অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৮ assamese chapter 8 class 10 assamese science question answer assamese medium seba hslc class 10 AssamQna

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম পাঠ ৮
assamese chapter 8
class 10 assamese science question answer assamese medium
seba hslc class 10  AssamQna


অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি দশম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম পাঠ ৮ assamese chapter 8 class 10 assamese science question answer assamese medium seba hslc class 10  AssamQna


ভাব বিষয়ক


১) অতি চমু উত্তৰ লিখা।
ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?
উত্তৰ:- আহোম আৰু মুছলমান গোষ্ঠীৰ লোকসকলে ত্রয়োদশ শতিকাত অসমত প্রবেশ কৰে।


খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উত্তৰ:- প্রাচীন কালৰে পৰা হিন্দৰ তান্ত্রিক ধর্ম আৰু বৌদ্ধ ধর্ম প্রচালিত আছিল। আহোমসকলে অসমত দীর্ঘদিন ধৰি থকাৰ পাছত হিন্দধর্ম গ্রহণ কৰি নিজস্ব কৃষ্টি-সংস্কৃতি প্রায় পৰিত্যাগ কৰে। সমগ্র অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্র তথা ইন্দ্রজালিক বিদ্যা। কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল।


গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উত্তৰ:- ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কতিক বেছি কটকটীয়া কৰিলে।


ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?
উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষা এনাজৰীয়ে মেঘালয়, নগালেণ্ড আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।


ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ:- আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন, তাই খামেয়াং ইত্যাদি।


২) চমু উত্তৰ লিখা।
ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ:- ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয় জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ স্থায়ী বাসিন্দা। •


খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?
উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা ভাষা চলিছিল ।


গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন ? তেওঁলোক ক'ৰপৰা অসমলৈ আহিছিল?
উত্তৰ:- চাওতাল, কুৰ্মী, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল আছিল অসমৰ চাহ উদ্যোগৰ কৰ্মী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ প্রভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।

ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্রস্তুত কৰা।
উত্তৰ:- পৰাথা, পোলাও, কোর্মা, কোপ্তাৰ, কেক-বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি নানা মিঠাই প্রচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইডলি আদিও আছে। 


৩) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ:- অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে – অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।


৪) 'অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতি ৰক্ষা পৰিছে।'- কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
উত্তৰ:- সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিচিমি আদি জাতি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।
     ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল - সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।
      এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমানসকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ললে। এয়াই হল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যবস্থা।


৫) বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰ:- ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে।
অসমত চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগে লগে এদল বৃত্তিয়াল শ্ৰেণীৰ খাটি খোৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে। বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুর্মি, মুণ্ডা, মোছহৰ, ভূমিজ, ওৰা, তঁতী, লোহাৰ আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল আহি অসমত নিগাজীকৈ বসতি কৰিবলৈ ধৰিলেহি ।কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত-কথা গ্রহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। কিন্তু, দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা-দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলোক অনগ্রসৰ হৈয়ে ৰ'ল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খোৱাত তেওঁলোকৰ। যথেষ্ট পলম হ’ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা। কাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।


৬)'এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি- তৰ্কৰ অবকাশ নাই।' - ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। `নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই' বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।
উত্তৰ:- অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে কবলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা- সংস্কৃতিক লৈ লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু কব পাৰে। অসমলৈ পৰৱৰ্তী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা- সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান- প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি- জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।


৭) 'লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।'- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ:- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি- নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ললে। সাজপাৰ, আ- অলঙ্কাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে ললে অসমীয়া সংস্কৃতিৰ মাজত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিলে। এয়াই আছিল স্বতঃ স্ফুৰ্ত প্ৰক্ৰিয়া। আদান- প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।


