ভাৰতীয় সংস্কৃতি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৭ assamese chapter 7 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

ভাৰতীয় সংস্কৃতি
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৭
assamese chapter 7
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


ভাৰতীয় সংস্কৃতি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৭ assamese chapter 7 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna


ভাব বিষয়ক

১) ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰ:-
ক্রমবৰ্দ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ । এই কাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি ।


২) ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰ:-
‘ফ্রম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়ন ৰচনা ।


৩) সর্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়াদমনখন’ৰ কি আখ্যা দিছে ?
উত্তৰ:-
  সর্বপল্লী ৰাধাকৃষ্ণনে ‘কালিয়াদমনখন’ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীক ধর্মী নৃত্যু ।


৪) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ ‘বিস্তাৰ যুগ’ বুলিব পাৰি ?
উত্তৰ:-
প্রকৃতপক্ষে বৌদ্ধ ধর্মৰ প্রচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি । কোনো কোনো পণ্ডিতৰ মতে আনকি খ্রীষ্ট্রীয় ‘ছাৰমান অন্‌ ডি মাউন্ট’ৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্রভাৱ বিয়পি আছে ।


৫) শিৱ আরু শক্তিপূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছে?
উত্তৰ:-
শিৱ আরু শক্তিমূল বিচাৰি প্রত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আরু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল । ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ । সেই সভ্যতাৰ মোহৰত ই আজিও অঙ্কিত হৈ আছে । মহেঞ্জোদাৰো আরু হৰপ্পাৰ সংস্কৃতি আৰ্যপূৰ্ব যুগৰ আরু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে ।


৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ:-
গঠনৰ সৰলতা আরু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ । ৰেখাৰ লগত ৰেখাৰ সমন্বয় – ইয়াতকৈ আরু আৱশ্যকীয় আরু একো নাথাকে । জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কারুকাৰ্য প্রদান কৰিছে আরু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে ।

৭) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটা কি কি?
উত্তৰ:-
অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

৮) গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।
উত্তৰ:-
গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।

৯) সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্হায়ী বোলা হৈছে ?
উত্তৰ:-
সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্হায়ী বোলা হৈছে।

১০) হেম বরুৱাৰ সাহিত্যচৰ্চা সম্পর্কে পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰ:-
১৯১৫ খ্রীষ্টাব্দত তেজপুৰত জন্ম গ্রহণ কৰি হেম বরুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এ আরু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম.এ. পাছ কৰি প্রথমে যোৰহাটৰ জগন্নাথ বরুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে আরু পিছত বি বরুৱা মহাবিদ্যালয়ত যোগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে । পিছত তেওঁ ৰাজনীতিত যোগদান কৰি লোকসভাৰ সদস্যরূপে কাৰ্যনিৰ্বাহ কৰে ।
    হেমবরুৱা আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া । তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্রমণ কাহিনী ৰচক, অনুবাদক, ঔপন্যাসিক আরু ৰাজনৈতিক । তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহৰ ভিতৰত ‘কালীয়দমন’, ‘মনময়ূৰী’ আদি; কবিতা পুথি, ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘ইজৰাইল’, ‘মেকং নৈ দেখিলো’, আদি; ভ্রমণ কাহিনীৰ বিশেষ উল্লেখযোগ্য কেইবাখনো ইংৰাজী গ্রন্থ হেম বরুৱাদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল । সেইসমূহৰ ভিতৰত, ‘The Red River and the Blue Hill’, ‘August Revolution in Assam’, ‘Assamese Literature’ আদি বিশেষভাৱে উল্লেখযোগ্য ।

