে । বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয় । বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ , ব্যাকৰণ, দৰ্শনশাস্ত্ৰ ,আত্মাবিদ্যা,বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয় । আৰ্য শিক্ষাৰ ৬৪ কলা বিদ্যাৰ ভিতৰত ১১টা ভিভাগৰ শিক্ষাত্ত দিয়া হৈছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম প্ৰণেতা পানিনি , ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ চণ্ডিত চাণক্য চীনা, পৰিব্ৰাজক য়ুযানচ্যাঙ আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল । বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি নাগাৰ্জুন, শীলভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষা দান কৰিছিল । আজি কালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল । বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে  আছিল । উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত । প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল । যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিলে । 
             সেই সময়ৰ শিক্ষাৰ উদেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা।
            প্ৰাচীন ভাৰতৰ শিক্ষাৰ দিনত যথেষ্ট আগ বঢ়া আছিল । ভাৰতৰ আন এখন তাহানি বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ । দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত ১০ গৰাকী অধ্যাপক আছিল । এই বিশ্ববিদ্যালয় আছিল চাৰিখন ছাত্ৰৱাস মাক 'সত্ৰ' নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খোৱা আছিল বিনামূলীয়া । জ্যোতিশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত ।*
      প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগ বাঢ়ক পাঠটোৰ জৰিয়তে এনে আস্থান শুনা গৈছেল ।


৩) প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া ।
উত্তৰ:- প্ৰাচীন ভাৰতৰ ছয়খন উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল । সেইকেইখন হ’ল- তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।
    ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা শিক্ষা আদি ওঠৰ বিধ শিক্ষা আৰু কেইবাখনো চতুষ্পাঠীৰ সৈতে খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে এই বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰা হৈছিল । বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’, পাণিনি, চাণক্য, চৰক, আদি ছাত্ৰসকলৰ লগতে পশ্চিম, পাৰস্য দেশ, বেকট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ বিভিন্ন শিক্ষাৰ্থীসকলে ইয়াত অধ্যয়ণ কৰিছিল । 
    অম্ৰাৱতী নগৰৰ ওচৰত শ্ৰীধান্যকটক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । হিন্দু আৰু বৌদ্ধ দুয়ুবিধ শিক্ষাৰে এই বিশ্ববিদ্যালয়খন এক শতিকালৈ বৰ্তি আছিল । এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন ।
    বেদ, চিকিৎসাশাস্ত্ৰ, অংকশাস্ত্ৰ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, আধ্যাত্ম্যবিজ্ঞান আদি শিক্ষা প্ৰদানেৰে আৰু চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙৰ লগতে আন দহ হাজাৰৰো অধিক দেশ-বিদেশৰ ছাত্ৰৰে সৈতে পণ্ডিত শীলভদ্ৰৰ অধ্যক্ষতাত নালন্দা বিশ্ববিদ্যালয়খন এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে বৰ্তি আছিল । এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ শিক্ষা প্ৰদান কৰা হৈছিল আৰু ইয়াতে ৰত্নোদধি নামৰ ন-তলীয়া এশটা কোঠালি এশটা শ্ৰেনীৰ সৈতে এক বৃহৎ পুথিভঁৰাল আছিল ।
    খ্ৰীষ্টীয় ৮ম শতাব্দীত খ্যাতি লা কৰে উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবোৰৰ আগৰে পৰা শিক্ষাদান কৰাৰ বাবে বৰ্তি আছিল । উদান্তপুৰ বিশ্ববিদ্যালয়ত এক বহুমূলীয়া পুথিভঁৰাল আছিল কিন্তু মুছলবিলাকে ১২০২ খ্ৰীষ্টাব্দত ইয়াক নষ্ট কৰিছিল ।
    খ্ৰীষ্টীয় ৮ম শতাব্দীত ধৰ্মপাল ৰজাৰ ৰাজত্বৰ কালত বিক্ৰমশীলা বা দেৱবিহাৰ নামৰ বিশ্ববিদ্যালয়খন ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপকৰ সৈতে প্ৰাচীন ভাৰতত শিক্ষাপ্ৰদান কৰা হৈছিল । চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাসৰ সৈতে ছাত্ৰসকলক বিনামূলীয়া থকা আৰু খোৱাৰ ব্যৱস্থা আছিল, কিন্তু ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয়খন নষ্ট হয় ।
    বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত আৰু বুদ্ধদেৱৰ দিনত প্ৰখ্যাত উজ্জয়িনী বিশ্ববিদ্যালত বৰ্তি আছিল যি ভাৰতৰ প্ৰায় সকলো পণ্ডিতসকলৰ মিলনক্ষেত্ৰহিচাপে পৰিলক্ষিত হৈছিল । এই বিশ্ববিদ্যালয়খনত জ্যোতিষশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল ।
    এই বিশ্ববিদ্যালয়সমূহত আৰ্যশিক্ষাৰ ৬৪ বিধ কলাবিদ্যাৰ শিক্ষাও প্ৰদান কৰা হৈছিল । এই শিক্ষাসমূহৰ বিভাগসমূহ আছিল ক্ৰমে- ১। সাহিত্য, ২। গৃহপাল বিদ্যা, ৩। ৰন্ধন বিদ্যা, ৪। সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প বিদ্যা, ৭। বিজ্ঞান, ৮। সংগীত বিদ্যা, ৯।নাট্য বিদ্যা, ১০।শিষ্টাচাৰ বিদ্যা আৰু ১১।শাৰীৰিক ব্যায়াম বিদ্যা আদি ।
এনেদৰে এই বিশ্ববিদ্যালয়সমূহে প্ৰাচীন ভাৰতত শিক্ষাৰ্থীসকলক শিক্ষাদান কৰিছিল ।