৮) তাৎপর্য ব্যাখ্যা কৰা-
ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।
উত্তৰ:- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্ৰাৰে লিখা ‘অসমৰ | জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।। | ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে। অসমত বাহিৰৰ পৰা আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্রহণ কৰাৰ লগতে অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। আহোমসকলে তাই ভাষা, মুছলমান সকলে আৰবী-ফার্চী ভাষা, ব্রাহ্মণ আৰু ক্ষত্রিয়সকলে সংস্কৃত ভাষা ত্যাগ কৰি থলুৱা অসমীয়া ভাষা গ্রহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ থলুৱা জনজাতিসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগ। কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী, প্রভৃতি ভাষা বাদ দি অসমীয়া ভাষা গ্রহণ কৰিছিল। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগ প্রধান ভাষাটো আছিল অসমীয়া । গতিকে অসমীয়া ভাষাই। থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত যোগাযোগৰ একমাত্র মাধ্যম আছিল অসমীয়া ভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্রণৰ মাজেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্রীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।


খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।।
উত্তৰ:- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।
অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল। পৰৱৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে লুকটাককৈ চলা খোৱা বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে। পৰাথা, কোর্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্রচলন হ’ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, চিঙ্গৰা আদি বিভিন্ন মিঠাইৰ প্ৰচলন হ’ল। লাহে লাহে লুচি পুৰীও সোমাই পৰিল। মাদ্রাজী ডোচা-চাম্বাৰ আৰু ইডলী হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ'ল। এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্রাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান। উভয় সম্প্রদায়ৰ লোক একেলগে বহি খাব পৰা হ'ল। ভ্রাতৃত্বৰ বান্ধোন কটকটীয়া হ'ল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ’ল। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰ পৰিবতন সূচিত হল আৰু স্বতঃপ্রণোদিতভাৱে মানুহৰ মনৰ পৰা ধর্মীয় গোড়ামি আৰু সাম্প্রদায়িক ভেদভাব নোহোৱা। হ’বলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্রক্রিয়া। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ, সাংস্কৃতিক মূল্যবোধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্রদায়িক সম্প্রীতি, ঐক্য আৰু সংহতিৰ বান্ধোন কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে।


গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।
উত্তৰ:- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য -সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমীয়া। সংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে। তেনে কৰিবলৈ যাওঁতে তেওঁলোকে পুৰুষানুক্রমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত। সোমাই পৰিছে। এনেদৰে আদান-প্রদান, বিনিময় আৰু গ্রহণ-বর্জনৰ মাজেদি অসমীয়া  সংস্কৃতিয়ে বর্ণাঢ্য আৰু বৈচিত্র্যময় ৰূপ লাভ কৰিছে। অসমলৈ ব্যৱসায় সূত্রে অহা শিখ, পঞ্জাৱী, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী প্রভৃতি ভাৰতৰ অন্যান্য প্রদেশৰ পৰা অহা লোকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ বুলি ল'লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।


ভাষা বিষয়ক 


১) সন্ধি ভাঙা :
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
উত্তৰ:- সংস্কৃতি = সম + কৃতি। 
            জলাঞ্জলি = জল + অঞ্জলি। 
            স্বাধীন = স্ব + অধীন।


২) 'প্ৰ' উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰ:- প্ৰয়োগ, প্ৰগতি, প্ৰণাম।


৩) বাক্য ৰচনা কৰা :
ভাষা- সংস্কৃতি, পূজা- পাৰ্বণ, বেপাৰ- বাণিজ্য, সহজ-সৰল, দিয়া- লোৱা, এৰা- ধৰা।
উত্তৰ:- ভাষা-সংস্কৃতি : অসমত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা- সংস্কৃতি আছে।

পুজা- পাৰ্বন : হিন্দু সমাজৰ বাহ্মণসকলে পুজা- পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।

বেপাৰ- বাণিজ্য : বেপাৰ- বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।

সহজ- সৰল : সহজ- সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।

দিয়া- লোৱা : যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া- লোৱা কাৰ্য কৰা হয়।

এৰা-ধৰা : যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হলে সৰু সৰু কথা কিছুমান এৰা- ধৰা কৰিবলগীয়া হয়।

*

Post a Comment (0)
Previous Post Next Post