১১) 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ । - এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ । ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা ।
উত্তৰ:-
ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আরু গভীৰ । নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে ।
    আৰ্য, অনাৰ্য্য, মংগোলীয়, দ্রাবিড়, গ্রীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ প্রবজন ঘটিছিল । ইয়াৰ উপৰি আফগান, পাঠান, মোগল, ব্রিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ প্রভাৱত ভাৰতীয় সংস্কৃতিয়ে এক বিশাল রূপ লাভ কৰিছে । ইয়াৰ মূল কাৰণ হ’ল ভাৰতৰ পাহাৰ-পর্বত, নদীসমূহ, মরুভূমি, মৌচুমী বায়ু আদি বৈচিত্রময় প্রভাৱ ।
    বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পর্কে যি প্রচলিত নিয়ম আছে, তাৰে বেছি ভাগেই দ্রাবিড়সকলৰ প্রভাৱ বুলি ক’ব পাৰি । তেনেদৰে মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদিত অনাৰ্য্য যুগৰ অৱদান । তদুপৰি, কামাখ্যা দেৱীও আগতে অনাৰ্য্য দেৱী আছিল । চুফীবাদ আরু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ’ল- ইছলাম আরু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রভাৱ । পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্রন্থত এই সম্পর্কে বিশেষ তথ্য পোৱা যায় । হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্রভাৱ পৰা দেখা যায় । ভাৰতীয় ভাস্কৰ্য্য কলাৰ কারু কাৰ্য্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিবলগীয়া । তাজমহল, ফটেহপুৰ ছিক্রি আদিৰ শিল্প কলাত ইয়াৰ উদাহৰণ পোৱা যায় । উল্লেখযোগ্য যে- ছাহজাহানৰ সমাধিৰ পদুম ফুল আরু কলহৰ চিত্র আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে ।
    তেনেদৰে অজন্তা, ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদর্শন দাঙি ধৰে । ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলীয়া সকলৰ ভক্তিধর্মৰ প্রভাৱ পৰা বুলি ক’ব পাৰি ।

১২) 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু' এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।
উত্তৰ:-
হেম বৰুৱাই ভাৰতীয় সংস্কতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা- সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমণ্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল।
         ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি।

১৩) 'সভ্যতা আৰু সংস্কৃতি ' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ:-
'সভ্যতা আৰু সংস্কৃতি' -- এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা  শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থা, সভ্যতা হ'ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ'ল -- ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থা সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি।
         সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতী বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ লৈতে হৈ জড়িত থাকে। সভ্যতাৰ কোনো সংমিলশ্ৰন নঘতে। সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যত্তিৰ ব্যত্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য।
সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপহাৰ্য। শিক্ষা ব্যবস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশৰ যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱন প্ৰতিনিধিত্ব কৰে সভ্যাগ আৰু সংস্কৃতিক এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যখ্যা দিয়া সম্ভব নহয়। সভ্যটাই সমাজ এখনৰ সু- শৃংখল কৰি সংস্কৃতি এটা গঢ়াৰ দিয়াত সহায় কৰে।

১৪) উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰ:-
ভাৰতীয় উচ্চাঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কর্য্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আরু বিচত্র । উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায় । গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰনীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ । ইয়াকেই দূৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বুলিব পাৰি ।

১৫) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ লিখা ।
উত্তৰ:-
অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান জাতি প্রজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে । অজন্তাৰ ছবিবোৰত দুটা ভাব-বস্তু প্রকাশ পাইছে । এটা হৈছে- সন্যাস জীৱন আরু আনটো হৈছে- সমূহীয়া জীৱন । দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে ।
    দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে- জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্র । এইবোৰত ফুটি উঠিছে শান্তি, গতি, প্রেম আরু যৌৱন । প্রথম শাৰীত আছে দয়া, ধ্যান আরু যৌনতা । ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে সুকীয়া সুকীয়া জগত প্রতিফলিত হৈছে । তথাপি পৃথক যদিও এই জগত দুখন পৃথকভাৱে অঙ্কিত হোৱা নাই । জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে । প্রাক্‌-মুছলিম যুগৰ জীৱন প্রাচুৰ্যৰ কথাও অজন্তাৰ চিত্রসমূহত আছে । পুরুষ, মহিলা, শিশু, বিবিধ ভঙ্গিমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে । জীৱনৰ প্রাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে । এই জীৱনৰ প্রাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈছে । ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই । শিল্পীৰ শিল্পজাত আরু বাস্তৱ জীৱনৰ মাজত এক সুন্দ্র সমন্বয় সাধিত হৈছে । ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ ।

