বংগ বিভাজন আৰু স্বদেশী আন্দোলন
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ইতিহাস পাঠ ১
class 10 social science question answer assamese medium history
chapter 1
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন
১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰ:- লৰ্ড কাৰ্জনৰ শাসনকালত ।
২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰ:- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।
৩) বিদেশী্ পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভা ত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল ǀ
৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰ:- ভূপেন্দ্ৰ নাথ দত্ত ǀ
৫) বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৯০৬ চনৰ ১১ মাৰ্চ ǀ
৬)‘বেংগল কেমিকেলছ’নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰ:- আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় ǀ
৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয়কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰ:- ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল ǀ
৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰ:- ১৯১১ চনৰ ১২ ডিচেম্বৰত ǀ
চমু উত্তৰৰ প্ৰশ্ন
১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ǀ
উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, ছট্টগ্ৰাম আৰু ৰাজশাহী ǀ
২) বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰ:- বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্যসমূহ আছিল এনেধৰণৰ –
(i) হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্রমিক অথণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল।গতিকে বংগভংগৰ অন্তনিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া ।
(ii) লৰ্ড কাৰ্জনে বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্রদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল।
(iii) এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্রসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল।
৩) বংগবিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ǀ
উত্তৰ:- ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে ; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল ǀবংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল ǀ
৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ:- স্বদেশী আন্দোলনৰ প্ৰভাৱ বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো পৰিছিল) ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি ১০ অক্টোবৰ, ১৯০৫ত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কাৰালইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল) এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল ৷ৰবীন্দ্রনাথ ঠাকৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিাবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত ‘এন্টি-চার্কুলাৰ ছ’চাইটী’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।
বিপিনচন্দ্র পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে ছাত্র সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল) একে সময়তে সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত ‘দি ডন’ পত্রিকাই ছাত্ৰসকলক কলিকতা বিশ্ববিদ্যালয় ত্যাগ কৰি জাতীয় শিক্ষা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল) সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি কার্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কার্লাইল জাননীৰ (১৯০৫) সম্পূর্ণ বিৰুদ্ধাচৰণ কৰিছিল আৰু জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল) ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দি পিছদিনা (৬ আগষ্ট) ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে) ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়) চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল) ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মার্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠানটো গঠন হয়) ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়) একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে) খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল) পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল) জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।
৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশৰ কেনেদৰে হৈছিল ?
উত্তৰ:- স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল ǀ
সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা ,বিস্কুট ইত্যাদি ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে-
১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ
১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ
১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ
১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত ( ১ আগষ্ট,১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল ǀ
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ǀ ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা ৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ
৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্রহণ কৰিছিল?
উত্তৰ:- ব্রিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল) লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্রদান কৰিছিল) উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিছ সংসদ সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পর্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমর্থন আশা কৰিছিল) কিন্তু সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্রেছৰ শীর্ষ নেতাৰ বংগ ভংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল) বিপিনচন্দ্র পালে সকলো নেতাক ব্রিটিছপ্রদত্ত উপাধি, পদ, পদবী আদি বর্জন কৰাৰ আহ্বান জনায়) এই আহ্বানৰ প্রতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই পোনপ্রথমে নাইটহুড’ উপাধি ব্রিটিছ চৰকাৰক ঘূৰাই দিছিল।
৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা
উত্তৰ:- স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলা সকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল ǀ
ক) জাতীয় শিক্ষাৰ বিকাশ –
স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্হাৰ ওপৰত বাৰুকৈয়ে পৰিছিল ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল ǀ এই জাননীৰ বিৰোদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ǀ
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত The Dawn কাকত খনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক#2509;ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ǀ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪) আৰু কাৰ্লাইল জাননীৰ (১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল ǀ সেইবোৰ হৈছে –
• বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট,১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
• জাতীয় বিদ্যালয়,ৰংপুৰ(৮ নৱেম্বৰ,১৯০৫চন)
• জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
• বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
• Banga Technical Institute ( পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ǀ
খ) জাতীয় শিল্পৰ বিকাশ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল ǀ
সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা ,বিস্কুট ইত্যাদি ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে-
১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’
১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ
১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ
১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত ( ১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল,
আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু
জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল ǀ
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ǀ ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা ৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ
গ) স্বদেশী আন্দোলনত মহিলা সকলৰ সবল ভূমিকা-
• ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ǀপুৰুষৰ সমানে মহিলা সকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল ǀ সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী ব্ৰত , প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল ǀ
•সৰলা দেৱী চৌধাৰীণীয়ে ‘ভাৰতী’ নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আঙাবান জনাইছিল ǀ
•ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল ǀ
• স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ ত (১৯০৭ চনৰ ১১ অক্টোবৰত )প্ৰকাশ পাইছিল ǀ
৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
উত্তৰ – স্বদেশী আন্দোলনৰ তিনিটা অৱদান তলত উল্লেখ কৰা হ’ল –
i)স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল) দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ’লে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।
ii)বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্রেছৰ চিন্তা-কর্মত পৰিৱর্তনৰ সূচনা হৈছিল) একমাত্র গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’– এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।
iii) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল) স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬) পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।
চমু টোকা লিখা
(১) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ
উত্তৰ:- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি ǀ স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টি ৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে ǀ
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয় ǀ ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয় ǀযদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে..ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ǀ‘জণ-গণ-মন অধিনায়ক’ শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ ǀকবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀতাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘স্বদেশী ভাণ্ডাৰ’ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল ǀ
ৰবীন্দ্ৰ নাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয়ভূমিকা পালন কৰিছিল ǀ স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল যাৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ
(২) মার্গার্টে এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।
উত্তৰ:- ভগিনী নিবেদিতাৰ জন্ম আয়াৰলেণ্ডত হৈছিল ৷ তেওঁৰ নাম আছিল মার্গাৰেট এলিজাবেথ নবোল ৷ তেওঁ নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত স্বদেশী আন্দোলনৰ জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগাইছিল ৷ কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।
(৩) নৱাব ছলিমউল্লা
উত্তৰ:- স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল ছলিমউল্লা ǀ লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল ǀ সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুতৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল ǀ
১৯০৬ চনত ৩০ ডিচেম্বৰ ত নৱাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি ‘সৰ্বভাৰতীয় মুছলীম লীগ’ গঠন কৰিছিল ǀ ‘মুছলীম লীগ’গ ঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়,শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব ǀতেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন হব লাগিব ǀ