Ads


৪) আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমুহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
উত্তৰ:- আৰ্য শিক্ষাৰ কলাবিদ্যা ৬৪ টা । প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমুহত আৰ্য শিক্ষাৰ কলা-বিদ্যা দিয়া বিভাগসমূহ হ’লঃ
ক্ৰমে- ১। সাহিত্য, ২। গৃহপাল বিদ্যা, ৩। ৰন্ধন বিদ্যা, ৪। সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প বিদ্যা, ৭। বিজ্ঞান, ৮। সংগীত বিদ্যা, ৯।নাট্য বিদ্যা, ১০।শিষ্টাচাৰ বিদ্যা আৰু ১১।শাৰীৰিক ব্যায়াম বিদ্যা আদি ।


৫) আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা । 
উত্তৰ:- আজি কালি শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায় । আগৰ দিনত ছাত্র শিক্ষা লাভ কৰিবৰ বাবে নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল । কিন্তু আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই আগৰ দিনত শিক্ষাৰ গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনত শিক্ষাৰ উদেশ্য হ'ল- চাকৰি গ্ৰহণ কৰা । 
   প্ৰাচীন কালত গুৰুসকল বিষয় আছিল গভীৰ জ্ঞান । ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধপৰিকৰ আছিল । শিক্ষাৰ উদেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান । ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল । আনহাতে, আধুনিক শিক্ষা ব্যৱস্থা আছিল পাঠ্যকেন্দ্ৰিক । নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা । নৈতিক চৰিত্ৰ গঠন দিবলৈ  আছিল শিক্ষা ব্যৱস্থাত সুযোক কমেই । আগৰ শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰছ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুনেই উৎকৃষ্ট আছিল ।


৬) চমু টোকা লিখা ।

তক্ষশীলা বিশ্ববিদ্যালয় , বিক্রমশীলা বিশ্ববিদ্যালয় , নালন্দা বিশ্ববিদ্যালয় 
উত্তৰ:- ক ) তক্ষশীলা বিশ্ববিদ্যালয় :- প্ৰাচীন ভাৰতৰ  অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশীলা । তক্ষশীলাত যি বিশ্ববিদ্যালয়  আছিল, সি খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। আদিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে জনাজাত তক্ষশীলা খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ত আছিল কেইবাখনো চতুষ্পদীৰ সমষ্টি আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ- বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদিকে ধৰি ওঠৰ বিধ হাতেৰে তৈয়াৰ কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক `জীৱক' এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল।
    তক্ষশীলা বিশ্ববিদ্যালয়ৰ যশ- খ্যাতিৰ কথা শুনি মগধ, বেকট্ৰিয়া আদিৰ লগতে পশ্চিমৰ দেশৰ পৰাও ইয়ালৈ পঢ়িবলৈ ছাত্ৰ আহিছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল।


খ) বিক্ৰমশীলা বিশ্ববিদ্যালয়:- বিক্ৰমশীলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয ৮ ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিক্ৰমশীলা প্ৰাচীন ভাৰতৰ দুখন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল ১০৮ গৰাকী অধ্যাপকে। এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ ধকাৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন  সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিলে।


Ads


গ) নালন্দা বিশ্ববিদ্যালয়:- পৃথিৱী বিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে ভাৰতত আছিলে। এই নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয়খনৰ ব&##2494;হিৰে- ভিতৰে দহ হাজাৰ ছাত্ৰ আছিলে। এই  বিশ্ববিদ্যালয়তে আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ `ৰত্নোদধি' নামৰ ন- তলীয়া পুথিভঁৰালটো।এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈয়ে শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এশটা কোঠালিত এশটা শ্ৰেণী বহিব পৰা শিক্ষাগাৰ এটাও এই নালন্দা বিশ্ববিদ্যালয়ত আছিল।


৭) 'প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী দেৱে লিখা `প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা অামি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছো। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিলে সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল। তাহানিতে এখন, দুখন নহয় ছখনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিলে। তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা তক্ষশীলাও আছিলে। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে- বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞান বিচক্ষণ পণ্ডিত চাণক্যও ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিলে। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটোও সত্ৰ বা ছাত্ৰাবাসৰ আছিল, কৰবাত ন- তলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিলে।
   আগত দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা ন ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আবিস্কাৰ কৰিছিলে আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আবিস্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিলে মানুহৰ মজ বৃত্তিবোৰক তুলি তেওঁক জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনৰ অাজি- কালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিলে। এনেবোৰ বিষয়ে গম পোৱা গল এই পাঠটিৰ জৰিয়তে।


Ads


ভাব- বিষয়ক


১) বাক্য ৰচনা কৰা:-
ক) স্বাধীন চিন্তা খ) জ্যোতিষশাস্ত্ৰ গ) পোৰা মাটি ঘ) বাহিৰে- ভিতৰে।
উত্তৰ:-
ক) স্বাধীন চিন্তা :- বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়।

খ) জ্যোতিষশাস্ত্ৰ:- উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

গ) পোৰা মাটি :- অসমৰ ভিতৰত গৌৰীপুৰ পোৰা মাটি ভাস্কৰ্য্যৰ বাবে বিখ্যাত অঞ্চল।

ঘ) বাহিৰে- ভিতৰে:- নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে- ভিতৰে মিলি দহ হাজাৰ ছাত্ৰ আছিল।


২) তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :-
শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ।
উত্তৰ:- শিক্ষাগাৰ = শিক্ষা + আগাৰ
             বিদ্যালয় = বিদ্যা + আলয়
              পুৰুষাৰ্থ = পুৰুষ + আৰ্থ

*

Post a Comment (0)
Previous Post Next Post