১৬) মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰ:-
মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু হেংগীজ খঁাৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ অৱণতা নাই। আছে কেৱল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্হান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।

১৭) উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰ:-
উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ- বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি কব পাৰি।

১৮) ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰ:-
ভাৰতীয় সংস্কৃতিত পাঠটিত কোৱা হৈছে যে - `ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি'। ইয়াৰ অৰ্থ হল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি।
      ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা । ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক সকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ- মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় সকল।ইছলামীয় সকলে ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক  অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফেটেহপুৰ চিক্ৰি, ইছমৎদৌল্লাৰ অসম্পুৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল।
        ভাৰতীয় চিত্ৰ কলাটো ইছলামিক চিত্ৰ শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ  কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হল - ব্যক্তিবীদ। অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্হাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোছাৰাচেনিক ৰীতি। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিকৰ প্ৰভাৱ পৰা বুলি কব পাৰি। হিন্দু- মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যত ভাৱৰ সৃষ্টি কৰিছে। এই নৈৰাশ্যত ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কহণ পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে।
        ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গল যে - ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এবাভ নোৱাৰা বিধৰ আছিলে।

১৯) প্ৰাক- মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰ:-
প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছিল।
প্ৰাক- মুছলিম যুগৰ জীৱন প্ৰাৰ্চুযৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাৰ্চুযত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱন প্ৰাৰ্চুয একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈ পৰিছিল। ছবিবোৰৰ ভাব- ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্হাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰবণতা নাছিল, আছিল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে--অামি উৰ্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা কব পাৰো।
       ব্যক্তিবাদে সাময়িকভাৱে হলেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্হান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰ আমোলত বাহিৰৰ সুস্হ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ মিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দাপ্লুত, ৰস- চঞ্চল আকৌ আনবিধ আছিল ধীৰ, মন্থৰ প্ৰাণ।

২০) বাখ্যা কৰা।
ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
             সংগতি: লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে।
              বাখ্যা: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰবজন ঘটি আহিছে। ইয়াৰ উপৰিও কব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এচিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তা, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ- পূব এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহবান জনাই আহিছে।

খ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান- পতন, ভঙা- গঢ়াৰ সবিশেষ বুৰঞ্জী।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
                সংগতি: লিখকে বিভিন্ন উত্থান- পতন সত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।
              বাখ্যা: ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান- পতন আৰু ভঙা- গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা- গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়- পৰাজয়, ৰাজ্যৰ উত্থান- পতন, ভঙা- গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। ইয়ে হল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা- গঢ়াৰ ঐতিহ্য।

গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উত্তৰ:-
প্ৰসংগ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
           সংগতি : লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই কবলৈ কথাষাৰ উল্লেখ কৰিছে।
              ব্যাখ্যা: সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচৰ কৰে। এটাৰ উদ্দেশ্য হৈছে - কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে - সংযম আৰু আড়ম্বৰহীনতা। এটাই অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে। আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সুক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে।

ভাষা বিষয়ক

২০) সন্ধি ভাঙা-
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্রান্ত, সন্মত
উত্তৰ:-
সংস্কৃতি = সম + কৃতি ।
            সমন্বয় = সম + অন্বয় ।
             সম্বন্ধ = সম + বন্ধ ।
            ভাৰাক্রান্ত = ভাৰ + আক্রান্ত ।
             সন্মত = সম + মত ।

২১) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া-
বৈচিত্র, বিস্তৃতি, ভৌগোলিক, নৈৰাশ, ভৌগোলিক ।
উত্তৰ:-
বৈচিত্র – বিচিত্রতা ।
            বিস্তৃতি – বিস্তৃত ।
            বিপ্লৱিক – বিপ্লৱ ।
            ভৌগোলিক – ভূগোল ।
            নৈৰাশ – নিৰাশ ।
            ভৌগোলিক – ভূগোল । 

*

Post a Comment (0)
Previous Post Next Post